--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্ণ বৈষম্যৰ ভয়াৱহ গ্ৰাসৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই বিশ্ব সম্প্ৰদায়। মানৱ সমাজত প্ৰতিটো ক্ষণতে বৰ্ণ বৈষম্যৰ ধাৰণাটো প্ৰতিপালন হৈ আহিছে। এই কলংকিত আৰু চূড়ান্ত অমানৱীয় আচৰণৰ পৰা মুক্ত নহয় ক্ৰিকেট বিশ্বও। ভদ্ৰ লোকৰ খেল বুলি অভিহিত কৰা ক্ৰিকেটৰ ইতিহাসত বৰ্ণ বৈষম্যৰ লজ্জাজনক পৰিঘটনা সময়ে সময়ে পোহৰলৈ আহে। কেতিয়াবা যদি বিপক্ষৰ খেলুৱৈৰ দ্বাৰা কোনো খেলুৱৈ বৰ্ণ বৈষম্যৰ চিকাৰ হৈছে, কেতিয়াবা আকৌ ষ্টেডিয়ামৰ গেলেৰীত বহি থকা দৰ্শকৰ পৰা বৰ্ণ বৈষম্যৰ উৎপীড়নৰ বলি হৈছে কোনো ক্ৰিকেটাৰ বা সমূহীয়া এটা দল। আনকি কোনো সময়ত নিজ দলৰ খেলুৱৈৰ দ্বাৰাই এনে নিকৃষ্ট মানসিকতাৰ চিকাৰ হ’ব লগা হৈছে কোনো খেলুৱৈ। সাধাৰণতেই ক্ৰিকেটৰ ইতিহাসত এনে ঘটনাৰ সৈতে বহু সময়ত জড়িত হৈ পৰিছে অষ্ট্ৰেলিয়া।

২০২০-২১ বৰ্ষত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত এনে এক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰত। সেই ভ্ৰমণতে অষ্ট্ৰেলিয়াৰ ভূমিত ভাৰতৰ ঐতিহাসিক টেষ্ট শৃংখলা জয় দেশৰ ক্ৰিকেট ইতিহাসৰ অন্যতম গৌৰৱৰ ক্ষণ হিচাপে পৰিগণিত হৈ আহিছে। শৃংখলাৰ মাজতে নিয়মীয়া অধিনায়ক বিৰাট কোহলী স্বদেশলৈ উভতি অহাৰ পাছত ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব চম্ভালিছিল আজিংক্যা ৰাহানেই। প্ৰথম টেষ্টত পৰাজিত হোৱাৰ পাছত ৰাহানে নেতৃত্বাধীন টীম ইণ্ডিয়াই শৃংখলাটোত চমকপ্ৰদ প্ৰত্যাৱৰ্তনেৰে ২-১ ব্যৱধানত জয় সাব্যস্ত কৰিছিল।

উক্ত শৃংখলাটোৰ চিডনীত অনুষ্ঠিত তৃতীয় টেষ্টত অষ্ট্ৰেলিয়ান দৰ্শকৰ পৰা বৰ্ণ বৈষম্যৰ উৎপীড়নৰ চিকাৰ হৈছিল ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ চিৰাজ। অষ্টেলীয়ান দৰ্শকৰ এনে অৰুচিকৰ আচৰণৰ বিৰুদ্ধে টেষ্টখনৰ তৃতীয় দিনা ভাৰতে অষ্ট্ৰেলিয়ান কৰ্তৃপক্ষৰ ওচৰত অভিযোগ কৰিছিল। ইয়াৰ পাছতো চতুৰ্থদিনাও অষ্ট্ৰেলিয়ান দৰ্শকৰ এনে নিকৃষ্ট উৎপীড়ন অব্যাহত থাকে আৰু ভাৰতীয় দলটোৱে আম্পায়াৰৰ ওচৰত অভিযোগ কৰে।

এনে পৰিস্থিতিত খেলখন দহ মিনিটৰ বাবে স্থগিত ৰখা হৈছিল আৰু তাৎক্ষণিক পদক্ষেপ হিচাপে কিছু দৰ্শকক ষ্টেণ্ডৰ পৰা বাহিৰ কৰা হৈছিল।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত শেহতীয়াকৈ বিতংভাৱে প্ৰকাশ কৰিছে তদানীন্তন ভাৰতীয় অধিনায়ক ৰাহানেই। এক অনুষ্ঠানত ঘটনা সন্দৰ্ভত বাখ্যা কৰি ৰাহানেই কয়, "যেতিয়া চতুৰ্থ দিনা দৰ্শকৰ এনে আচৰণৰ পিছত চিৰাজ পুনৰ মোৰ ওচৰলৈ আহিছিল, মই আম্পায়াৰদ্বয় পল ৰিফেল আৰু পল উইলআৰক উচিত পদক্ষেপ ল'বলৈ দাবী অনুৰোধ জনাইছিলো। কোনো পদক্ষেপ গ্ৰহণ নকৰা পৰ্যন্ত আমি খেলত ভাগ নলওঁ বুলি স্পষ্ট কৰি দিছিলো।”

ৰাহানেই প্ৰকাশ কৰা অনুসৰি তেওঁৰ এই দাবীৰ পৰিৱৰ্তে আম্পায়াৰদ্বয়ে তেওঁক খেলখন কোনো কাৰণতে ৰাহানেই বন্ধ কৰিব নোৱাৰে বুলি কোৱাৰ লগতে ইচ্ছা কৰিলে ৰাহানে বাহিৰলৈ ওলাই যাব পাৰে বুলি মন্তব্য কৰে।আম্পায়াৰৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া কৰি ৰাহানেই কয় যে ভাৰতে অষ্ট্ৰেলিয়াত খেলিবলৈ আহিছে, ড্ৰেছিং ৰুমত বহিবলৈ নহয়। তেওঁ লগতে উৎপীড়ক দৰ্শকসকলক খেলপথাৰৰ পৰা বাহিৰ কৰিবলৈ বাৰম্বাৰ জোৰ দিয়ে। 

ৰাহানেই কয়, “আমাৰ সতীৰ্থ চিৰাজ যি পৰিস্থিতিৰ সন্মুখীন হৈছিল, আমি তেওঁক সমৰ্থন কৰাটো গুৰুত্বপূৰ্ণ আছিল। চিডনীত যি ঘটিছিল সেয়া সম্পূৰ্ণ ৰূপে ভুল আছিল।"

এই ঘটনাৰ পাছত ক্ৰিকেট অষ্ট্ৰেলিয়াই এক বিবৃতি যোগে কিছু ভাৰতীয় খেলুৱৈক বৰ্ণগত ভাৱে উৎপীড়ন কৰা হৈছিল বুলি নিশ্চিত কৰিছিল। বিবৃতিটোত ক্ৰিকেট অষ্ট্ৰেলিয়াই এই সমগ্ৰ ঘটনাটোৰ ওপৰত অনুসন্ধান চলাই থকা বুলি সদৰি কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement