--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্র গাজাত ইজৰাইলী সেনাই বুধবাৰে পুৱা আক্ৰমণ চলাই ২২টি শিশুসহ ৬০জন লোকক হত্যা কৰে। গাজাৰ স্বাস্থ্য বিষয়াসকলে প্রকাশ কৰা অনুসৰি, ইজৰাইলে চলোৱা এই বিমান আক্রমণত কমেও ৬০জন লোক নিহত হয়।

গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে গাজাৰ দক্ষিণৰ চহৰ খান ইউনুছত ইজৰাইলী আক্রমণত ১০জন লোকৰ মৃত্যু হয়। আমেৰিকাৰ মধ্যস্থতাত হামাছে ইজৰাই লী-আমেৰিকান পণবন্দীজনক মুকলি কৰি দিয়াৰ এদিনৰ পাছতেই ইজৰাইলে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে।

যুদ্ধ-বিৰতিৰ আশা নির্বাপিত কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে মঙলবাৰে কৈছিল যে গাজাত ইজৰাইলে যুদ্ধ বন্ধ ৰখাৰ কোনো সম্ভাৱনা নাই। ইজৰাইলী সেনাই এই আক্ৰমণৰ বিষয়ত মন্তব্য দিয়া নাই যদিও মঙলবাৰে নিশা জাবালিয়াৰ বাসিন্দাক ঠাইসমূহৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল।

সেই এলেকাত হামাছৰ ৰকেট লঞ্চাৰৰ আন্তঃগাঁথনিও আছিল। জাবালিয়াত ইজৰাইলৰ আক্ৰমণটো সংঘটিত হোৱাৰ পাছত খহি পৰা ভৱনবোৰৰ ধ্বংসস্তূপৰ পৰা মৃতদেহবোৰ উদ্ধাৰৰ কাৰ্যত নিয়োজিত হৈছে উদ্ধাৰকাৰীৰ দল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ