--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চাহ উদ্যোগৰ সৈতে জড়িত সংস্থাকেইটাই কয় যে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰত কেঁচা চাহপাতৰ ক্ষেত্ৰত ন্যায্য আৰু পাৰিশ্ৰমিক মূল্য (এফ আৰ পি) প্ৰৱৰ্তন কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ দিবলৈ আহ্বান জনায়।

ডিজিটেল ডেস্ক : ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিয়াৰ অনুৰোধ জনাই দেশৰ প্ৰধানমন্ত্ৰীক স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও ক্ষুদ্র চাহ খেতিয়ক সন্থাই। নর্থ-ইষ্ট কনফেডাৰেশ্যন ফৰ স্মল টী গ্ৰ'ৱাৰ্ছৰ সভাপতি দিগন্ত ফুকন, সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক পৰিষদৰ সভাপতি নাৰায়ণ লাহন, সদৌ নগালেণ্ড ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি এন পল কিকন, সদৌ ত্ৰিপুৰা ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি ৰাচিক দেৱবার্মা, সদৌ অৰুণাচল প্রদেশ ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ সভাপতি টাডাক গেব আৰু মেঘালয় ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি থমাছ মালায়ে যুটীয়া স্মাৰক-পত্ৰযোগে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা শীঘ্ৰে সমাধানৰ দাবী উত্থাপন কৰিছে।


এক বিবৃতিযোগে চাহ উদ্যোগৰ সৈতে জড়িত সংস্থাকেইটাই কয় যে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰত কেঁচা চাহপাতৰ ক্ষেত্ৰত ন্যায্য আৰু পাৰিশ্ৰমিক মূল্য (এফ আৰ পি) প্ৰৱৰ্তন কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ দিবলৈ আহ্বান জনায়। বৰ্তমান চৰকাৰৰ দ্বাৰা মুঠ ২২ বিধ কৃষিজাত শস্যৰ ক্ষেত্ৰত ন্যূনতম সমর্থন মূল্য প্রযোজ্য হৈ থকাত বজাৰ মূল্যৰ সঘন তাৰতম্য ঘটিলেও কৃষকসকল বেছিকৈ ক্ষতিগ্রস্ত নহয়। আন এক চৰকাৰী পদক্ষেপ হৈছে কুঁহিয়াৰ খেতিৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰা ন্যায্য আৰু পাৰিশ্ৰমিক মূল্য, যাৰ বাবে কুঁহিয়াৰ উৎপাদকসকল লাভান্বিত হৈ আছে। চাহ খণ্ড হৈছে আধা কৃষি আৰু আধা উদ্যোগ। ক্ষুদ্র চাহ খেতিয়কসকলে নিজৰ নিজৰ ক্ষুদ্ৰ চাহ বাগিচাসমূহত কেঁচাপাত উৎপাদন কৰে আৰু সেই কেঁচাপাত চাহ কাৰখানাসমূহলৈ প্ৰেৰণ কৰে। গতিকে ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিয়াৰ উদ্দেশ্যে ক্ষুদ্র চাহ খেতিয়কসকলৰ দ্বাৰা উৎপাদিত কেঁচা চাহপাতৰ ক্ষেত্ৰত ন্যায্য আৰু পাৰিশ্ৰমিক মূল্য প্ৰৱৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰক।


উল্লেখযোগ্য যে বর্তমান ভাৰতীয় চাহ ব'ৰ্ডৰ দ্বাৰা জিলাভিত্তিক নিৰ্ধাৰণ কৰি থোৱা এভাৰেজ গ্রীন লিফ প্রাইচ মাহে মাহে সালসলনি হৈ থাকে। এই ব্যৱস্থাই ক্ষুদ্র চাহ খেতিয়কসকল আৰু চাহ উৎপাদনকাৰীসকলৰ মাজত এক সংঘাত তথা ব্যৱধানৰ পৰিৱেশহে অনা বুলি স্মাৰক-পত্ৰত উল্লেখ কৰি স্মাৰক-পত্ৰত দেশৰ কৃষি বিভাগক ক্ষুদ্র চাহ খেতিয়কসকলক ৰেহাই মূল্যত উন্নত মানৰ সা-সঁজুলি যোগান ধৰাৰ বাবে পদক্ষেপ গ্রহণ কৰাৰো দাবী উত্থাপন কৰে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ