ডিজিটেল ডেস্ক : অবৈধ গাঁজা সৰবৰাহৰ বিৰুদ্ধে বালাজান আৰক্ষীৰ বৃহৎ অভিযান। অভিযানত বৃহৎ পৰিমাণৰ গাঁজা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।
গোলকগঞ্জৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা অৱস্থাত বালাজান ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বজাৰ চাৰিআলিত অভিযান চলাই জব্দ কৰে প্ৰায় ৬ কেজি গাঁজা আৰু আটক কৰে এটা গাঁজা সৰবৰাহকাৰী।
সৰবৰাহকাৰীটো ফকিৰগঞ্জ থানা এলাকাৰ কুতুবউদ্দিন আলী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।
কুতুবউদ্দিনে পশ্চিমবংগৰ পৰা ফকীৰগঞ্জ লৈ সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল গাঁজাখিনি।
বৰ্তমান যুৱকজনক আটক কৰি অধিক তথ্যৰ বাবে সোধাপোচা অব্যাহত ৰাখিছে বালাজান আৰক্ষীয়ে।