--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জন্মদিনৰ দিনা প্ৰিয় বিৰাটে মন ভৰাই তুলিলে অনুষ্কাৰ। সকলোৱে সাক্ষী কৰি অনুষ্কাৰ প্ৰতি থকা ভালপোৱাক দেখুৱাবলৈ কেতিয়াও কাৰ্পণ্য কৰা নাই বিৰাট কোহলীয়ে।জন্মদিনৰ দিনাও ছ’চিয়েল মিডিয়াত নিজ পত্নীক ভালপোৱাৰ বাণীৰে উপচাই দিলে বিৰাটে।লগতে জনালে কৃতজ্ঞতা।

উল্লেখ্য যে, অৱশেষত শনিবাৰে গুজৰাট টাইটানছৰ বিৰুদ্ধে বেটত ৰান পাবলৈ সক্ষম হৈছে ৰান মেছিনে। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বিৰাটৰ বেটৰ পৰা আহে হাফ চেঞ্চুৰী। বিৰাটৰ খেল চাবলৈ গেলেৰীত উপস্থিত আছিল পত্নী অনুষ্কা। অৰ্ধশতক অৰ্জন কৰি বেট তুলি দিয়া সময়তে উচ্ছসিত হৈ পৰিছিল অনুষ্কা। অগণিত জনৰ নিন্দা-সমালোচনাক উপেক্ষা কৰি এনেদৰে স্বামীৰ কাষত সকলো সময়তে সাৰথি হৈ থিয় দিছে অনুষ্কাই। অনুষ্কাৰ জন্মদিনৰ দিনা সেই কথাবোৰে যেন পুনৰ ৰোমন্থন কৰিলে বিৰাট কোহলীয়ে।

দেওবাৰে ৩৪ বছৰীয়া জন্মদিন উদযাপন কৰিলে অনুষ্কাই। বেটাৰহাফৰ এই বিশেষ দিনটোত কোহলীয়ে তেওঁৰ ছ’চিয়েল একাউণ্টত লিখিছে, ‘সৌভাগ্য,তোমাৰ আজি জন্মদিন। তুমি নাথাকিলে যে মই কি কৰিলোঁ হয়! তুমি দেখিবলৈ যিমানে ধুনীয়া, মনটো তাতোকৈ বেছি ধুনীয়া। প্ৰিয় বন্ধুসকলৰ সৈতে বৰ ভাল লগা আবেলি এটা কটালো।’ উল্লেখ্য যে,  ভাৰতৰ প্ৰাক্তন অধিনায়কজনে অনুষ্কাৰ জন্মদিনৰ দিনা দুখন ছবি পোষ্ট কৰিছিল। এই ছবিদুখন এতিয়া হৈ পৰিছে ভাইৰেল।

বিজ্ঞাপনৰ মজিয়াতে দুয়োৰে মাজত মন দিয়া মন নিয়া চলিছিল। তাৰ পিছত ২০১২ চনত এই প্ৰেমে লাভ কৰে পূৰ্ণতা।বিগত বৰ্ষৰ জানুৱাৰী মাহত কোহলী পৰিয়ালৰ আশাৰ প্ৰদীপ হৈ জন্ম লৈছিল ভামিকাই। কৰ্মক্ষেত্ৰত অতনা ব্যস্ততাৰ মাজতো, অনুষ্কা-বিৰাটে এতিয়াও আগৰ দৰে ইজনে সিজনৰ বাবে সময় উলিয়াইছে।মনে মিলা মানুহৰ সৈতে অন্তৰংগ সময় কটাইছে।শেহতীয়া ছবিবোৰেও যেন তাৰেই প্ৰমাণ তুলি ধৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত