--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোটা মগুমাহ কেইঘন্টামান সময় তিয়াই থলে কোমল হয়। এই কোমল মগুমাহ  টুকি ৰাখিলে এদিনৰ  পাছত গজালি ওলায় আৰু ইয়াকে কয় গাজী মগু বা গজালি ওলোৱা মগু(Sprouts)। গাজী মগু শৰীৰৰ বাবে অতি উত্তম। বৈদিক কালৰ পৰাই ভাৰতবৰ্ষত মগুমাহ ঔষধ আৰু খাদ্য হিচাবে ব্যৱহৃত হৈ আহিছে। প্ৰতিদিনে গাজী মগু খালে এজন ব্যক্তি নিৰোগী হৈ থাকে। গাজী মগু আঁহ, শৰ্কৰা, ভিটামিন-ই, প্ৰ’টিন আদিৰে ভৰপূৰ।  গাজী মগু খালে শৰীৰে প্ৰ’টিন লাভ কৰাৰ লগতে পুষ্টি লাভ কৰে।



গাজী মগুৰ উপকাৰিতাঃ

১) গাজী মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ উপৰিও বাৰ্ধক্য চাপৰ পৰা ৰক্ষা পৰে।

২)গাজী মগুত থকা আঁহ, শৰ্কৰা, ভিটামিন-ই, প্ৰ’টিন আদিয়ে শৰীৰৰ পুষ্টিসাধন কৰে।

৩)গাজী মগু খালে খাদ্যনলী পৰিস্কাৰ হয়।

৪)গাজী মগু খালে শৌচ খোলোচা হয়।

৫)গাজী মগু ডায়েবেটিচ ৰোগীৰ কাৰণে উপকাৰী।

৬)গাজী মগুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।



৭)গাজী মগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়।

৮)গাজী মগু খালে চুলিৰ গুৰি শক্তিশালী হয় আৰু চুলি সৰাত বাধা দিয়ে।

৯)গাজী মগু খালে আঙুলি নখবোৰ অধিক পৰিমাণে সুদৃঢ় আৰু মসৃণ হয়।

১০)গাজী মগু খালে চাল নিমজ আৰু উজ্জ্বল হয় আৰু চৰ্মৰোগ হোৱাটো ৰোধ কৰে।

১১)গাজী মগুৱে মহিলাক গৰ্ভৱতী হোৱাত সহায় কৰে।

১২)গাজী মগু খালে পুৰুষৰ শুক্ৰ উৎপাদন বৃদ্ধি হয়।

১৩)গাজীমগু খালে উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

১৪) নখৰ বাবে উপকাৰী গাজী মগু।

গতিকে অনেক উপকাৰিতাৰে ভৰপূৰ গাজী মগু খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক।




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত