--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ এবাৰ আন্দোলনৰ কেন্দ্ৰবিন্দুত ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগ। তেওঁক লৈ কৰা এটা টুইটক লৈয়ে চলিছে চৰ্চা। এই টুইটটো কৰিছে মুম্বাইৰ বেটছমেন সূৰ্যকুমাৰ যাদৱে। ইডেন গাৰ্ডেনত আইপিএলৰ প্ৰথমখন কোৱালিফায়াত ৰাজস্থান ৰয়েলছ মুখামুখি হৈছিল গুজৰাট টাইটাঞ্চৰ।

সেই মেচখনত ৰিয়ান পৰাগক ফিল্ডিং দেখি টুইট কৰিছিল সূৰ্যকুমাৰ যাদৱে। তেওঁ টুইট কৰি কয় যে, ‘খেলপথাৰত গ্ৰেট এটিটিউড ৰিয়ান পৰাগ।’ ইয়াৰ পিছতে এই টুইটটোৱে ছ’চিয়েল মিডিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা দেখা যায়। এই টুইটক লৈ সৃষ্টি হয় বিতৰ্কৰো। সূৰ্যকুমাৰ যাদৱৰ টুইট ডিলিট কৰাৰো পৰামৰ্শ দিয়ে একাংশই। মুম্বাইৰ এজন তাৰকাৰ এটা সাধাৰণ টুইটে এনে বিতৰ্কৰ সৃষ্টি কৰিব বুলি ঘৰুৱা ক্ৰিকেটত ‘স্কাই’ নামেৰে জনপ্ৰিয় সূৰ্যকুমাৰ যাদৱে কল্পনা কৰিব পৰা নাছিল।

মেচখনৰ ১৬ সংখ্যক অ’ভাৰত এই ঘটনাৰ সূত্ৰপাত হৈছিল। গুজৰাটৰ বেটছমেন ডেভিদ মিলাৰে ট্ৰেণ্ট ব’ল্টৰ ডেলিভাৰী বাউণ্ডেৰীলৈ মাৰি পঠিয়ায়। সেই সময়ত লং অনত ফিল্ডিং কৰি আছিল ৰিয়ান পৰাগে। দৌৰি গৈ ৰিয়ানে বলটো ৰখাবলৈ সক্ষম হয়। বলটো ধৰিয়েই সতীৰ্থ দেৱদত্ত পাৰিকালৰ ফালে দলিয়াই দিয়ে ৰিয়ানে। সেই সময়ত ৰিয়ান পৰাগ পাৰিকালৰ পৰা দূৰৈত আছিল যদিও দুয়োৰে মাজত কথোপকথন হোৱা দেখা যায়।  ৰিয়ান-দেৱদত্তৰ মাজত হোৱা কথা-বতৰাক কেন্দ্ৰ কৰিয়েই সূৰ্য্যকুমাৰ যাদৱে টুইট কৰে। 

কেৱল ফিল্ডিঙৰ সময়তেই নহয়, ৰাজস্থানৰ বেটিংৰ সময়তো ৰবিচন্দ্ৰন অশ্বিনৰ সৈতে হোৱা ভুল বুজাবুজিৰ বাবে শেষ অ’ভাৰত ৰান আউট হৈছিল ৰিয়ান, তেতিয়াও উত্তেজিত হৈ পৰিছিল ৰিয়ান পৰাগ। চলিত আইপিএলত বাৰে বাৰে বিতৰ্কৰ সৈতে জড়িত হৈ পৰা দেখা গৈছে ৰিয়ান পৰাগক। ইয়াৰপূৰ্বে আম্পায়াৰকো ঠাট্টা কৰা দেখা গৈছিল ৰিয়ান পৰাগক।  ইয়াৰ ফলতো তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। ৰিয়ানৰ এনে অপেছাদাৰী আচৰণৰ বিৰোধিতা কৰিছে একাংশই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ