--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ হৈছে মন্দিৰৰ দৰে। ঘৰ খন সুন্দৰভাবে সজাই তুলিব পাৰিলেহে ঘৰ খনত বাস কৰা লোকসকলৰ মনবোৰো ভালে থাকে। বাস্তু শাস্ত্ৰই ঘৰৰ কোন দিশত কি কোঠা স্থাপন কৰিব লাগে সেই বিষয়ত বিধান দিছে। ঘৰত ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰাৰ বাবে আছুতীয়া কোঠাৰ প্ৰয়োজন হয়। আচুতীয়া কোঠা নহ'লে ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াত ব্যাঘাত জন্মে। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে নিৰিবিলি পৰিৱেশত যাতে অধ্যয়ন কৰিব পাৰে সেইবাবে সুকীয়া কোঠা নিৰ্ধাৰণ কৰিব লাগে। 

ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰাৰ বাবে ঘৰৰ উত্তৰ-পূব বা পূব দিশে কোঠা নিৰ্ধাৰণ কৰিব লাগে। উত্তৰ-পূব বা পূব দিশে থকা কোঠাত অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীৰ একাগ্ৰতা তথা মনোযোগ বৃদ্ধি পায়। ফলত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

ঘৰৰ ভিতৰত ৰান্ধনীশাল সদায় দক্ষিণ-পূব দিশত ৰাখিব লাগে । এই দিশটো হৈছে অগ্নিৰ অৱস্থানৰ দিশ। সেয়ে এই দিশটোত ৰান্ধনীশাল স্থাপন কৰিব লাগে । এই দিশটোতে ঘৰৰ ইলেকট্রিক মিটাৰ আদিও স্থাপন কৰিব লাগে । ঘৰৰ উত্তৰ-পূব দিশত বা মাজ ভাগত কেতিয়াও ৰান্ধনীশাল নতুন বৈদ্যুতিক সা-সৰঞ্জাম আদি স্থাপন কৰিব নালাগে । একেদৰে কাৰখানাৰ ক্ষেত্ৰত সদায় দক্ষিণ-পূব দিশতহে কাৰখানাৰ বয়লাৰ আদি স্থাপন কৰিব লাগে।

ঘৰত পানী ৰখা জলাধাৰ, স্নানাগাৰ আৰু পানী সম্পৰ্কীয় যিকোনো স্থান সদায় উত্তৰ-পশ্চিম কোণত স্থাপন কৰিব লাগে। ঘৰৰ দক্ষিণ পূব দিশত কেতিয়াও স্নানাগাৰ, শৌচাগাৰ, জলাধাৰ, দমকল আদি স্থাপন কৰিব নালাগে । ঘৰত যিদৰে মানুহে বাস কৰে ঠিক তেনেদৰে ঘৰত দেৱতাই বাস কৰাৰ বাবেও বিশেষ গৃহৰ প্ৰয়োজন হয়। তেনে গৃহক আমি সাধাৰণতে মন্দিৰ বুলি কও। ঘৰত এটা মন্দিৰ থাকিলে ঘৰৰ পৰিবেশ সুন্দৰ হৈ থাকে আৰু নানান অপায় অমংগলৰ পৰা গৃহস্থ ৰক্ষা পৰে।  ঘৰত মন্দিৰ স্থাপনৰ উপযুক্ত দিশ হ'ল উত্তৰ-পূব দিশ। উত্তৰ-পূব দিশত স্থাপন কৰা মন্দিৰত বিধি অনুসৰি দেৱ-দেৱতাৰ মূৰ্তি অথবা ছবি ৰাখিব লাগে।

ঘৰত নানান ধৰণৰ ওজনযুক্ত বস্তু ৰখা হয়। তেনে ওজনযুক্ত বস্তুসমূহ ঘৰৰ য'তে ত'তে ৰাখিলে দুৰ্ঘটনা হোৱাৰ আশংকা থকাৰ লগতে নানান অমংগল হ'ব পাৰে। ঘৰত সদায় ওজনযুক্ত বস্তু আৰু ভঁৰালগৃহ ঘৰৰ দক্ষিণ-পশ্চিম দিশত স্থাপন কৰা উচিত। ভঁৰালগৃহ কেতিয়াও উত্তৰ-পূব, দক্ষিণ-পূর্ব, উত্তৰ- পশ্চিম দিশত স্থাপন কৰিব নালাগে। এই দিশকেইটাত কোনো গধুৰ বস্তু ৰাখিব নালাগে ৷ একেদৰে ঘৰৰ মধ্যস্থলত ভঁৰালগৃহ স্থাপন কৰিব নালাগে আৰু কোনো অত্যধিক ওজনৰ বস্তু ৰাখিব নালাগে ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ