--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত খৰিচা অতি জনপ্ৰিয় খাদ্য। ভাতৰ কাঁহীৰ কাষত অলপমান খৰিচা লৈয়ে মুখৰ জুতি বঢ়াব পাৰি। খৰিচা হৈছে বাঁহ গাজৰ(Bamboo Shoot) পৰা তৈয়াৰ কৰা খাদ্য। এছিয়া মহাদেশৰ বিভিন্ন দেশৰ খাদ্যাভ্যাসত খৰিচাৰ ব্যৱহাৰ হয়। অসম তথা উত্তৰ-পূব ভাৰতৰ ভৈয়ামৰ জাতি-জনজাতিৰ দৰে পাহাৰীয়া জন-জনজাতিৰো এয়া উপাদেয় খাদ্য। অসমীয়া সমাজত বাঁহৰ গুৰুত্বপূৰ্ণ ভুমিকা আছে। সেয়েহে বাঁহক লৈ বহুতো ফকৰা যোজনাও আমাৰ সমাজত প্ৰচলিত আছে। যেনে- ‘‘বাৰীৰ শুৱনি বাঁহ, ভোজনৰ শুৱনি হাঁহ।'' সঁচাকৈয়ে বাৰীত বাঁহ থকা গৃহস্থৰ ঘৰৰ সৌন্দৰ্যই সুকীয়া। বাঁহৰ বিভিন্ন অংশ দৈনন্দিন কাম-কাজত ব্যৱহাৰ কৰাৰ উপৰি বাঁহৰ গজালিক খাদ্য হিচাপেও জাতি-জনজাতি লোকসকলে ব্যৱহাৰ কৰা দেখা যায়।

প্রবাদ-প্রবচনত পোৱা যায়। এইদৰে— ''তোমাৰ বাৰীৰ বাঁহগাজ,তাৰে কৰিছো খৰিচা,তাকে সলাই লৈ ধানদোণ লওঁ,কথাটো মন কৰিছা!'' আৰু এষাৰি শুনিবলৈ পোৱা যায়-''যাৰ নাই বাঁহ, তাৰ নাই সাহ।''
জীৱন সমৃদ্ধ কৰিবলৈ আমাৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ উপৰি বাঁহৰ গজালি খাদ্য হিচাপে সর্বজনবিদিত।  খৰিচাই দেশী তথা বিদেশী বজাৰতো নিজৰ অস্তিত্ব অক্ষুন্ন ৰাখিবলৈ সমর্থ হৈছে। খৰিচাৰ সোৱাদ জ্বলা-টেঙেচীয়া হৈ বৰ জুতিলগা হয়। খৰিচাৰ সৈতে ৰন্ধা মাংসৰ সোৱাদো অতুলনীয়।

দাইল, শাক, মাছ, মাংস, কণী ইত্যাদিৰ লগত খৰিচা দি জুতিদায়ক খাদ্য প্ৰস্তুত কৰা হয়। খৰিচাৰে আচাৰো প্ৰস্তুত কৰা হয়।সুন্দৰকৈ  ফুৰফুৰীয়া বা মলমলীয়া  টেঙা  গোন্ধৰ খৰিচা খাবলৈ লোভনীয়  হৈ  পৰে। নিমখ,জলকীয়া,কেঁচা পিঁয়াজ মিহিকৈ কাটি কেঁচা মিঠাতেল সানি খাবলৈ  বৰ খৰিচা খাবলৈ বৰ ভাল লাগে। শাওণ-ভাদ মাহত পৰিশ্রমী মানুহক বাঁহগাজে সঞ্জীৱনী শক্তি প্রদান কৰে বুলি কোৱা হয়। 


খৰিচা বা বাঁহগাজৰ ঔষধি গুণ

১)বাঁহগাজত যথেষ্ট ঔষধি গুণ থাকে, বিশেষকৈ ই অতি পুষ্টিদায়ক আৰু বৰ ৰুচিকাৰক বুলি কোৱা হয়।

২)বাঁহগাজ কম আহঁযুক্ত আৰু কম চৰ্বিযুক্ত হোৱা বাবে শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ 

৩)ই মানুহৰ কোষ্ঠকাঠিন্য দূৰ কৰিব পাৰে।

৪)পাকস্থলীৰ স্বাস্থ্য ভালে ৰাখে।

৫)আঘাত আৰু ঘাঁ পৰিষ্কাৰ কৰিবলৈ বাঁহৰ গাজব্যৱহাৰ কৰা হয়।

৬)আলচাৰৰ চিকিৎসাত সহায় কৰে।

৭)কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

৮)ই মানুহৰ হজম শক্তি বঢ়ায়।

৯)উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰে।

১০)কলেষ্ট'ৰেলৰ পৰিমাণ কমাই ৰাখিব পাৰে।

১১)বাঁহগাজত চিলিচিক এচিড থাকে বাবে ইয়াক বিষনাশক ঔষধ হিচাপেও ব্যৱহাৰ কৰা দেখা যায়।

১২)বসন্ত ওলালে শুকনি হিচাপে মাগুৰ মাছৰ লগত শুকান খৰিচা দি ভাজি মান সহকাৰে বসন্ত ৰোগীজনক শুকনি দিয়াৰ পৰম্পৰা অসমীয়া সমাজত প্ৰচলিত আছে।

১৩)কদো, বৰলে কামুৰিলে খৰিচা পানী সানি দিলে উখহি নাযায় আৰু বিষো কম হয়।

১৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

১৫)হিমোগ্লোবিনৰ স্তৰ বজাই ৰাখে।

আমাৰ এনে খাদ্যই আমাৰ দেহ-মন সুস্থ কৰি ৰখাৰ লগতে খোৱাৰ ৰুচি বঢ়ায়। গতিকে আহক ঔষধিগুণযুক্ত খৰিচা খাই নিজক স্বাস্থ্যৱান কৰি ৰাখো। 


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ