--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমাৰ ৰাজ্যখনৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ৰাজ্যিক গছ ৰূপে স্বীকৃতিপ্রাপ্ত হোলোং গছকে ধৰি বহু অপৈণত গছ কাটি আনি লিডুৰ টিৰাপ কলিয়ৰী আৰু বিছাগাঁও সংযোগী নির্মীয়মাণ অৱস্থাত থকা দলংখনত ঠেকা ৰূপে ব্যৱহাৰ কৰি আহিছে ঠিকাদাৰজনে।

ডিজিটেল ডেস্ক : সম্পূৰ্ণ বন আইন উলংঘাৰে লিডুত এখন দলং নিৰ্মাণৰ কাৰ্য চলাই আছে শাসকীয় দলৰ আশীৰ্বাদপুষ্ট শদিয়াৰ সুনীল সাহা নামৰ ঠিকাদাৰজনে। এই ঘটনাটো সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ লেখাপানী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বিছা গাঁৱত।


তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডুৰ বিছা গাঁৱেৰে বৈ যোৱা টিৰাপ নৈৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে এই দলংখন। লিডুৰ টিৰাপ কলিয়ৰী আৰু বিছাগাঁও সংযোগী নির্মীয়মাণ অৱস্থাত থকা দলংখনৰ যোগানৰ নামত শাসকীয় দলৰ আশীৰ্বাদপুষ্ট তথা বন বিভাগৰ পৰাও ৰক্ষণাবেক্ষণ লাভ কৰা এইজন ঠিকাদাৰ ৰূপী সুনীল সাহাই কাকো ভ্রূক্ষেপ নকৰি সকলো আইনী নীতি-নির্দেশনা ভংগৰে ঠিকা সম্পাদনৰ নামত চোৰাং কাঠ আৰু শ শ অপৈণত গছ ব্যৱহাৰ কৰি আহিছে।


আমাৰ ৰাজ্যখনৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ৰাজ্যিক গছ ৰূপে স্বীকৃতিপ্রাপ্ত হোলোং গছকে ধৰি বহু অপৈণত গছ কাটি আনি লিডুৰ টিৰাপ কলিয়ৰী আৰু বিছাগাঁও সংযোগী নির্মীয়মাণ অৱস্থাত থকা দলংখনত ঠেকা ৰূপে ব্যৱহাৰ কৰি আহিছে ঠিকাদাৰজনে। দুটামান স্থানীয় দল-সংগঠনে ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবীত প্রতিবাদো সাব্যস্ত কৰিছিল। নির্মীয়মাণ অৱস্থাত থকা দলংখনত অবৈধভাৱে ব্যৱহাৰ কৰি অহা কাঠ, অপৈণত গছৰ ঠেকাসমূহ বন বিভাগেও জব্দ কৰা বুলি কৈছিল যদিও ৰহস্যজনকভাৱে বন বিভাগে সেইখিনি দলং নির্মাণস্থলীতে এৰি আহিছিল। আৰু সেইসমূহ কাঠ, অপৈণত গছৰ ঠেকাৰেই আজিও অব্যাহত আছে দলং নিৰ্মাণৰ কাম। মুঠতে পৰৱৰ্তী পৰ্যায়ত ইয়াৰ বিৰুদ্ধে কি সংগঠন, কি বন বিভাগ কাৰোৰেই পদক্ষেপ বা কাৰ্যাৱলীত দৃঢ়তা আৰু কোনো আন্তৰিকতা দৃষ্টিগোচৰ হোৱা নাই। পৰিণতিত শদিয়াৰ সুনীল সাহাই লিডুৰ টিৰাপ কলিয়ৰী আৰু বিছাগাঁও সংযোগী নির্মীয়মাণ অৱস্থাত থকা দলংখনৰ বাবে চোৰাংকৈ সংগ্ৰহ কৰা সেইখিনি কাঠ আৰু অপৈণত গছকে বর্তমানেও সকলোৰে সন্মুখতে ঠেকা ৰূপে ব্যৱহাৰ কৰি আহিছে।


নির্মীয়মাণ অৱস্থাত থকা দলংখনত অসমৰ ৰাজ্যিক গছ হোলোংকে ধৰি ৪৬১ জোপা বহু মূল্যৱান অপৈণত গছৰ কাঠ বৰ্তমানেও দৃষ্টিগোচৰ হৈ আহিছে। দুর্নীতিৰ ক্ষেত্রত শূন্য সহনশীলতাৰ শ্ল'গান আওৰাই থকা বিজেপি শাসনাধীন চৰকাৰখনে ৰাজ্যখন সেউজী বা বনানিকৰণৰ নামত প্রত্যেক বছৰে কোটি কোটি টকা ব্যয় কৰি আহিছে। অথচ ইয়াৰ বিপৰীতে বনাঞ্চলত ধ্বংসযজ্ঞ চলাই এইদৰে দলং নিৰ্মাণৰ নামত চোৰাংকৈ কাটি অনা ৰাজ্যিক গছ হোলোংকে ধৰি বহু মূল্যৱান শ শ অপৈণত গছৰ ঠেকা লগাবলৈ ঠিকাদাৰগৰাকীক কোনে সহযোগিতা যোগাই আহিছে আজিৰ তাৰিখত সেয়াও এক চিন্তনীয় বিষয় হৈ পৰিছে প্রত্যক্ষদর্শীৰ বাবে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ