--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামান্থা ৰুথ প্ৰভু ভাৰতীয় দক্ষিণ চলচ্চিত্ৰৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰী। শেহতীয়াকৈ সামান্থাই অভিনয় কৰা 'কাতুবাকুলা ৰেণ্ডু কাদাল' চলচ্চিত্ৰখন এতিয়া মুক্তিৰ অপেক্ষাত। চলচ্চিত্ৰখনৰ পৰিচালনা বিগনেশ শিৱানৰ।

কেইমাহমান আগতে প্ৰযোজকে কৈছিল যে, ছবিখনত ভাৰতীয় ক্ৰিকেটাৰ এছ শ্ৰীশান্তে অভিনয় কৰিছে। এতিয়া জানিবলৈ পোৱা গৈছে যে, চিনেমাখনত সামান্থা ৰুথ প্ৰভুৰ প্ৰেমিকৰ চৰিত্ৰত দেখা যাব  ক্ৰিকেটাৰজনক।

শেহতীয়াকৈ, ছবিখনৰ এটা নতুন গীত অলপতে মুক্তি দিয়া হৈছে। ভিডিঅ’টোতে শ্ৰীশান্তক সামান্থাৰ প্ৰেমিকৰ চৰিত্ৰত দেখা গৈছে। গানটোৰ ভিডিঅ'টোত সামান্থাক শ্ৰীশান্তৰ সৈতে ৰোমাণ্টিক দৃশ্যত দেখিবলৈ পোৱা গৈছে। এটা সময়ত অভিনেত্ৰীগৰাকী বিজয় সেতুপতিৰো প্ৰেমত পৰিছিল।

প্ৰকাশিত প্ৰতিবেদন অনুসৰি, সামান্থাই 'কাতুবাকুলা ৰেণ্ডু কাদাল'ত কেন্দ্ৰিয় নাৰীৰ চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখনত বিজয় সেতুপতিয়ে পুৰুষৰ মুখ্য চৰিত্ৰত আৰু নয়নতাৰাই মহিলাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

ত্ৰিকোণীয় প্ৰেমৰ গল্পৰে গঢ় লৈ উঠিছে 'কাতুবাকুলা ৰেণ্ডু কাদাল' ছবিখন। প্ৰেমৰ উপৰি আছে কমেডী চিনো। চলচ্চিত্ৰখনত বিজয়ৰ চৰিত্ৰটোৰ নাম ৰেম্বো। নয়নতাৰাৰ চৰিত্ৰৰ নাম কানমনি আৰু সামান্থাক খাতিজাৰ চৰিত্ৰত দেখিবলৈ পাব চলচ্চিত্ৰ প্ৰেমীয়ে। চলচ্চিত্ৰখন ২৮ এপ্ৰিলত মুক্তি পাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত