--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি দেশৰ ক্ৰীড়া জগতত সঘনে উচ্চাৰিত হৈছে এগৰাকী মহিলা বক্সাৰৰ নাম। নাম তেওঁৰ নিখাত জাৰিন। যোৱা সপ্তাহত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি দেশক গৌৰৱান্বিত কৰি তুলিছিল এইগৰাকী তাৰকা বক্সাৰে। প্ৰতিযোগিতাখনৰ ইতিহাসত সোণৰ পদক অৰ্জন কৰা দেশৰ পঞ্চম গৰাকী ভাৰতীয় মহিলা বক্সাৰ ৰূপে পৰিগণিত হৈছিল জাৰিন। 

দেশৰ ক্ৰীড়াপ্ৰেমীৰ নয়নৰ মণি হৈ পৰা নিখাতে আকৌ এবাৰ চৰ্চা লাভ কৰিছে। নিজৰ সপ্ৰতিভ ব্যক্তিত্ব আৰু আচৰণৰ বাবে পুনৰ এবাৰ দেশবাসীৰ হৃদয় জয় কৰিছে ২৫ বৰ্ষীয় বক্সাৰগৰাকীয়ে। সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এখন বিশেষ ফটোৰ বাবে জাৰিনক এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।

দৰাচলতে জাৰিনে আজি টুইটাৰত এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত তেওঁৰ সৈতে আছে ভাৰতৰ কিংবদন্তী বক্সিং তাৰকা মেৰী কম। ফটোখনৰ কেপচনত জাৰিনে লিখিছে, "আপোনাৰ আদৰ্শৰ আশীৰ্বাদ অবিহনে কোনো বিজয় সম্পূৰ্ণ নহয়।" সম্প্ৰতি এই ফটোখন সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। 

উল্লেখ্য যে জাৰিনৰ এই ফটোখনে চৰ্চা লাভ কৰাৰ এটা বিশেষ কাৰণ আছে।  ২০১৯ চনত ভাৰতীয় বক্সিং ফেডাৰেচনে মেৰী কমক বিশ্ব চেম্পিয়নশ্বিপৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে নিখাত জাৰিনে এই সিদ্ধান্তৰ বিৰোধ কৰি পৰীক্ষণৰ দাবী জনাইছিল।

ইয়াৰ পিছতে এছিয়ান অলিম্পিক কোৱালিফায়াৰৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ফাইনেলত জাৰিন আৰু মেৰী কম মুখামুখি হয়। এই মেচখনৰ পাছতে সৃষ্টি হৈছিল এক বিতৰ্কৰ। উক্ত মেচখনত জয়ৰ পিছত মেৰী কমে জাৰিনক কৰমৰ্দন নকৰাকৈয়ে বক্সিং ৰিং ত্যাগ কৰে। 

পিছত এই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মেৰী কমে কয়, "মই জাৰিনৰ সৈতে কিয় হাত মিলাব লাগে? যদি তেওঁ আন কোনোবাই তেওঁক সন্মান কৰাটো বিচাৰে, তেতিয়াহ’লে তেওঁ প্ৰথমে আনক সন্মান কৰা উচিত।” 

অৱশ্যে ছয়বাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিক ব্ৰঞ্জ বিজয়ী মেৰী কমে নিখাত জাৰিনে বিশ্ব চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ পিছত অভিনন্দন জনাইছিল। কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত জাৰিনেও উল্লেখ কৰিছিল যে মেৰী কমে তেওঁক ক্ষমা কৰিছে আৰু এতিয়া তেওঁলোকৰ মাজত কোনো বিবাদ নাই।

এনে বিতৰ্কৰ পাছতো নিখাত জাৰিনে এতিয়া মেৰী কমক নিজৰ আদৰ্শ বুলি স্বীকাৰ কৰি তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰা শ্ৰদ্ধাই সকলোকে আকৰ্ষিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ