--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফল খোৱাৰ পিছত পানী খাব নালাগে বুলি আপোনাক আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনে নিশ্চয় এবাৰলৈ হ’লেও কোৱা শুনিছে। অৱশ্যে, কেতিয়াবা বহুলোকে ফল খোৱাৰ পিছত পানী খায়। কিন্তু আপুনি জানেনে যে  কিছুমান ফল খোৱাৰ পিছত পানী খালে, হিতে বিপৰীত হোৱাৰ সম্ভাৱনা অধিক। 

বিশেষজ্ঞসকলৰ মতে, যি ফলত পানীৰ পৰিমাণ অধিক সেই ফল খোৱাৰ পাছত পানী পান কৰাটো উচিত নহয়। উদাহৰণ স্বৰূপে, তৰমুজ, তিয়ঁহ, কমলা, আনাৰস, ষ্ট্ৰবেৰী আদি ফল খোৱাৰ পাছত কেতিয়াও পানী খাব নালাগে।

ইয়াৰ কাৰণ হৈছে  পানী সমৃদ্ধ এই ফলবোৰ তৃষ্ণা নিবাৰণৰ বাবে যথেষ্ট। অৱশ্যে, এনে ফল খোৱাৰ পিছতো যদি আপোনাৰ পিয়াহ লাগে তেতিঁয়া কমেও ৩০ মিনিটৰ পিছতহে পানী খাব লাগে। চিকিৎসক আৰু ডায়েটিছিয়ানসকলে অৱশ্যে ফল আৰু পানীৰ মাজত ৪০-৫০ মিনিটৰ ব্যৱধানৰ পৰামৰ্শ দিছে।


জানো আহক ফল খাই পানী খালে শৰীৰৰ কি ক্ষতি হ’ব পাৰেঃ

(ক) পিএইচৰ মাত্ৰা হ্ৰাস:


ফল খোৱাৰ পিছত পানী পান কৰিলে খাদ্যৰ হজমত ব্যাঘাত জন্মিব পাৰে। কিয়নো যি ফলত পানী  থাকে সেই ফল খোৱাৰ পাছত পানী খালে শৰীৰত পিএইচৰ মাত্ৰা হ্ৰাস পায়। 

(খ) ডায়েৰিয়া হ'ব পাৰে:


সঠিক নিয়ম অনুসৰি খালে তিয়ঁহ বা তৰমুজে খাদ্যৰ হজম ক্ৰিয়াত সহায় কৰে। ফলস্বৰূপে, যদি কোষ্ঠকাঠিন্যৰ সমস্যা থাকে তেতিয়া এই ফলে শৌচ ত্যাগত সহায় কৰে। যদি আপুনি এই ফল খোৱাৰ পাছত পানী খায় তেতিয়া সেই প্ৰক্ৰিয়াটো অতি সক্ৰিয় হ'ব পাৰে আৰু ডায়েৰিয়াৰ সৃষ্টি কৰিব পাৰে।


(গ) পেট ফুলিব পাৰে


ফল খোৱাৰ পাছত পানী পান কৰিলে হজম নোহোৱাৰ ফলত পেট ফুলিব পাৰে।কাৰণ, ফল খোৱাৰ পাছত পানী খালে পেটত গৈ ই কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰিবলৈ লয়। ইয়াৰ ফলত গেছ বা পেট ফুলাৰ দৰে সমস্যাত ভুগিব পাৰে আপুনি।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ