--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

আদানি গ্ৰুপৰ মিডিয়া শাখাই ২৩ আগষ্টত ঘোষণা কৰিছিল যে  আদানি গ্ৰুপে নতুন দিল্লী টেলিভিছন লিমিটেডৰ (এনডিটিভি) ২৯.১৮ শতাংশ অংশ ক্ৰয় কৰিব৷লগতে  ২৬ শতাংশ শ্বেয়াৰ অধিগ্ৰহণ কৰাৰ বাবে মুকলি প্ৰস্তাৱ আগবঢ়াব। ২৯.১৮ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণ পৰোক্ষ হ'ব৷ কিয়নো ইয়াক এ এম জি মিডিয়া নেটৱৰ্ক লিমিটেডৰ (এএমএনএল) সম্পূৰ্ণ মালিকানাধীন সহায়ক বিশ্বপ্ৰধান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড (ভিচিপিএল)ৰ জৰিয়তে কৰা হ'ব, যি আদানি এণ্টাৰপ্ৰাইজেছ লিমিটেড (এইএল)ৰ মালিকানাধীন।

 এনডিটিভিৰ এক প্ৰচাৰক গোট  আৰ আৰ পি আৰ হোল্ডিং প্ৰাইভেট লিমিটেডৰ ৯৯.২৫ শতাংশ ইকুইটি শ্বেয়াৰ অধিগ্ৰহণ কৰাৰ বাবে অধিকাৰ প্ৰয়োগ কৰিছে ৷ 

এ এম এন এলৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় পুগালিয়াই কয় যে- এই অধিগ্ৰহণ হৈছে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি৷  প্লেটফৰ্মত নতুন যুগৰ  পথ প্ৰশস্ত কৰা এ এম এন এলে ভাৰতীয় নাগৰিক, উপভোক্তা আৰু ভাৰতৰ প্ৰতি আগ্ৰহী সকলক তথ্য আৰু জ্ঞানেৰে শক্তিশালী কৰিব বিচাৰে। বাতৰিৰ ক্ষেত্ৰত ইয়াৰ আগশাৰীৰ স্থিতি আৰু বিভিন্ন শৈলী আৰু ভৌগোলিক ক্ষেত্ৰত ইয়াৰ শক্তিশালী আৰু বৈচিত্ৰ্যপূৰ্ণ প্ৰসাৰৰ সৈতে, এনডিটিভি হৈছে   আটাইতকৈ উপযুক্ত সম্প্ৰচাৰ আৰু ডিজিটেল প্লেটফৰ্ম। বাতৰি প্ৰদানৰ ক্ষেত্ৰত এনডিটিভিৰ নেতৃত্ব শক্তিশালী কৰাৰ বাবে আশাবাদী বুলিও  পুগালিয়াই  কয়।

 এনডিটিভিৰ অধিনস্থ যি তিনিটা ৰাষ্ট্ৰীয় বাতৰি চেনেল - এনডিটিভি 24এক্স7, এনডিটিভি ইণ্ডিয়া আৰু এনডিটিভি প্ৰফিট আদি অনলাইন ক্ষেত্ৰতো     শক্তিশালী । কোম্পানীটোৱে  ২০২২ বিত্তীয় বৰ্ষত ৪২১ কোটি টকাৰ ৰাজহ নথিভুক্ত কৰিছিল৷  যাৰ ইবি আই টি ডি এ আছিল ১২৩  কোটি টকা আৰু মুঠ লাভ আছিল ৮৫ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ