--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২৮ আগষ্টত চৰকাৰে জাৰি কৰা আদেশত কোৱা হৈছে যে কেবিনেটৰ নিযুক্তি সমিতিয়ে উৰ্জিত পেটেলৰ নিযুক্তিত অনুমোদন জনাইছে। এতিয়া তেওঁ আই এম এফত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্রীয় চৰকাৰে জাৰি কৰা আদেশ অনুসৰি এই নিযুক্তি তিনিবছৰৰ বাবে৷


২৮ আগষ্টত চৰকাৰে জাৰি কৰা আদেশত কোৱা হৈছে যে কেবিনেটৰ নিযুক্তি সমিতিয়ে উৰ্জিত পেটেলৰ নিযুক্তিত অনুমোদন জনাইছে। এতিয়া তেওঁ আই এম এফত ভাৰতক প্ৰতিনিধিত্ব কৰিব।


আৰ বি আইৰ এক গুৰুত্বপূৰ্ণ কাৰ্যকাল


২০১৬ চনৰ ছেপ্টেম্বৰ মাহত ৰঘুৰাম ৰাজনৰ পিছত উৰ্জিত পেটেলে ২০১৬ চনৰ ৪ ছেপ্টেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দায়িত্ব লয় ২৪ সংখ্যক গৱৰ্ণৰ হিচাপে। কিন্তু ২০১৮ চনৰ ডিচেম্বৰ মাহত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বেই পদত্যাগ কৰে। সেই সময়ত তেওঁ ব্যক্তিগত কাৰণ উল্লেখ কৰিছিল। ১৯৯০ চনৰ পিছত কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বেই এই পদ ত্যাগ কৰা প্ৰথমজন কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰ হিচাপে পৰিগণিত হয়।


ইয়াৰ পূৰ্বেও আই এম এফৰ সৈতে জড়িত


উৰ্জিত পেটেল প্ৰথমবাৰৰ বাবে নহয় তেওঁ পূৰ্বেও আই এম এফৰ সৈতে জড়িত আছিল । ১৯৯৬-৯৭ চনত তেওঁ আই এম এফৰ পৰা ডেপুটেচনত আৰ বি আইলৈ আহিছিল আৰু সেই সময়ছোৱাত তেওঁ ঋণ বজাৰ, বেংকিং খণ্ডৰ সংস্কাৰ, পেঞ্চন ফাণ্ড সংস্কাৰ আৰু বৈদেশিক মুদ্ৰাৰ বজাৰৰ ওপৰত পৰামৰ্শ দিছিল। ইয়াৰ পিছত ১৯৯৮ চনৰ পৰা ২০০১ চনলৈ বিত্ত মন্ত্ৰালয়ৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰে।


ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত গুৰুত্বপূৰ্ণ দায়িত্ব পালন


আৰ বি আইৰ গৱৰ্ণৰৰ ওপৰিও উৰ্জিত পেটেলে বহু গুৰুত্বপূৰ্ণ পদত কাম কৰি আহিছে। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডতো বিভিন্ন ভূমিকা পালন কৰি আহিছে। এতিয়া ভাৰতৰ অৰ্থনৈতিক আৰু বিত্তীয় কৌশলৰ ক্ষেত্ৰত আই এম এফ (আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি)ত তেওঁৰ নিযুক্তি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি