--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰত্যেক ভাৰতীয় ঘৰতে হালধি অতি গুৰুত্বপূৰ্ণ মছলা হিচাপে গণ্য কৰা হয়। খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে হালধি ব্যৱহাৰ কৰা হয় যদিও ইয়াক ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। ইয়াত এনে বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে শৰীৰৰ বাবে বহু দিশতে উপকাৰী। কিন্তু আপুনি জানেনে যে হালধি পানী খোৱাটোও শৰীৰৰ বাবে বহু দিশতে উপকাৰী। জানো আহকচোন ইয়াৰ উপকাৰিসমূহ।

হালধি পানী খোৱাৰ উপকাৰিতা-

১) হালধিত প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায়। সেয়েহে হালধি পানী খালে শৰীৰৰ ফুলা কমি গাঁঠিৰ বিষ আৰু বাতবিষৰ দৰে সমস্যা নিৰাময় কৰিব পাৰি।

২) কাৰকুমিন, এন্টিচেপ্টিক, এন্টিবেক্টেৰিয়েল গুণ হালধিত পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। শৰীৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে হালধিয়ে।

৩) হালধি পানী খালে শৰীৰ বিষমুক্ত হয়, তেজ পৰিষ্কাৰ হয় আৰু পিম্পলৰ সমস্যাৰ পৰা হাত সাৰিব পাৰে। হালধি পানীয়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰি বলিৰেখা আৰু বয়স বৃদ্ধি ৰোধ কৰে।

৪) কাৰ্কুমেন হালধিত পোৱা যায় যিয়ে কেন্সাৰ প্ৰতিৰোধী হিচাপে কাম কৰে। ই কেন্সাৰ কোষ প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টে ফ্ৰী ৰেডিকেলৰ দ্বাৰা শৰীৰৰ ক্ষতি ৰোধ কৰে।

৫) হালধি পানী ওজন কমাবলৈও সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। এই পানীয়বিধে পাচনতন্ত্ৰক সুস্থ কৰি ৰখাৰ ফলত বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু ওজন হ্ৰাস কৰাত সহায় কৰে।

৬) হালধিত থকা এন্টিঅক্সিডেন্টে শৰীৰক মানসিক চাপৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ফলত শাৰীৰিক আৰু মানসিক কাৰ্য্যক্ষমতাও উন্নত কৰে।

* হালধি পানী কেনেকৈ বনাব পাৰি-

এগিলাচ গৰম পানী লৈ তাত আধা চামুচ হালধি দি ভালদৰে মিহলি হ’বলৈ দিব। এতিয়া এই পানী উতলাই কাপত চেকি লৈ তাত মৌ মিহলাই প্ৰতিদিনে পুৱা খাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল