--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামান্থা ৰুথ প্ৰভু ভাৰতীয় দক্ষিণ চলচ্চিত্ৰৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰী। শেহতীয়াকৈ সামান্থাই অভিনয় কৰা 'কাতুবাকুলা ৰেণ্ডু কাদাল' চলচ্চিত্ৰখন এতিয়া মুক্তিৰ অপেক্ষাত। চলচ্চিত্ৰখনৰ পৰিচালনা বিগনেশ শিৱানৰ।

কেইমাহমান আগতে প্ৰযোজকে কৈছিল যে, ছবিখনত ভাৰতীয় ক্ৰিকেটাৰ এছ শ্ৰীশান্তে অভিনয় কৰিছে। এতিয়া জানিবলৈ পোৱা গৈছে যে, চিনেমাখনত সামান্থা ৰুথ প্ৰভুৰ প্ৰেমিকৰ চৰিত্ৰত দেখা যাব  ক্ৰিকেটাৰজনক।

শেহতীয়াকৈ, ছবিখনৰ এটা নতুন গীত অলপতে মুক্তি দিয়া হৈছে। ভিডিঅ’টোতে শ্ৰীশান্তক সামান্থাৰ প্ৰেমিকৰ চৰিত্ৰত দেখা গৈছে। গানটোৰ ভিডিঅ'টোত সামান্থাক শ্ৰীশান্তৰ সৈতে ৰোমাণ্টিক দৃশ্যত দেখিবলৈ পোৱা গৈছে। এটা সময়ত অভিনেত্ৰীগৰাকী বিজয় সেতুপতিৰো প্ৰেমত পৰিছিল।

প্ৰকাশিত প্ৰতিবেদন অনুসৰি, সামান্থাই 'কাতুবাকুলা ৰেণ্ডু কাদাল'ত কেন্দ্ৰিয় নাৰীৰ চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখনত বিজয় সেতুপতিয়ে পুৰুষৰ মুখ্য চৰিত্ৰত আৰু নয়নতাৰাই মহিলাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

ত্ৰিকোণীয় প্ৰেমৰ গল্পৰে গঢ় লৈ উঠিছে 'কাতুবাকুলা ৰেণ্ডু কাদাল' ছবিখন। প্ৰেমৰ উপৰি আছে কমেডী চিনো। চলচ্চিত্ৰখনত বিজয়ৰ চৰিত্ৰটোৰ নাম ৰেম্বো। নয়নতাৰাৰ চৰিত্ৰৰ নাম কানমনি আৰু সামান্থাক খাতিজাৰ চৰিত্ৰত দেখিবলৈ পাব চলচ্চিত্ৰ প্ৰেমীয়ে। চলচ্চিত্ৰখন ২৮ এপ্ৰিলত মুক্তি পাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ