--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰত্যেক ভাৰতীয় ঘৰতে হালধি অতি গুৰুত্বপূৰ্ণ মছলা হিচাপে গণ্য কৰা হয়। খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে হালধি ব্যৱহাৰ কৰা হয় যদিও ইয়াক ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। ইয়াত এনে বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে শৰীৰৰ বাবে বহু দিশতে উপকাৰী। কিন্তু আপুনি জানেনে যে হালধি পানী খোৱাটোও শৰীৰৰ বাবে বহু দিশতে উপকাৰী। জানো আহকচোন ইয়াৰ উপকাৰিসমূহ।

হালধি পানী খোৱাৰ উপকাৰিতা-

১) হালধিত প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায়। সেয়েহে হালধি পানী খালে শৰীৰৰ ফুলা কমি গাঁঠিৰ বিষ আৰু বাতবিষৰ দৰে সমস্যা নিৰাময় কৰিব পাৰি।

২) কাৰকুমিন, এন্টিচেপ্টিক, এন্টিবেক্টেৰিয়েল গুণ হালধিত পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। শৰীৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে হালধিয়ে।

৩) হালধি পানী খালে শৰীৰ বিষমুক্ত হয়, তেজ পৰিষ্কাৰ হয় আৰু পিম্পলৰ সমস্যাৰ পৰা হাত সাৰিব পাৰে। হালধি পানীয়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰি বলিৰেখা আৰু বয়স বৃদ্ধি ৰোধ কৰে।

৪) কাৰ্কুমেন হালধিত পোৱা যায় যিয়ে কেন্সাৰ প্ৰতিৰোধী হিচাপে কাম কৰে। ই কেন্সাৰ কোষ প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টে ফ্ৰী ৰেডিকেলৰ দ্বাৰা শৰীৰৰ ক্ষতি ৰোধ কৰে।

৫) হালধি পানী ওজন কমাবলৈও সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। এই পানীয়বিধে পাচনতন্ত্ৰক সুস্থ কৰি ৰখাৰ ফলত বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু ওজন হ্ৰাস কৰাত সহায় কৰে।

৬) হালধিত থকা এন্টিঅক্সিডেন্টে শৰীৰক মানসিক চাপৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ফলত শাৰীৰিক আৰু মানসিক কাৰ্য্যক্ষমতাও উন্নত কৰে।

* হালধি পানী কেনেকৈ বনাব পাৰি-

এগিলাচ গৰম পানী লৈ তাত আধা চামুচ হালধি দি ভালদৰে মিহলি হ’বলৈ দিব। এতিয়া এই পানী উতলাই কাপত চেকি লৈ তাত মৌ মিহলাই প্ৰতিদিনে পুৱা খাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ