--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধর্মান্তৰকৰণ আৰু অনুপ্ৰৱেশ হৈছে জনগাঁথনিগত ভাৰসাম্যহীনতাৰ মূল কাৰণ। আমি অনুপ্ৰৱেশকাৰীক কাম দিব নালাগে; মুছলমানকে ধৰি আমি আমাৰ নিজৰ লোকক কাম দিব লাগে।

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে বৃহস্পতিবাৰে কয় যে ধৰ্মান্তৰকৰণ আৰু অনুপ্ৰৱেশ হৈছে জনগাঁথনিগত ভাৰসাম্যহীনতাৰ মূল কাৰণ।

তেওঁ আৰু কয় যে চৰকাৰে অনুপ্ৰৱেশ ৰোধ কৰাৰ চেষ্টা কৰি আছে, সমাজেও নিজৰ কৰ্তব্য কৰা উচিত।

দিল্লীত আৰ এছ এছৰ শতবার্ষিকী উদযাপনৰ অনুষ্ঠানত ভাগৱতে সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত কয় যে ধর্ম হৈছে ব্যক্তিগত পচন্দৰ বিষয় আৰু এই বিষয়ত প্রলোভন বা বল প্রয়োগ হ'ব নালাগে।

তেওঁ কয়, 'ধর্মান্তৰকৰণ আৰু অনুপ্ৰৱেশ হৈছে জনগাঁথনিগত ভাৰসাম্যহীনতাৰ মূল কাৰণ। আমি অনুপ্ৰৱেশকাৰীক কাম দিব নালাগে; মুছলমানকে ধৰি আমি আমাৰ নিজৰ লোকক কাম দিব লাগে।' সংবাদমেলত ভাগৱতে প্রত্যেক ভাৰতীয় দম্পতীক তিনিটা সন্তান জন্ম দিবলৈও পৰামৰ্শ দিয়ে। তেওঁ দাবী কৰে যে বিশেষজ্ঞৰ মতে তিনিটাতকৈ সন্তান কম হ'লে বংশবিস্তাৰৰ গতি হ্রাস পায়। ইয়াৰ ফলত কোনো পৰিয়াল বা কোনো সম্প্রদায় লাহে লাহে বিলুপ্ত হৈ যায়।

ভাগৱতে কয়, 'ভাৰতৰ জনসংখ্যা নীতিত ২.১ সন্তান থকাৰ পৰামৰ্শ দিয়া হৈছে। যিটো গড় হিচাপে ঠিক আছে। কিন্তু মানুহৰ ০.১ টা সন্তান থাকিব নোৱাৰে। গণিতত ২.১ হ'লে ২ হয়, কিন্তু যেতিয়া জন্মৰ কথা আহে, দুইৰ পাছত তিনিজন হয়।' সেয়ে তেওঁ ভাৰতীয় নাৰীক তিনিটা সন্তান জন্ম দিয়াৰ 'পৰামৰ্শ' দি দাবী কৰে যে অন্য দেশতো এনে নীতিৰ প্ৰচলন আছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ