--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’নাসৃষ্ট পৰিৱেশৰ সময়ত বিপৰ্যস্ত হৈ পৰিছিল জনজীৱন। লকডাউনৰ সেই সময়ছোৱাত জীৱনৰ কঠোৰ সত্যৰ সন্মুখীন হ’বলগীয়া হৈছিল বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তই। প্ৰতিবেদনত কৰ্কট ৰোগৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছিল কৰ’নাকালীন সময়তে।

ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, সঞ্জয়ৰ ভগ্নী প্ৰিয়াই তেওঁৰ ভায়েকক এই খবৰটো দিছিল। কৰ্কট ৰোগৰ বিষয়ে শুনি অভিনেতাজনৰ ভৰিৰ তলৰ পৰা মাটি খহি যোৱা যেন অনুভৱ হৈছিল। পৰিয়াল আৰু তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বিষয়ে ভাবি ভাগি পৰিছিল সঞ্জয় দত্ত। 

কৰ্কট ৰোগত আক্ৰান্ত হোৱা সেই মুহূৰ্তটোৰ কথা স্মৰণ কৰি অভিনেতাজনে কয়, ‘সেই সময়ত, মই কেৱল ঘন্টাৰ পিছত ঘণ্টা ধৰি কান্দিছিলো। মোৰ অনুপস্থিতিত মোৰ পত্নী আৰু সন্তানৰ কি হ'ব এই চিন্তাই মোক খুলি খুলি খাইছিল।’

পাছে অনিৰুদ্ধে সঞ্জয়ে নিজকে নিজে দিছিল বুজনি। এই যুদ্ধত জয়ী হোৱাৰ মনোবল বান্ধি লৈছিল তেওঁ। লগে লগে আৰম্ভ কৰিছিল চিকিৎসা। অভিনেতাজনক তেওঁৰ চিকিৎসকে কেমোথেৰাপীৰ বহুতো পাৰ্শ্বক্ৰিয়াৰ বিষয়ে অৱগত কৰাৰ পাছতো কিন্তু সঞ্জয়ে সকলো বাধা অতিক্ৰম কৰাৰ মনোবল বান্ধি লৈছিল।

স্মৰ্তব্য যে, ২০২০ চনৰ ৪ আগষ্টত হাওঁফাওঁত কেঞ্চাৰৰ উপস্থিতি ধৰা পৰিছিল সঞ্জয় দত্তৰ। কেইদিনমানৰ পিছতে সঞ্জয় দত্তই ছ'চিয়েল মিডিয়াত লিখিছিল, ‘বিগত কেইসপ্তাহমান মোৰ আৰু মোৰ পৰিয়ালৰ বাবে অত্যন্ত কঠিন সময় আছিল। কিন্তু কথাতে আছে নহয়,  ঈশ্বৰে সদায়ে শক্তিশালী সেনাকে  কঠিন যুঁজৰ সন্মুখীন হ’বলৈ প্ৰেৰিত কৰে। মই সেই যুদ্ধত জয়ী হ’লোঁ। ’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ