--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰত আৰু পাকিস্তানৰ সংঘৰ্ষত তুৰস্কই পাকিস্তানক সহায় কৰাটো প্রমাণিত হোৱাৰ পাছত সকলো ভাৰতীয়ই একমুখে তুৰস্ক আৰু আজাৰবাইজানক বয়কট কৰাৰ দাবী উত্থাপন কৰিছিল। 

ভাৰতৰ শাসক-বিৰোধীৰ লগতে সাধাৰণ জনতাও তুৰস্কৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল। ইয়াৰ পাছতো শেহতীয়াকৈ তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিছেপ তায়ীপ এৰড'গানে পুনৰ পাকিস্তান-প্রীতি প্রদর্শন কৰিছে। তুৰস্কৰ ৰাষ্ট্ৰপতিজনে পাকিস্তানৰ সমৰ্থনত অটল হৈ আছে বুলি মন্তব্য কৰি কয় যে পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফ তেওঁৰ এজন 'মূল্যৱান ভাতৃ'। 

পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে 'এক্স'যোগে তুৰস্কৰ নেতাজনক পাকিস্তানৰ পক্ষে দিয়া 'শক্তিশালী সমর্থন'ৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ পাছতেই তুৰস্কৰ ৰাষ্ট্ৰপতিজনে এইদৰে মন্তব্য কৰে। শ্বেহবাজ শ্বৰীফে পাকিস্তান আৰু তুৰস্কৰ মাজত 'ভাতৃত্ববোধৰ সম্পর্ক' আছে বুলিও অভিহিত কৰিছিল। শ্বেহবাজ শ্বৰীফে কৈছিল যে তুৰস্কৰ সৈতে থকা দীর্ঘদিনীয়া সম্পৰ্কৰ বাবে তেওঁলোক গৌৰৱান্বিত। আহি থকা দিনবোৰতো দক্ষিণ এছিয়াত শান্তি অনাৰ বাবে ৰাষ্ট্ৰপতি ৰিছেপে গঠনমূলক ভূমিকা ল'ব বুলি শ্বৰীফে মন্তব্য কৰে। ইয়াৰ পাছতেই তুৰস্কৰ ৰাষ্ট্ৰপতি এৰড'গানে কয় যে দুয়োখন দেশৰ মাজত থকা সম্পৰ্কই 'প্রকৃত বন্ধুত্ব'ৰ দৃষ্টান্ত দাঙি ধৰে। পাকিস্তানৰ সৈতে তুৰস্কৰ হৃদয়ৰ সম্পৰ্ক আছে বুলি ৰাষ্ট্ৰপতি এৰড'গানে মন্তব্য কৰে। 

শেহতীয়াকৈ সমগ্র বিশ্বৰ ভাৰতীয়সকলে তুৰস্ক আৰু আজাৰবাইজানক বৰ্জন কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত তুৰস্কই ৰাজহুৱাকৈ পাকিস্তানক সমর্থন জনোৱাৰ পাছত তুৰস্কৰ বিৰুদ্ধে ভাৰতীয়সকল সৰৱ হৈ উঠে। তুৰস্কত নিৰ্মিত আছিছগার্ড ছোনগৰ মডেলৰ ড্ৰ'নসমূহো পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল বুলি ভাৰতীয় উইং কমাণ্ডাৰ ব্যোমিকা সিঙে প্রকাশ কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ভাৰতে তুৰস্ক, আজাৰবাইজানলৈ সকলো বিমানৰ উৰণ বাতিল কৰিছে। লিক্সিগ' নামৰ এটা ভাৰতীয় ট্রেভেল এজেঞ্চিয়ে তুৰস্ক, আজাৰবাইজান আৰু চীনলৈ সকলো বিমান আৰু হোটেলৰ বুকিং বাতিল কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ