--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

আদানি গ্ৰুপৰ মিডিয়া শাখাই ২৩ আগষ্টত ঘোষণা কৰিছিল যে  আদানি গ্ৰুপে নতুন দিল্লী টেলিভিছন লিমিটেডৰ (এনডিটিভি) ২৯.১৮ শতাংশ অংশ ক্ৰয় কৰিব৷লগতে  ২৬ শতাংশ শ্বেয়াৰ অধিগ্ৰহণ কৰাৰ বাবে মুকলি প্ৰস্তাৱ আগবঢ়াব। ২৯.১৮ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণ পৰোক্ষ হ'ব৷ কিয়নো ইয়াক এ এম জি মিডিয়া নেটৱৰ্ক লিমিটেডৰ (এএমএনএল) সম্পূৰ্ণ মালিকানাধীন সহায়ক বিশ্বপ্ৰধান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড (ভিচিপিএল)ৰ জৰিয়তে কৰা হ'ব, যি আদানি এণ্টাৰপ্ৰাইজেছ লিমিটেড (এইএল)ৰ মালিকানাধীন।

 এনডিটিভিৰ এক প্ৰচাৰক গোট  আৰ আৰ পি আৰ হোল্ডিং প্ৰাইভেট লিমিটেডৰ ৯৯.২৫ শতাংশ ইকুইটি শ্বেয়াৰ অধিগ্ৰহণ কৰাৰ বাবে অধিকাৰ প্ৰয়োগ কৰিছে ৷ 

এ এম এন এলৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় পুগালিয়াই কয় যে- এই অধিগ্ৰহণ হৈছে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি৷  প্লেটফৰ্মত নতুন যুগৰ  পথ প্ৰশস্ত কৰা এ এম এন এলে ভাৰতীয় নাগৰিক, উপভোক্তা আৰু ভাৰতৰ প্ৰতি আগ্ৰহী সকলক তথ্য আৰু জ্ঞানেৰে শক্তিশালী কৰিব বিচাৰে। বাতৰিৰ ক্ষেত্ৰত ইয়াৰ আগশাৰীৰ স্থিতি আৰু বিভিন্ন শৈলী আৰু ভৌগোলিক ক্ষেত্ৰত ইয়াৰ শক্তিশালী আৰু বৈচিত্ৰ্যপূৰ্ণ প্ৰসাৰৰ সৈতে, এনডিটিভি হৈছে   আটাইতকৈ উপযুক্ত সম্প্ৰচাৰ আৰু ডিজিটেল প্লেটফৰ্ম। বাতৰি প্ৰদানৰ ক্ষেত্ৰত এনডিটিভিৰ নেতৃত্ব শক্তিশালী কৰাৰ বাবে আশাবাদী বুলিও  পুগালিয়াই  কয়।

 এনডিটিভিৰ অধিনস্থ যি তিনিটা ৰাষ্ট্ৰীয় বাতৰি চেনেল - এনডিটিভি 24এক্স7, এনডিটিভি ইণ্ডিয়া আৰু এনডিটিভি প্ৰফিট আদি অনলাইন ক্ষেত্ৰতো     শক্তিশালী । কোম্পানীটোৱে  ২০২২ বিত্তীয় বৰ্ষত ৪২১ কোটি টকাৰ ৰাজহ নথিভুক্ত কৰিছিল৷  যাৰ ইবি আই টি ডি এ আছিল ১২৩  কোটি টকা আৰু মুঠ লাভ আছিল ৮৫ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ