--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফল খোৱাৰ পিছত পানী খাব নালাগে বুলি আপোনাক আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনে নিশ্চয় এবাৰলৈ হ’লেও কোৱা শুনিছে। অৱশ্যে, কেতিয়াবা বহুলোকে ফল খোৱাৰ পিছত পানী খায়। কিন্তু আপুনি জানেনে যে  কিছুমান ফল খোৱাৰ পিছত পানী খালে, হিতে বিপৰীত হোৱাৰ সম্ভাৱনা অধিক। 

বিশেষজ্ঞসকলৰ মতে, যি ফলত পানীৰ পৰিমাণ অধিক সেই ফল খোৱাৰ পাছত পানী পান কৰাটো উচিত নহয়। উদাহৰণ স্বৰূপে, তৰমুজ, তিয়ঁহ, কমলা, আনাৰস, ষ্ট্ৰবেৰী আদি ফল খোৱাৰ পাছত কেতিয়াও পানী খাব নালাগে।

ইয়াৰ কাৰণ হৈছে  পানী সমৃদ্ধ এই ফলবোৰ তৃষ্ণা নিবাৰণৰ বাবে যথেষ্ট। অৱশ্যে, এনে ফল খোৱাৰ পিছতো যদি আপোনাৰ পিয়াহ লাগে তেতিঁয়া কমেও ৩০ মিনিটৰ পিছতহে পানী খাব লাগে। চিকিৎসক আৰু ডায়েটিছিয়ানসকলে অৱশ্যে ফল আৰু পানীৰ মাজত ৪০-৫০ মিনিটৰ ব্যৱধানৰ পৰামৰ্শ দিছে।


জানো আহক ফল খাই পানী খালে শৰীৰৰ কি ক্ষতি হ’ব পাৰেঃ

(ক) পিএইচৰ মাত্ৰা হ্ৰাস:


ফল খোৱাৰ পিছত পানী পান কৰিলে খাদ্যৰ হজমত ব্যাঘাত জন্মিব পাৰে। কিয়নো যি ফলত পানী  থাকে সেই ফল খোৱাৰ পাছত পানী খালে শৰীৰত পিএইচৰ মাত্ৰা হ্ৰাস পায়। 

(খ) ডায়েৰিয়া হ'ব পাৰে:


সঠিক নিয়ম অনুসৰি খালে তিয়ঁহ বা তৰমুজে খাদ্যৰ হজম ক্ৰিয়াত সহায় কৰে। ফলস্বৰূপে, যদি কোষ্ঠকাঠিন্যৰ সমস্যা থাকে তেতিয়া এই ফলে শৌচ ত্যাগত সহায় কৰে। যদি আপুনি এই ফল খোৱাৰ পাছত পানী খায় তেতিয়া সেই প্ৰক্ৰিয়াটো অতি সক্ৰিয় হ'ব পাৰে আৰু ডায়েৰিয়াৰ সৃষ্টি কৰিব পাৰে।


(গ) পেট ফুলিব পাৰে


ফল খোৱাৰ পাছত পানী পান কৰিলে হজম নোহোৱাৰ ফলত পেট ফুলিব পাৰে।কাৰণ, ফল খোৱাৰ পাছত পানী খালে পেটত গৈ ই কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰিবলৈ লয়। ইয়াৰ ফলত গেছ বা পেট ফুলাৰ দৰে সমস্যাত ভুগিব পাৰে আপুনি।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত