--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীৰ বেয়া দিনবোৰ শেষ হোৱাৰ নাম লোৱা নাই। এতিয়া অনিল আম্বানীৰ ওপৰত ক’লা ধন আইন কঠোৰ হৈছে। অনিল আম্বানীৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি বিচাৰিছে আয়কৰ বিভাগে। ছুইজাৰলেণ্ডৰ দুটা বেংক একাউণ্টত ৮১৪ কোটিতকৈ অধিক অঘোষিত সম্পত্তিৰ ওপৰত ৪২০ কোটি টকাৰ কৰ ফাঁকি সন্দৰ্ভত আয়কৰ বিভাগে এই দাবী উত্থাপন কৰিছে।

এক সংবাদ সংস্থাৰ প্ৰকাশিত এক বাতৰি অনুসৰি, অনিল আম্বানীয়ে ইচ্ছাকৃতভাৱে কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে আয়কৰ বিভাগে। বিভাগটোৰ মতে, আম্বানীয়ে সুচিন্তিত কৌশলৰ অধীনত বিদেশী বেংক একাউণ্টত জমা কৰা ধনৰ বিষয়ে ভাৰতীয় কৰ কৰ্তৃপক্ষক অৱগত কৰা নাছিল। এই সন্দৰ্ভত আগষ্ট মাহৰ আৰম্ভণিতে অনিল আম্বানীলৈও জাননী জাৰি কৰা হৈছিল। বিভাগটোৱে জনোৱা মতে, অনিল আম্বানীৰ বিৰুদ্ধে ক’লা ধন (অপ্ৰকাশিত বিদেশী আয় আৰু সম্পত্তি) কৰ আৰোপ কৰা আইন ২০১৫ৰ ৫০ আৰু ৫১ নং ধাৰা অনুসৰি গোচৰ চলিব পাৰিব, য’ত সৰ্বোচ্চ ১০ বছৰৰ কাৰাদণ্ডৰ লগতে জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে।

অনিল আম্বানীলৈ জাৰি কৰা জাননীত আয়কৰ বিভাগে ইচ্ছাকৃতভাৱে বিদেশী সম্পত্তি লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰি অহা ৩১ আগষ্টৰ ভিতৰত উত্তৰ দিবলৈ কয়। এই সন্দৰ্ভত যেতিয়া পিটিআইয়ে অনিল আম্বানীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছিল তেতিয়া কোনো সঁহাৰি পোৱা নাছিল। ২০১২-১৩ (AY13) মূল্যায়ন বৰ্ষৰ পৰা ২০১৯-২০ (AY20)লৈ বিদেশত ৰখা অঘোষিত সম্পত্তিৰ ওপৰত কৰ ফাঁকি দিয়াৰ অভিযোগ আম্বানীৰ বিৰুদ্ধে। আয়কৰ বিভাগৰ জাননী অনুসৰি বিষয়াসকলে লাভ কৰিছে যে আম্বানী বাহামাস্থিত কোম্পানী ডাইমণ্ড ট্ৰাষ্ট আৰু নৰ্দাৰ্ণ আটলাণ্টিক ট্ৰেডিং আনলিমিটেডৰ অৰ্থনৈতিক অৱদানকাৰী আৰু লাভৱান মালিক। কৰ ফাঁকিৰ বাবে আশ্ৰয়স্থল ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জত নৰ্দাৰ্ণ আটলাণ্টিক ট্ৰেডিং আনলিমিটেড পঞ্জীয়নভুক্ত।

বাহামাস্থিত ট্ৰাষ্টটোৰ ক্ষেত্ৰত আয়কৰ বিভাগে লক্ষ্য কৰিলে যে তেওঁলোকে ড্ৰিমৱৰ্ক হোল্ডিংছ ইনকৰ্পৰেশ্যন নামৰ এটা কোম্পানী চলাই আছে। এই কোম্পানীটোৱে চুইজাৰলেণ্ডৰ এটা বেংকত এটা একাউণ্ট খুলিছে, য’ত ২০১৭ চনৰ ৩১ ডিচেম্বৰত ৩২,০৯৫,৬০০ ডলাৰ জমা কৰা হৈছিল। জাননী অনুসৰি, ট্ৰাষ্টটোৱে প্ৰাৰম্ভিকভাৱে ২৫,০৪০,৪২২ ডলাৰৰ পুঁজি লাভ কৰিছিল। বিভাগটোৱে জনোৱা মতে, অনিল আম্বানীৰ ব্যক্তিগত একাউণ্টৰ পৰা এই ধন প্ৰেৰণ কৰা হৈছে। ২০০৬ চনত ট্ৰাষ্ট খুলিবলৈ কেৱাইচিৰ সময়ত পাছপ’ৰ্ট দিছিল আম্বানীয়ে। তেওঁৰ পৰিয়ালৰ সদস্যসকলো এই ট্ৰাষ্টৰ হিতাধিকাৰীসকলৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে।

কোটি কোটি কৰ দিব লাগিব অনিল আম্বানীয়ে

একে সময়তে ২০১০ চনৰ জুলাই মাহত ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জত পঞ্জীয়ন কৰা এটা কোম্পানীয়েও জুৰিখ বেংক অৱ চাইপ্ৰাছত একাউণ্ট খুলিছিল। বিভাগটোৱে জনোৱা মতে, অনিল আম্বানী হৈছে এই কোম্পানী আৰু কোম্পানীটোৰ পুঁজিৰ চূড়ান্ত হিতাধিকাৰী। এই কোম্পানীটোৱে ২০১২ চনত বাহামাত পঞ্জীয়নভুক্ত কোম্পানী পুছাৰ(PUSA)  পৰা ১০ কোটি ডলাৰ লাভ কৰিছিল। অনিল আম্বানীয়ে সেই পুঁজি নিষ্পত্তি কৰিছিল আৰু ইয়াৰ হিতাধিকাৰী আছিল। কৰ বিষয়াসকলৰ মতে, ছুইজাৰলেণ্ডৰ দুয়োটা বেংক একাউণ্টতে জমা কৰা মুঠ ধনৰাশি হৈছে ৮১৪ কোটি টকা আৰু ইয়াৰ ওপৰত ৪২০ কোটি টকাৰ কৰ দায়বদ্ধতা সৃষ্টি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ