--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীৰ বেয়া দিনবোৰ শেষ হোৱাৰ নাম লোৱা নাই। এতিয়া অনিল আম্বানীৰ ওপৰত ক’লা ধন আইন কঠোৰ হৈছে। অনিল আম্বানীৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি বিচাৰিছে আয়কৰ বিভাগে। ছুইজাৰলেণ্ডৰ দুটা বেংক একাউণ্টত ৮১৪ কোটিতকৈ অধিক অঘোষিত সম্পত্তিৰ ওপৰত ৪২০ কোটি টকাৰ কৰ ফাঁকি সন্দৰ্ভত আয়কৰ বিভাগে এই দাবী উত্থাপন কৰিছে।

এক সংবাদ সংস্থাৰ প্ৰকাশিত এক বাতৰি অনুসৰি, অনিল আম্বানীয়ে ইচ্ছাকৃতভাৱে কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে আয়কৰ বিভাগে। বিভাগটোৰ মতে, আম্বানীয়ে সুচিন্তিত কৌশলৰ অধীনত বিদেশী বেংক একাউণ্টত জমা কৰা ধনৰ বিষয়ে ভাৰতীয় কৰ কৰ্তৃপক্ষক অৱগত কৰা নাছিল। এই সন্দৰ্ভত আগষ্ট মাহৰ আৰম্ভণিতে অনিল আম্বানীলৈও জাননী জাৰি কৰা হৈছিল। বিভাগটোৱে জনোৱা মতে, অনিল আম্বানীৰ বিৰুদ্ধে ক’লা ধন (অপ্ৰকাশিত বিদেশী আয় আৰু সম্পত্তি) কৰ আৰোপ কৰা আইন ২০১৫ৰ ৫০ আৰু ৫১ নং ধাৰা অনুসৰি গোচৰ চলিব পাৰিব, য’ত সৰ্বোচ্চ ১০ বছৰৰ কাৰাদণ্ডৰ লগতে জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে।

অনিল আম্বানীলৈ জাৰি কৰা জাননীত আয়কৰ বিভাগে ইচ্ছাকৃতভাৱে বিদেশী সম্পত্তি লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰি অহা ৩১ আগষ্টৰ ভিতৰত উত্তৰ দিবলৈ কয়। এই সন্দৰ্ভত যেতিয়া পিটিআইয়ে অনিল আম্বানীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছিল তেতিয়া কোনো সঁহাৰি পোৱা নাছিল। ২০১২-১৩ (AY13) মূল্যায়ন বৰ্ষৰ পৰা ২০১৯-২০ (AY20)লৈ বিদেশত ৰখা অঘোষিত সম্পত্তিৰ ওপৰত কৰ ফাঁকি দিয়াৰ অভিযোগ আম্বানীৰ বিৰুদ্ধে। আয়কৰ বিভাগৰ জাননী অনুসৰি বিষয়াসকলে লাভ কৰিছে যে আম্বানী বাহামাস্থিত কোম্পানী ডাইমণ্ড ট্ৰাষ্ট আৰু নৰ্দাৰ্ণ আটলাণ্টিক ট্ৰেডিং আনলিমিটেডৰ অৰ্থনৈতিক অৱদানকাৰী আৰু লাভৱান মালিক। কৰ ফাঁকিৰ বাবে আশ্ৰয়স্থল ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জত নৰ্দাৰ্ণ আটলাণ্টিক ট্ৰেডিং আনলিমিটেড পঞ্জীয়নভুক্ত।

বাহামাস্থিত ট্ৰাষ্টটোৰ ক্ষেত্ৰত আয়কৰ বিভাগে লক্ষ্য কৰিলে যে তেওঁলোকে ড্ৰিমৱৰ্ক হোল্ডিংছ ইনকৰ্পৰেশ্যন নামৰ এটা কোম্পানী চলাই আছে। এই কোম্পানীটোৱে চুইজাৰলেণ্ডৰ এটা বেংকত এটা একাউণ্ট খুলিছে, য’ত ২০১৭ চনৰ ৩১ ডিচেম্বৰত ৩২,০৯৫,৬০০ ডলাৰ জমা কৰা হৈছিল। জাননী অনুসৰি, ট্ৰাষ্টটোৱে প্ৰাৰম্ভিকভাৱে ২৫,০৪০,৪২২ ডলাৰৰ পুঁজি লাভ কৰিছিল। বিভাগটোৱে জনোৱা মতে, অনিল আম্বানীৰ ব্যক্তিগত একাউণ্টৰ পৰা এই ধন প্ৰেৰণ কৰা হৈছে। ২০০৬ চনত ট্ৰাষ্ট খুলিবলৈ কেৱাইচিৰ সময়ত পাছপ’ৰ্ট দিছিল আম্বানীয়ে। তেওঁৰ পৰিয়ালৰ সদস্যসকলো এই ট্ৰাষ্টৰ হিতাধিকাৰীসকলৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে।

কোটি কোটি কৰ দিব লাগিব অনিল আম্বানীয়ে

একে সময়তে ২০১০ চনৰ জুলাই মাহত ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জত পঞ্জীয়ন কৰা এটা কোম্পানীয়েও জুৰিখ বেংক অৱ চাইপ্ৰাছত একাউণ্ট খুলিছিল। বিভাগটোৱে জনোৱা মতে, অনিল আম্বানী হৈছে এই কোম্পানী আৰু কোম্পানীটোৰ পুঁজিৰ চূড়ান্ত হিতাধিকাৰী। এই কোম্পানীটোৱে ২০১২ চনত বাহামাত পঞ্জীয়নভুক্ত কোম্পানী পুছাৰ(PUSA)  পৰা ১০ কোটি ডলাৰ লাভ কৰিছিল। অনিল আম্বানীয়ে সেই পুঁজি নিষ্পত্তি কৰিছিল আৰু ইয়াৰ হিতাধিকাৰী আছিল। কৰ বিষয়াসকলৰ মতে, ছুইজাৰলেণ্ডৰ দুয়োটা বেংক একাউণ্টতে জমা কৰা মুঠ ধনৰাশি হৈছে ৮১৪ কোটি টকা আৰু ইয়াৰ ওপৰত ৪২০ কোটি টকাৰ কৰ দায়বদ্ধতা সৃষ্টি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে