--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি অধিকাংশ লোকৰে গেছৰ সমস্যা আছে। যাৰ গেছৰ সমস্যা নাই তেওঁ সঁচাকৈয়ে ভাগ্যৱান। পেটত অত্যাধিক গেছ হোৱাৰ ফলত পেট ফুলি অহাৰ লগতে যি বেদনাদায়ক বিষ অনুভৱ হয় সেয়া কেৱল ভুক্তভোগীয়েহে বুজি পায়। ফুলা সমস্যা, হৰমনৰ ভাৰসাম্যহীনতা, বাহি খাদ্য গ্ৰহণ, কোষ্ঠকাঠিন্য, ভোক নলগা, একে ঠাইতে কেইবা ঘণ্টা ধৰি বহি থকা আৰু ঋতুস্ৰাৱজনিত সমস্যাৰ বাবেও পেট ফুলি গেছৰ সমস্যা হয়।  কিন্তু কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি এইবোৰ সমস্যা দূৰ কৰিব পাৰি।

কি কি উপায় জানো আহক-

১)ৰাতিপুৱা গৰম পানী সেৱন কৰাঃ নিয়মীয়াকৈ গেছৰ সমস্যাত ভুগি থকা সকলে ৰাতিপুৱা গৰম কুহুমীয়া পানী খোৱা অভ্যাস কৰাটো উচিত। গৰম পানী সেৱন কৰাৰ ফলত পেট পৰিষ্কাৰ হোৱাৰ লগতেই শৰীৰৰ পৰা অতি সহজে গেছ ওলাই যোৱাত সহায় কৰে। 

২) খোৱাৰ সময়ত কথা নাপাতিবঃ খাই থাকোতে কথা নাপাতিব। এনে অভ্যাসে গেছৰ সমস্যা বৃদ্ধি কৰে।

৩) পেটত গেছ তৈয়াৰ কৰা বস্তু নাখাবঃ পেটত গেছ তৈয়াৰ কৰা বস্তু যেনে ব্ৰকলি আৰু বীন আদি গ্ৰহণ নকৰিব। বহুলোকে দুগ্ধজাত সামগ্ৰী গ্ৰহণ কৰি গেছৰ সমস্যাৰ সন্মুখীন হয়, সেয়েহে এই বস্তুবোৰৰ পৰা আঁতৰি থাকক। ভজা খাদ্য আৰু মিঠাই খোৱা পৰিহাৰ কৰিব, কিয়নো এই বস্তুবোৰে পাচন তন্ত্ৰত অত্যাধিক গেছ সৃষ্টি কৰিব পাৰে।  কেঁচা বুট, মাহজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থকাই উচিত।
  
৪)আজৱাইন বা জিৰা গুড়ি খাবঃ গেছৰ সমস্যাত ভুগি থকা লোকসকলে গৰম পানী খাবলৈ অসুবিধা পালে, ১চামুচ আজৱাইন বা জিৰা গুড়ি অলপ পানীত গৰম কৰি লৈ ভালদৰে উতলোৱাৰ পাছত পানীখিনি ঠাণ্ডা কৰি এটা পৃথক পাত্রত ৰাখক। তাৰপিছত সেই পানী ২বাৰকৈ খাব পাৰে।

৫) চৰ্বিযুক্ত খাদ্য নাখাবঃ তেলেতীয়া, চৰ্বিযুক্ত খাদ্যই পেটৰ হজম শক্তি দুৰ্বল কৰি পেলায়। কেৱল সেয়াই নহয়, এই খাদ্যসমূহ গ্ৰহণ কৰিলে পেটত গেছৰ সৃষ্টি হৈ বিষো হ'ব পাৰে। যদি কোনো লোকৰ হজমৰ সমস্যা বা পাকস্থলীত সমস্যা হৈ আছে, তেনেহ'লে  এনে খাদ্য বস্তু সেৱন কৰা বন্ধ কৰাই উচিত। 

৬)অধিক মাত্ৰাত নিমখ সেৱনঃ অত্যাধিক মাত্ৰাত নিমখ সেৱনে শৰীৰত থকা তৰল প্ৰতিহত কৰে। ইয়াৰ ফলত পাকস্থলী ফুলি যায়। গতিকে খাদ্যত নিমখ কমাই খোৱাৰ লগতে স্বাস্থ্যকৰ খাদ্য খাবলৈ চেষ্টা কৰক। 

৭) শীতল পানীয়ঃ বহুলোকৰ এটি ভুল ধাৰণা আছে যে কাৰ্বনেটেডযুক্ত পানীয় অৰ্থাৎ শীতল পানীয় গ্ৰহণ কৰিলে পাকস্থলীত উৎপন্ন হোলা গেছৰ মাত্ৰা হ্ৰাস কৰিব পাৰি, কিন্তু এইটো সঁচা নহয়, দৰাচলতে ই একেবাৰে বিপৰীত। কাৰ্বনেটেড পানীয়ত উচ্চ পৰিমাণৰ গেছীয় উপাদান থাকে যাক কাৰ্বন ডাই অক্সাইড বুলি কোৱা হয়। যেতিয়া গেছত ভুগি থকা কোনো ব্যক্তিয়ে এই পানীয়বোৰ খায় তেন্তে ই পাচন তন্ত্ৰত আৱদ্ধ হৈ পৰে, যি গেছৰ সমস্যা অধিক বৃদ্ধিহে কৰে।

৮) ঘেঁহুঃ যদি কোনো ব্যক্তিয়ে ঘেঁহুৰে তৈয়াৰ কৰা ৰুটি, খাদ্যশস্য, বিস্কুট আৰু পাস্তা আদি গ্ৰহণ কৰাৰ ফলত গেছৰ সমস্যাত ভুগি আহিছে, তেন্তে সেইসমূহ পৰিহাৰ কৰি তাৰ সলনি গ্লুটেন-মুক্ত খাদ্য গ্ৰহণ কৰাটো উচিত। 

৯) চফ আৰু গুৰঃ খাদ্য খোৱাৰ পাছত কম পৰিমাণে চফ বা গুৰ খালে খাদ্য হজম হোৱাত সহায় হয়। গেছ আৰু এচিডিটিৰ সমস্যাৰ উপশম হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন