--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধর্মান্তৰকৰণ আৰু অনুপ্ৰৱেশ হৈছে জনগাঁথনিগত ভাৰসাম্যহীনতাৰ মূল কাৰণ। আমি অনুপ্ৰৱেশকাৰীক কাম দিব নালাগে; মুছলমানকে ধৰি আমি আমাৰ নিজৰ লোকক কাম দিব লাগে।

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে বৃহস্পতিবাৰে কয় যে ধৰ্মান্তৰকৰণ আৰু অনুপ্ৰৱেশ হৈছে জনগাঁথনিগত ভাৰসাম্যহীনতাৰ মূল কাৰণ।


তেওঁ আৰু কয় যে চৰকাৰে অনুপ্ৰৱেশ ৰোধ কৰাৰ চেষ্টা কৰি আছে, সমাজেও নিজৰ কৰ্তব্য কৰা উচিত।


দিল্লীত আৰ এছ এছৰ শতবার্ষিকী উদযাপনৰ অনুষ্ঠানত ভাগৱতে সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত কয় যে ধর্ম হৈছে ব্যক্তিগত পচন্দৰ বিষয় আৰু এই বিষয়ত প্রলোভন বা বল প্রয়োগ হ'ব নালাগে।


তেওঁ কয়, 'ধর্মান্তৰকৰণ আৰু অনুপ্ৰৱেশ হৈছে জনগাঁথনিগত ভাৰসাম্যহীনতাৰ মূল কাৰণ। আমি অনুপ্ৰৱেশকাৰীক কাম দিব নালাগে; মুছলমানকে ধৰি আমি আমাৰ নিজৰ লোকক কাম দিব লাগে।' সংবাদমেলত ভাগৱতে প্রত্যেক ভাৰতীয় দম্পতীক তিনিটা সন্তান জন্ম দিবলৈও পৰামৰ্শ দিয়ে। তেওঁ দাবী কৰে যে বিশেষজ্ঞৰ মতে তিনিটাতকৈ সন্তান কম হ'লে বংশবিস্তাৰৰ গতি হ্রাস পায়। ইয়াৰ ফলত কোনো পৰিয়াল বা কোনো সম্প্রদায় লাহে লাহে বিলুপ্ত হৈ যায়।


ভাগৱতে কয়, 'ভাৰতৰ জনসংখ্যা নীতিত ২.১ সন্তান থকাৰ পৰামৰ্শ দিয়া হৈছে। যিটো গড় হিচাপে ঠিক আছে। কিন্তু মানুহৰ ০.১ টা সন্তান থাকিব নোৱাৰে। গণিতত ২.১ হ'লে ২ হয়, কিন্তু যেতিয়া জন্মৰ কথা আহে, দুইৰ পাছত তিনিজন হয়।' সেয়ে তেওঁ ভাৰতীয় নাৰীক তিনিটা সন্তান জন্ম দিয়াৰ 'পৰামৰ্শ' দি দাবী কৰে যে অন্য দেশতো এনে নীতিৰ প্ৰচলন আছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ