--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২৮ আগষ্টত চৰকাৰে জাৰি কৰা আদেশত কোৱা হৈছে যে কেবিনেটৰ নিযুক্তি সমিতিয়ে উৰ্জিত পেটেলৰ নিযুক্তিত অনুমোদন জনাইছে। এতিয়া তেওঁ আই এম এফত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্রীয় চৰকাৰে জাৰি কৰা আদেশ অনুসৰি এই নিযুক্তি তিনিবছৰৰ বাবে৷


২৮ আগষ্টত চৰকাৰে জাৰি কৰা আদেশত কোৱা হৈছে যে কেবিনেটৰ নিযুক্তি সমিতিয়ে উৰ্জিত পেটেলৰ নিযুক্তিত অনুমোদন জনাইছে। এতিয়া তেওঁ আই এম এফত ভাৰতক প্ৰতিনিধিত্ব কৰিব।


আৰ বি আইৰ এক গুৰুত্বপূৰ্ণ কাৰ্যকাল


২০১৬ চনৰ ছেপ্টেম্বৰ মাহত ৰঘুৰাম ৰাজনৰ পিছত উৰ্জিত পেটেলে ২০১৬ চনৰ ৪ ছেপ্টেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দায়িত্ব লয় ২৪ সংখ্যক গৱৰ্ণৰ হিচাপে। কিন্তু ২০১৮ চনৰ ডিচেম্বৰ মাহত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বেই পদত্যাগ কৰে। সেই সময়ত তেওঁ ব্যক্তিগত কাৰণ উল্লেখ কৰিছিল। ১৯৯০ চনৰ পিছত কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বেই এই পদ ত্যাগ কৰা প্ৰথমজন কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰ হিচাপে পৰিগণিত হয়।


ইয়াৰ পূৰ্বেও আই এম এফৰ সৈতে জড়িত


উৰ্জিত পেটেল প্ৰথমবাৰৰ বাবে নহয় তেওঁ পূৰ্বেও আই এম এফৰ সৈতে জড়িত আছিল । ১৯৯৬-৯৭ চনত তেওঁ আই এম এফৰ পৰা ডেপুটেচনত আৰ বি আইলৈ আহিছিল আৰু সেই সময়ছোৱাত তেওঁ ঋণ বজাৰ, বেংকিং খণ্ডৰ সংস্কাৰ, পেঞ্চন ফাণ্ড সংস্কাৰ আৰু বৈদেশিক মুদ্ৰাৰ বজাৰৰ ওপৰত পৰামৰ্শ দিছিল। ইয়াৰ পিছত ১৯৯৮ চনৰ পৰা ২০০১ চনলৈ বিত্ত মন্ত্ৰালয়ৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰে।


ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত গুৰুত্বপূৰ্ণ দায়িত্ব পালন


আৰ বি আইৰ গৱৰ্ণৰৰ ওপৰিও উৰ্জিত পেটেলে বহু গুৰুত্বপূৰ্ণ পদত কাম কৰি আহিছে। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডতো বিভিন্ন ভূমিকা পালন কৰি আহিছে। এতিয়া ভাৰতৰ অৰ্থনৈতিক আৰু বিত্তীয় কৌশলৰ ক্ষেত্ৰত আই এম এফ (আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি)ত তেওঁৰ নিযুক্তি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ