--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জন্মদিনৰ দিনা প্ৰিয় বিৰাটে মন ভৰাই তুলিলে অনুষ্কাৰ। সকলোৱে সাক্ষী কৰি অনুষ্কাৰ প্ৰতি থকা ভালপোৱাক দেখুৱাবলৈ কেতিয়াও কাৰ্পণ্য কৰা নাই বিৰাট কোহলীয়ে।জন্মদিনৰ দিনাও ছ’চিয়েল মিডিয়াত নিজ পত্নীক ভালপোৱাৰ বাণীৰে উপচাই দিলে বিৰাটে।লগতে জনালে কৃতজ্ঞতা।

উল্লেখ্য যে, অৱশেষত শনিবাৰে গুজৰাট টাইটানছৰ বিৰুদ্ধে বেটত ৰান পাবলৈ সক্ষম হৈছে ৰান মেছিনে। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বিৰাটৰ বেটৰ পৰা আহে হাফ চেঞ্চুৰী। বিৰাটৰ খেল চাবলৈ গেলেৰীত উপস্থিত আছিল পত্নী অনুষ্কা। অৰ্ধশতক অৰ্জন কৰি বেট তুলি দিয়া সময়তে উচ্ছসিত হৈ পৰিছিল অনুষ্কা। অগণিত জনৰ নিন্দা-সমালোচনাক উপেক্ষা কৰি এনেদৰে স্বামীৰ কাষত সকলো সময়তে সাৰথি হৈ থিয় দিছে অনুষ্কাই। অনুষ্কাৰ জন্মদিনৰ দিনা সেই কথাবোৰে যেন পুনৰ ৰোমন্থন কৰিলে বিৰাট কোহলীয়ে।

দেওবাৰে ৩৪ বছৰীয়া জন্মদিন উদযাপন কৰিলে অনুষ্কাই। বেটাৰহাফৰ এই বিশেষ দিনটোত কোহলীয়ে তেওঁৰ ছ’চিয়েল একাউণ্টত লিখিছে, ‘সৌভাগ্য,তোমাৰ আজি জন্মদিন। তুমি নাথাকিলে যে মই কি কৰিলোঁ হয়! তুমি দেখিবলৈ যিমানে ধুনীয়া, মনটো তাতোকৈ বেছি ধুনীয়া। প্ৰিয় বন্ধুসকলৰ সৈতে বৰ ভাল লগা আবেলি এটা কটালো।’ উল্লেখ্য যে,  ভাৰতৰ প্ৰাক্তন অধিনায়কজনে অনুষ্কাৰ জন্মদিনৰ দিনা দুখন ছবি পোষ্ট কৰিছিল। এই ছবিদুখন এতিয়া হৈ পৰিছে ভাইৰেল।

বিজ্ঞাপনৰ মজিয়াতে দুয়োৰে মাজত মন দিয়া মন নিয়া চলিছিল। তাৰ পিছত ২০১২ চনত এই প্ৰেমে লাভ কৰে পূৰ্ণতা।বিগত বৰ্ষৰ জানুৱাৰী মাহত কোহলী পৰিয়ালৰ আশাৰ প্ৰদীপ হৈ জন্ম লৈছিল ভামিকাই। কৰ্মক্ষেত্ৰত অতনা ব্যস্ততাৰ মাজতো, অনুষ্কা-বিৰাটে এতিয়াও আগৰ দৰে ইজনে সিজনৰ বাবে সময় উলিয়াইছে।মনে মিলা মানুহৰ সৈতে অন্তৰংগ সময় কটাইছে।শেহতীয়া ছবিবোৰেও যেন তাৰেই প্ৰমাণ তুলি ধৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ