--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এগৰাকী মহিলাই নিজৰ নাকটোক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। তেওঁ ভাবিছিল যে তেওঁৰ নাকটোৱে তেওঁৰ সৌন্দৰ্যত আঘাত হানিছে। সেয়েহে ৩০ বছৰীয়া মহিলাগৰাকীয়ে নাকটোৰ ছাৰ্জাৰী কৰাৰ সিদ্ধান্ত ল'লে। বহুত টকা খৰচ কৰি মহিলাগৰাকীয়ে ভগৱান প্ৰদত্ত নাকটোৰ ছাৰ্জাৰী কৰে। এই ছাৰ্জাৰীৰ ফলত তেওঁৰ নাকটোৰ শ্বেপ সঁচাকৈয়ে বৰ সুন্দৰ হৈ পৰিল। তেওঁৰ সৌন্দৰ্য দুগুণে চৰিল। 


নাকটোৰ বাবে মহিলাগৰাকীয়ে খৰচ কৰিলে  ১১ হাজাৰ ডলাৰ (প্ৰায় ৯ লাখ টকা)। এই ছাৰ্জাৰীয়ে তেওঁৰ নাকৰ আকৃতি সলনি কৰাই নহয়, তেওঁৰ আত্মবিশ্বাসো বহুত বৃদ্ধি কৰিলে। কিন্তু তেওঁ নিজক ধুনীয়া বুলি ভাবিবলৈ লোৱাৰ পাছতেই  লগেলগে স্বামীৰ সৈতে কৰিলে বিবাহ বিচ্ছেদ। নাকটো ঠিক হোৱাৰ পাছত তেওঁ ৭ বছৰীয়া সাংসাৰিক যাত্ৰাৰ যৱনিকা পেলোৱাৰ সিদ্ধান্ত লয়। এই ঘটনা ফিলাডেলফিয়াৰ।  মহিলাগৰাকীৰ নাম ডেভিন।

ডেভিনে কয় যে "মই এতিয়া নিজকে ধুনীয়া অনুভৱ কৰিছো আৰু ই মোক মোৰ বিবাহ বিচ্ছেদ কৰাৰ বাবে  সাহস দিলে। ছাৰ্জাৰীৰ পিছত মোৰ জীৱনত বহু পৰিৱৰ্তন হৈছে আৰু এতিয়া নতুন আৰম্ভণিৰ দিশে আগবাঢ়িম। 

ডেভিনৰ এই কাহিনীয়ে ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে। ডেভিনে লগতে কয় যে, "মই এতিয়া ৰাতিপুৱা সাৰ পালে সুখী অনুভৱ কৰোঁ। মই অনুভৱ কৰো যে এতিয়া মই মোৰ জীৱনটো সঠিকভাৱে কটাব পাৰিম।"

উল্লেখ্য যে ডেভিনৰ জীৱনটো  সহজ নাছিল। স্কুলত তেওঁ ডাঙৰ নাকটোক লৈ ঠাট্টা-মস্কৰাৰ সন্মুখীন হ’বলগীয়া হৈছিল। যাৰ ফলত তেওঁৰ আত্মসন্মানত যথেষ্ট প্ৰভাৱ পৰিছিল আৰু তেওঁ হতাশাত ভুগিছিল। ডেভিনৰ পৰিয়ালতো তেওঁৰ দৰে নাক নাছিল, যাৰ বাবে ডেভিনে আৰু অধিক বেলেগ অনুভৱ কৰিছিল। আত্মবিশ্বাস কম হোৱাৰ বাবে ডেভিনে ২৩ বছৰ বয়সত সম্পৰ্কত সোমাই পৰে, যিটো পিছলৈ তেওঁৰ বাবে কঠিন বুলি প্ৰমাণিত হয়। তেওঁ কয় যে আমি খৰখেদাকৈ বিয়া পাতিছো বুলি অনুভৱ কৰিলোঁ আৰু ইজনে সিজনক ভালদৰে চিনি পোৱাৰ সময় নাপালোঁ। যদিও স্বামীয়ে তাইৰ নাকটো ভাল পাইছিল, তথাপিও সঘনাই হোৱা কাজিয়া আৰু মতানৈক্যৰ বাবে তেওঁলোকৰ সম্পৰ্কত ফাঁট মেলিছিল। 

ডেভিনে ফিলাডেলফিয়াৰ প্ৰখ্যাত প্লাষ্টিক চাৰ্জন ডাঃ মাৰ্ক গিন্সবাৰ্গৰ পৰা ৰাইনোপ্লাষ্টি কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰায় ছয় ঘণ্টা ধৰি চলা এই অস্ত্ৰোপচাৰৰ বাবে নিজেই ধন দিছিল ডেভিনে। ডেভিনে কয়, "এই অস্ত্ৰোপচাৰে মোৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি দিলে। ইয়াৰ পাছত মই মোৰ বিবাহ আৰু জীৱনৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিলোঁ আৰু উপলব্ধি কৰিলোঁ যে এতিয়া মই বিবাহ বিচ্ছেদ কৰি জীৱনটো আগুৱাই নিব লাগে।"

তেওঁ কয় যে "আপুনি যি বিচাৰে তাকে কৰক কাৰণ সেয়া আপোনাৰ জীৱন। আমাৰ  জীৱন এবাৰেই লাভ কৰিছোঁ।" ডেভিনে বিশ্বাস কৰে যে তেওঁৰ কাহিনীয়ে আনকো তেওঁলোকৰ জীৱনত পৰিৱৰ্তন আনিবলৈ অনুপ্ৰাণিত কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ