--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি দেশৰ ক্ৰীড়া জগতত সঘনে উচ্চাৰিত হৈছে এগৰাকী মহিলা বক্সাৰৰ নাম। নাম তেওঁৰ নিখাত জাৰিন। যোৱা সপ্তাহত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি দেশক গৌৰৱান্বিত কৰি তুলিছিল এইগৰাকী তাৰকা বক্সাৰে। প্ৰতিযোগিতাখনৰ ইতিহাসত সোণৰ পদক অৰ্জন কৰা দেশৰ পঞ্চম গৰাকী ভাৰতীয় মহিলা বক্সাৰ ৰূপে পৰিগণিত হৈছিল জাৰিন। 

দেশৰ ক্ৰীড়াপ্ৰেমীৰ নয়নৰ মণি হৈ পৰা নিখাতে আকৌ এবাৰ চৰ্চা লাভ কৰিছে। নিজৰ সপ্ৰতিভ ব্যক্তিত্ব আৰু আচৰণৰ বাবে পুনৰ এবাৰ দেশবাসীৰ হৃদয় জয় কৰিছে ২৫ বৰ্ষীয় বক্সাৰগৰাকীয়ে। সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এখন বিশেষ ফটোৰ বাবে জাৰিনক এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।

দৰাচলতে জাৰিনে আজি টুইটাৰত এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত তেওঁৰ সৈতে আছে ভাৰতৰ কিংবদন্তী বক্সিং তাৰকা মেৰী কম। ফটোখনৰ কেপচনত জাৰিনে লিখিছে, "আপোনাৰ আদৰ্শৰ আশীৰ্বাদ অবিহনে কোনো বিজয় সম্পূৰ্ণ নহয়।" সম্প্ৰতি এই ফটোখন সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। 

উল্লেখ্য যে জাৰিনৰ এই ফটোখনে চৰ্চা লাভ কৰাৰ এটা বিশেষ কাৰণ আছে।  ২০১৯ চনত ভাৰতীয় বক্সিং ফেডাৰেচনে মেৰী কমক বিশ্ব চেম্পিয়নশ্বিপৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে নিখাত জাৰিনে এই সিদ্ধান্তৰ বিৰোধ কৰি পৰীক্ষণৰ দাবী জনাইছিল।

ইয়াৰ পিছতে এছিয়ান অলিম্পিক কোৱালিফায়াৰৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ফাইনেলত জাৰিন আৰু মেৰী কম মুখামুখি হয়। এই মেচখনৰ পাছতে সৃষ্টি হৈছিল এক বিতৰ্কৰ। উক্ত মেচখনত জয়ৰ পিছত মেৰী কমে জাৰিনক কৰমৰ্দন নকৰাকৈয়ে বক্সিং ৰিং ত্যাগ কৰে। 

পিছত এই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মেৰী কমে কয়, "মই জাৰিনৰ সৈতে কিয় হাত মিলাব লাগে? যদি তেওঁ আন কোনোবাই তেওঁক সন্মান কৰাটো বিচাৰে, তেতিয়াহ’লে তেওঁ প্ৰথমে আনক সন্মান কৰা উচিত।” 

অৱশ্যে ছয়বাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিক ব্ৰঞ্জ বিজয়ী মেৰী কমে নিখাত জাৰিনে বিশ্ব চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ পিছত অভিনন্দন জনাইছিল। কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত জাৰিনেও উল্লেখ কৰিছিল যে মেৰী কমে তেওঁক ক্ষমা কৰিছে আৰু এতিয়া তেওঁলোকৰ মাজত কোনো বিবাদ নাই।

এনে বিতৰ্কৰ পাছতো নিখাত জাৰিনে এতিয়া মেৰী কমক নিজৰ আদৰ্শ বুলি স্বীকাৰ কৰি তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰা শ্ৰদ্ধাই সকলোকে আকৰ্ষিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ