--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’নাসৃষ্ট পৰিৱেশৰ সময়ত বিপৰ্যস্ত হৈ পৰিছিল জনজীৱন। লকডাউনৰ সেই সময়ছোৱাত জীৱনৰ কঠোৰ সত্যৰ সন্মুখীন হ’বলগীয়া হৈছিল বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তই। প্ৰতিবেদনত কৰ্কট ৰোগৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছিল কৰ’নাকালীন সময়তে।

ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, সঞ্জয়ৰ ভগ্নী প্ৰিয়াই তেওঁৰ ভায়েকক এই খবৰটো দিছিল। কৰ্কট ৰোগৰ বিষয়ে শুনি অভিনেতাজনৰ ভৰিৰ তলৰ পৰা মাটি খহি যোৱা যেন অনুভৱ হৈছিল। পৰিয়াল আৰু তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বিষয়ে ভাবি ভাগি পৰিছিল সঞ্জয় দত্ত। 

কৰ্কট ৰোগত আক্ৰান্ত হোৱা সেই মুহূৰ্তটোৰ কথা স্মৰণ কৰি অভিনেতাজনে কয়, ‘সেই সময়ত, মই কেৱল ঘন্টাৰ পিছত ঘণ্টা ধৰি কান্দিছিলো। মোৰ অনুপস্থিতিত মোৰ পত্নী আৰু সন্তানৰ কি হ'ব এই চিন্তাই মোক খুলি খুলি খাইছিল।’

পাছে অনিৰুদ্ধে সঞ্জয়ে নিজকে নিজে দিছিল বুজনি। এই যুদ্ধত জয়ী হোৱাৰ মনোবল বান্ধি লৈছিল তেওঁ। লগে লগে আৰম্ভ কৰিছিল চিকিৎসা। অভিনেতাজনক তেওঁৰ চিকিৎসকে কেমোথেৰাপীৰ বহুতো পাৰ্শ্বক্ৰিয়াৰ বিষয়ে অৱগত কৰাৰ পাছতো কিন্তু সঞ্জয়ে সকলো বাধা অতিক্ৰম কৰাৰ মনোবল বান্ধি লৈছিল।

স্মৰ্তব্য যে, ২০২০ চনৰ ৪ আগষ্টত হাওঁফাওঁত কেঞ্চাৰৰ উপস্থিতি ধৰা পৰিছিল সঞ্জয় দত্তৰ। কেইদিনমানৰ পিছতে সঞ্জয় দত্তই ছ'চিয়েল মিডিয়াত লিখিছিল, ‘বিগত কেইসপ্তাহমান মোৰ আৰু মোৰ পৰিয়ালৰ বাবে অত্যন্ত কঠিন সময় আছিল। কিন্তু কথাতে আছে নহয়,  ঈশ্বৰে সদায়ে শক্তিশালী সেনাকে  কঠিন যুঁজৰ সন্মুখীন হ’বলৈ প্ৰেৰিত কৰে। মই সেই যুদ্ধত জয়ী হ’লোঁ। ’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান