--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি অধিকাংশ লোকৰে গেছৰ সমস্যা আছে। যাৰ গেছৰ সমস্যা নাই তেওঁ সঁচাকৈয়ে ভাগ্যৱান। পেটত অত্যাধিক গেছ হোৱাৰ ফলত পেট ফুলি অহাৰ লগতে যি বেদনাদায়ক বিষ অনুভৱ হয় সেয়া কেৱল ভুক্তভোগীয়েহে বুজি পায়। ফুলা সমস্যা, হৰমনৰ ভাৰসাম্যহীনতা, বাহি খাদ্য গ্ৰহণ, কোষ্ঠকাঠিন্য, ভোক নলগা, একে ঠাইতে কেইবা ঘণ্টা ধৰি বহি থকা আৰু ঋতুস্ৰাৱজনিত সমস্যাৰ বাবেও পেট ফুলি গেছৰ সমস্যা হয়।  কিন্তু কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি এইবোৰ সমস্যা দূৰ কৰিব পাৰি।

কি কি উপায় জানো আহক-

১)ৰাতিপুৱা গৰম পানী সেৱন কৰাঃ নিয়মীয়াকৈ গেছৰ সমস্যাত ভুগি থকা সকলে ৰাতিপুৱা গৰম কুহুমীয়া পানী খোৱা অভ্যাস কৰাটো উচিত। গৰম পানী সেৱন কৰাৰ ফলত পেট পৰিষ্কাৰ হোৱাৰ লগতেই শৰীৰৰ পৰা অতি সহজে গেছ ওলাই যোৱাত সহায় কৰে। 

২) খোৱাৰ সময়ত কথা নাপাতিবঃ খাই থাকোতে কথা নাপাতিব। এনে অভ্যাসে গেছৰ সমস্যা বৃদ্ধি কৰে।

৩) পেটত গেছ তৈয়াৰ কৰা বস্তু নাখাবঃ পেটত গেছ তৈয়াৰ কৰা বস্তু যেনে ব্ৰকলি আৰু বীন আদি গ্ৰহণ নকৰিব। বহুলোকে দুগ্ধজাত সামগ্ৰী গ্ৰহণ কৰি গেছৰ সমস্যাৰ সন্মুখীন হয়, সেয়েহে এই বস্তুবোৰৰ পৰা আঁতৰি থাকক। ভজা খাদ্য আৰু মিঠাই খোৱা পৰিহাৰ কৰিব, কিয়নো এই বস্তুবোৰে পাচন তন্ত্ৰত অত্যাধিক গেছ সৃষ্টি কৰিব পাৰে।  কেঁচা বুট, মাহজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থকাই উচিত।
  
৪)আজৱাইন বা জিৰা গুড়ি খাবঃ গেছৰ সমস্যাত ভুগি থকা লোকসকলে গৰম পানী খাবলৈ অসুবিধা পালে, ১চামুচ আজৱাইন বা জিৰা গুড়ি অলপ পানীত গৰম কৰি লৈ ভালদৰে উতলোৱাৰ পাছত পানীখিনি ঠাণ্ডা কৰি এটা পৃথক পাত্রত ৰাখক। তাৰপিছত সেই পানী ২বাৰকৈ খাব পাৰে।

৫) চৰ্বিযুক্ত খাদ্য নাখাবঃ তেলেতীয়া, চৰ্বিযুক্ত খাদ্যই পেটৰ হজম শক্তি দুৰ্বল কৰি পেলায়। কেৱল সেয়াই নহয়, এই খাদ্যসমূহ গ্ৰহণ কৰিলে পেটত গেছৰ সৃষ্টি হৈ বিষো হ'ব পাৰে। যদি কোনো লোকৰ হজমৰ সমস্যা বা পাকস্থলীত সমস্যা হৈ আছে, তেনেহ'লে  এনে খাদ্য বস্তু সেৱন কৰা বন্ধ কৰাই উচিত। 

৬)অধিক মাত্ৰাত নিমখ সেৱনঃ অত্যাধিক মাত্ৰাত নিমখ সেৱনে শৰীৰত থকা তৰল প্ৰতিহত কৰে। ইয়াৰ ফলত পাকস্থলী ফুলি যায়। গতিকে খাদ্যত নিমখ কমাই খোৱাৰ লগতে স্বাস্থ্যকৰ খাদ্য খাবলৈ চেষ্টা কৰক। 

৭) শীতল পানীয়ঃ বহুলোকৰ এটি ভুল ধাৰণা আছে যে কাৰ্বনেটেডযুক্ত পানীয় অৰ্থাৎ শীতল পানীয় গ্ৰহণ কৰিলে পাকস্থলীত উৎপন্ন হোলা গেছৰ মাত্ৰা হ্ৰাস কৰিব পাৰি, কিন্তু এইটো সঁচা নহয়, দৰাচলতে ই একেবাৰে বিপৰীত। কাৰ্বনেটেড পানীয়ত উচ্চ পৰিমাণৰ গেছীয় উপাদান থাকে যাক কাৰ্বন ডাই অক্সাইড বুলি কোৱা হয়। যেতিয়া গেছত ভুগি থকা কোনো ব্যক্তিয়ে এই পানীয়বোৰ খায় তেন্তে ই পাচন তন্ত্ৰত আৱদ্ধ হৈ পৰে, যি গেছৰ সমস্যা অধিক বৃদ্ধিহে কৰে।

৮) ঘেঁহুঃ যদি কোনো ব্যক্তিয়ে ঘেঁহুৰে তৈয়াৰ কৰা ৰুটি, খাদ্যশস্য, বিস্কুট আৰু পাস্তা আদি গ্ৰহণ কৰাৰ ফলত গেছৰ সমস্যাত ভুগি আহিছে, তেন্তে সেইসমূহ পৰিহাৰ কৰি তাৰ সলনি গ্লুটেন-মুক্ত খাদ্য গ্ৰহণ কৰাটো উচিত। 

৯) চফ আৰু গুৰঃ খাদ্য খোৱাৰ পাছত কম পৰিমাণে চফ বা গুৰ খালে খাদ্য হজম হোৱাত সহায় হয়। গেছ আৰু এচিডিটিৰ সমস্যাৰ উপশম হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ