--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত খৰিচা অতি জনপ্ৰিয় খাদ্য। ভাতৰ কাঁহীৰ কাষত অলপমান খৰিচা লৈয়ে মুখৰ জুতি বঢ়াব পাৰি। খৰিচা হৈছে বাঁহ গাজৰ(Bamboo Shoot) পৰা তৈয়াৰ কৰা খাদ্য। এছিয়া মহাদেশৰ বিভিন্ন দেশৰ খাদ্যাভ্যাসত খৰিচাৰ ব্যৱহাৰ হয়। অসম তথা উত্তৰ-পূব ভাৰতৰ ভৈয়ামৰ জাতি-জনজাতিৰ দৰে পাহাৰীয়া জন-জনজাতিৰো এয়া উপাদেয় খাদ্য। অসমীয়া সমাজত বাঁহৰ গুৰুত্বপূৰ্ণ ভুমিকা আছে। সেয়েহে বাঁহক লৈ বহুতো ফকৰা যোজনাও আমাৰ সমাজত প্ৰচলিত আছে। যেনে- ‘‘বাৰীৰ শুৱনি বাঁহ, ভোজনৰ শুৱনি হাঁহ।'' সঁচাকৈয়ে বাৰীত বাঁহ থকা গৃহস্থৰ ঘৰৰ সৌন্দৰ্যই সুকীয়া। বাঁহৰ বিভিন্ন অংশ দৈনন্দিন কাম-কাজত ব্যৱহাৰ কৰাৰ উপৰি বাঁহৰ গজালিক খাদ্য হিচাপেও জাতি-জনজাতি লোকসকলে ব্যৱহাৰ কৰা দেখা যায়।

প্রবাদ-প্রবচনত পোৱা যায়। এইদৰে— ''তোমাৰ বাৰীৰ বাঁহগাজ,তাৰে কৰিছো খৰিচা,তাকে সলাই লৈ ধানদোণ লওঁ,কথাটো মন কৰিছা!'' আৰু এষাৰি শুনিবলৈ পোৱা যায়-''যাৰ নাই বাঁহ, তাৰ নাই সাহ।''
জীৱন সমৃদ্ধ কৰিবলৈ আমাৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ উপৰি বাঁহৰ গজালি খাদ্য হিচাপে সর্বজনবিদিত।  খৰিচাই দেশী তথা বিদেশী বজাৰতো নিজৰ অস্তিত্ব অক্ষুন্ন ৰাখিবলৈ সমর্থ হৈছে। খৰিচাৰ সোৱাদ জ্বলা-টেঙেচীয়া হৈ বৰ জুতিলগা হয়। খৰিচাৰ সৈতে ৰন্ধা মাংসৰ সোৱাদো অতুলনীয়।

দাইল, শাক, মাছ, মাংস, কণী ইত্যাদিৰ লগত খৰিচা দি জুতিদায়ক খাদ্য প্ৰস্তুত কৰা হয়। খৰিচাৰে আচাৰো প্ৰস্তুত কৰা হয়।সুন্দৰকৈ  ফুৰফুৰীয়া বা মলমলীয়া  টেঙা  গোন্ধৰ খৰিচা খাবলৈ লোভনীয়  হৈ  পৰে। নিমখ,জলকীয়া,কেঁচা পিঁয়াজ মিহিকৈ কাটি কেঁচা মিঠাতেল সানি খাবলৈ  বৰ খৰিচা খাবলৈ বৰ ভাল লাগে। শাওণ-ভাদ মাহত পৰিশ্রমী মানুহক বাঁহগাজে সঞ্জীৱনী শক্তি প্রদান কৰে বুলি কোৱা হয়। 


খৰিচা বা বাঁহগাজৰ ঔষধি গুণ

১)বাঁহগাজত যথেষ্ট ঔষধি গুণ থাকে, বিশেষকৈ ই অতি পুষ্টিদায়ক আৰু বৰ ৰুচিকাৰক বুলি কোৱা হয়।

২)বাঁহগাজ কম আহঁযুক্ত আৰু কম চৰ্বিযুক্ত হোৱা বাবে শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ 

৩)ই মানুহৰ কোষ্ঠকাঠিন্য দূৰ কৰিব পাৰে।

৪)পাকস্থলীৰ স্বাস্থ্য ভালে ৰাখে।

৫)আঘাত আৰু ঘাঁ পৰিষ্কাৰ কৰিবলৈ বাঁহৰ গাজব্যৱহাৰ কৰা হয়।

৬)আলচাৰৰ চিকিৎসাত সহায় কৰে।

৭)কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

৮)ই মানুহৰ হজম শক্তি বঢ়ায়।

৯)উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰে।

১০)কলেষ্ট'ৰেলৰ পৰিমাণ কমাই ৰাখিব পাৰে।

১১)বাঁহগাজত চিলিচিক এচিড থাকে বাবে ইয়াক বিষনাশক ঔষধ হিচাপেও ব্যৱহাৰ কৰা দেখা যায়।

১২)বসন্ত ওলালে শুকনি হিচাপে মাগুৰ মাছৰ লগত শুকান খৰিচা দি ভাজি মান সহকাৰে বসন্ত ৰোগীজনক শুকনি দিয়াৰ পৰম্পৰা অসমীয়া সমাজত প্ৰচলিত আছে।

১৩)কদো, বৰলে কামুৰিলে খৰিচা পানী সানি দিলে উখহি নাযায় আৰু বিষো কম হয়।

১৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

১৫)হিমোগ্লোবিনৰ স্তৰ বজাই ৰাখে।

আমাৰ এনে খাদ্যই আমাৰ দেহ-মন সুস্থ কৰি ৰখাৰ লগতে খোৱাৰ ৰুচি বঢ়ায়। গতিকে আহক ঔষধিগুণযুক্ত খৰিচা খাই নিজক স্বাস্থ্যৱান কৰি ৰাখো। 


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী