--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ এখন বিশেষ আদালতে সন্ত্ৰাসবাদীক সহায়-সহযোগিতা কৰাৰ গোচৰত বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক দোষী সাব্যস্ত কৰিছে। বুধবাৰে এই গোচৰৰ পৰৱৰ্তী শুনানিত ঘোষণা কৰা হয় য়াছিন মালিকৰ শাস্তি। এই ঘটনাই ভাৰত-পাক ক্ৰিকেট এৰিণাতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাকিস্তানৰ শ্বাহিদ আফ্ৰিদী আৰু ভাৰতৰ অমিত মিশ্ৰ জঁপিয়াই পৰিছে টুইট যুদ্ধত।

শ্বাহিদ আফ্ৰিদীৰ টুইটৰ পৰা আৰম্ভ হৈছে এই ঘটনাৰ। তেওঁ টুইট কৰি কয় যে, ‘মানৱ অধিকাৰ উলংঘাৰ বিৰুদ্ধে সমালোচনাত্মক মতামত দমন কৰিবলৈ চেষ্টা কৰে ভাৰতে। কাশ্মীৰৰ স্বাধীনতা সংগ্ৰামক য়াছিন মালিকৰ বিৰুদ্ধে ৰচনা কৰা অভিযোগেৰে বন্ধ কৰিব নোৱাৰি।’ আফ্ৰিদীয়ে এই ঘটনাত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপৰো দাবী জনায়। আফ্ৰিদীয়ে কয়, ‘কাশ্মীৰী নেতাসকলৰ বিৰুদ্ধে কেনেধৰণে বেআইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তাৰ প্ৰতি ৰাষ্ট্ৰসংঘৰ দৃষ্টি আকৰ্ষণ হোৱাটো মই বিচাৰিছো।’

ভাৰতীয় লেগ-স্পিনাৰ অমিত মিশ্ৰই উভতি ধৰিছে আফ্ৰিদীক। এটা টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অমিত মিশ্ৰই কয়, ‘য়াছিন মালিকে আদালতত দোষ স্বীকাৰ কৰিছে। আপোনাৰ দৰে সকলো লোক বিভ্ৰান্তিকৰ নহয়।’ 

স্মৰ্তব্য যে, য়াছিন মালিকে নিজেই উগ্ৰপন্থীসকলক সমৰ্থন কৰা বুলি স্বীকাৰ কৰিছে। সেই বক্তব্যৰ ভিত্তিতে বিচ্ছিন্নতাবাদী নেতাগৰাকীক দোষী সাব্যস্ত কৰিছে আদালতে। জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰ’ণ্টৰ নেতা য়াছিন মালিকে দীৰ্ঘদিন ধৰি জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত বিচ্ছিন্নতাবাদী কাৰ্যকলাপ চলোৱা আৰু প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। এনে কেতবোৰ কাৰণৰ বাবেই এবাৰতকৈ অধিকবাৰ গৃহবন্দী কৰি ৰখা হৈছিল য়াছিন মালিকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ