--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ এখন বিশেষ আদালতে সন্ত্ৰাসবাদীক সহায়-সহযোগিতা কৰাৰ গোচৰত বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক দোষী সাব্যস্ত কৰিছে। বুধবাৰে এই গোচৰৰ পৰৱৰ্তী শুনানিত ঘোষণা কৰা হয় য়াছিন মালিকৰ শাস্তি। এই ঘটনাই ভাৰত-পাক ক্ৰিকেট এৰিণাতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাকিস্তানৰ শ্বাহিদ আফ্ৰিদী আৰু ভাৰতৰ অমিত মিশ্ৰ জঁপিয়াই পৰিছে টুইট যুদ্ধত।

শ্বাহিদ আফ্ৰিদীৰ টুইটৰ পৰা আৰম্ভ হৈছে এই ঘটনাৰ। তেওঁ টুইট কৰি কয় যে, ‘মানৱ অধিকাৰ উলংঘাৰ বিৰুদ্ধে সমালোচনাত্মক মতামত দমন কৰিবলৈ চেষ্টা কৰে ভাৰতে। কাশ্মীৰৰ স্বাধীনতা সংগ্ৰামক য়াছিন মালিকৰ বিৰুদ্ধে ৰচনা কৰা অভিযোগেৰে বন্ধ কৰিব নোৱাৰি।’ আফ্ৰিদীয়ে এই ঘটনাত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপৰো দাবী জনায়। আফ্ৰিদীয়ে কয়, ‘কাশ্মীৰী নেতাসকলৰ বিৰুদ্ধে কেনেধৰণে বেআইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তাৰ প্ৰতি ৰাষ্ট্ৰসংঘৰ দৃষ্টি আকৰ্ষণ হোৱাটো মই বিচাৰিছো।’

ভাৰতীয় লেগ-স্পিনাৰ অমিত মিশ্ৰই উভতি ধৰিছে আফ্ৰিদীক। এটা টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অমিত মিশ্ৰই কয়, ‘য়াছিন মালিকে আদালতত দোষ স্বীকাৰ কৰিছে। আপোনাৰ দৰে সকলো লোক বিভ্ৰান্তিকৰ নহয়।’ 

স্মৰ্তব্য যে, য়াছিন মালিকে নিজেই উগ্ৰপন্থীসকলক সমৰ্থন কৰা বুলি স্বীকাৰ কৰিছে। সেই বক্তব্যৰ ভিত্তিতে বিচ্ছিন্নতাবাদী নেতাগৰাকীক দোষী সাব্যস্ত কৰিছে আদালতে। জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰ’ণ্টৰ নেতা য়াছিন মালিকে দীৰ্ঘদিন ধৰি জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত বিচ্ছিন্নতাবাদী কাৰ্যকলাপ চলোৱা আৰু প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। এনে কেতবোৰ কাৰণৰ বাবেই এবাৰতকৈ অধিকবাৰ গৃহবন্দী কৰি ৰখা হৈছিল য়াছিন মালিকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ