--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্র গাজাত ইজৰাইলী সেনাই বুধবাৰে পুৱা আক্ৰমণ চলাই ২২টি শিশুসহ ৬০জন লোকক হত্যা কৰে। গাজাৰ স্বাস্থ্য বিষয়াসকলে প্রকাশ কৰা অনুসৰি, ইজৰাইলে চলোৱা এই বিমান আক্রমণত কমেও ৬০জন লোক নিহত হয়।

গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে গাজাৰ দক্ষিণৰ চহৰ খান ইউনুছত ইজৰাইলী আক্রমণত ১০জন লোকৰ মৃত্যু হয়। আমেৰিকাৰ মধ্যস্থতাত হামাছে ইজৰাই লী-আমেৰিকান পণবন্দীজনক মুকলি কৰি দিয়াৰ এদিনৰ পাছতেই ইজৰাইলে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে।

যুদ্ধ-বিৰতিৰ আশা নির্বাপিত কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে মঙলবাৰে কৈছিল যে গাজাত ইজৰাইলে যুদ্ধ বন্ধ ৰখাৰ কোনো সম্ভাৱনা নাই। ইজৰাইলী সেনাই এই আক্ৰমণৰ বিষয়ত মন্তব্য দিয়া নাই যদিও মঙলবাৰে নিশা জাবালিয়াৰ বাসিন্দাক ঠাইসমূহৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল।

সেই এলেকাত হামাছৰ ৰকেট লঞ্চাৰৰ আন্তঃগাঁথনিও আছিল। জাবালিয়াত ইজৰাইলৰ আক্ৰমণটো সংঘটিত হোৱাৰ পাছত খহি পৰা ভৱনবোৰৰ ধ্বংসস্তূপৰ পৰা মৃতদেহবোৰ উদ্ধাৰৰ কাৰ্যত নিয়োজিত হৈছে উদ্ধাৰকাৰীৰ দল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত