--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান ঘৰত স্বামী-স্ত্ৰীৰ মাজত সঘনাই কাজিয়া হয়, যাৰ ফলত ঘৰৰ পৰিৱেশ অশান্তিকৰ হৈ পৰে। কেতিয়াবা এই কাজিয়াবোৰ ইমানেই বাঢ়ি যায় যে স্বামী-স্ত্ৰীৰ সম্পৰ্কত ফাঁট মেলে। মানুহৰ ভুলৰ লগতে বাস্তুৰ দোষো এই কাজিয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে। বাস্তুশাস্ত্ৰৰ মতে যি ঘৰত শান্তি থাকে সেই ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহে। ঘৰত শান্তি বজাই ৰখাটো অতি প্ৰয়োজনীয়। যদি ঘৰত বাস্তুৰ দোষ হয় তেন্তে অতি সোনকালে সেয়া শুধৰোৱাটো অতি প্ৰয়োজনীয়।

বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি কি কৰিলে কাজিয়া নোহোৱা হ'ব জানো আহক

১)ঘৰৰ মন্দিৰ বা থাপনা পৰিষ্কাৰ কৰি ৰাখক

বাস্তুশাস্ত্ৰৰ মতে প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰৰ পূজা স্থান পৰিপাটি আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে। ইয়াৰ বাহিৰেও ঘৰৰ মন্দিৰত দেৱতাৰ ছবি বা মূৰ্তি মুখামুখিকৈ ​​ৰাখিব নালাগে। যি ঘৰত এনে হয় সেই ঘৰৰ সদস্যসকলৰ মাজত কেতিয়াও কোনো ধৰণৰ সমিলমিল নাথাকে। ইয়াৰ বাহিৰেও অত্যধিক দেৱতাৰ ছবি ঘৰত ৰাখিব নালাগে।

২)পঞ্চমুখী চাকি

মঙলবাৰে হনুমান জীক পূজা কৰোতে তেওঁৰ সন্মুখত পঞ্চমুখী চাকি জ্বলোৱা উচিত। এনে কৰিলে ঘৰত ধনাত্মক শক্তি সঞ্চাৰিত হয়। ইয়াৰ বাহিৰেও অষ্টগন্ধা ঘৰত জ্বলাই দিব পাৰি। ইয়াৰ সুগন্ধি গোটেই ঘৰটোত বিয়পি পৰিলে ঘৰখনত সুখ আৰু শান্তিৰ সৃষ্টি হয়।

৩)ঘৰত ব্যৱহাৰ নোহোৱা বস্তু নাৰাখিব

বাস্তুশাস্ত্ৰৰ মতে কোনো ধৰণৰ ভঙা বস্তু ঘৰত মজুত ৰাখিব নালাগে। ইয়াৰ বাহিৰেও যদি ঘৰৰ ইলেক্ট্ৰনিক সঁজুলিবোৰ বাৰে বাৰে ক্ষতিগ্ৰস্ত হৈ আছে, তেন্তে সেইবোৰো সলনি কৰিব লাগে। বেয়া বৈদ্যুতিক যন্ত্ৰপাতি আৰু ঘৰত জমা হোৱা আৱৰ্জনাবোৰৰ বাবে ঘৰত দুখ তথা অশান্তি পৰিস্থিতিৰ সৃষ্টি হয়।

৪)জোতা আৰু চেণ্ডেল সঠিকভাৱে ৰাখক

বাস্তুশাস্ত্ৰৰ মতে জোতা-চেণ্ডেল কেতিয়াও ওলোটাকৈ বা বিশৃংখলভাৱে ঘৰৰ মূল দুৱাৰত ৰাখিব নালাগে। ইয়াৰ বাহিৰেও জোতা-চেণ্ডেল ঘৰৰ ভিতৰতো ইফালে সিফালে পেলাই থব নালাগে। এনে কৰিলে ঘৰৰ সদস্যসকলৰ মাজত ক্লেশ বৃদ্ধি পায় লগতে ধনৰ ক্ষতি হয়।

৫)যুদ্ধৰ ফটো

বাস্তুশাস্ত্ৰৰ মতে মহাভাৰত বা যিকোনো যুদ্ধৰ সৈতে জড়িত ছবি, ফটো ঘৰত ৰাখিব নালাগে। ঘৰত সিংহ, বাঘ আদি হিংস্ৰ বনৰীয়া জন্তুৰ ছবিও থাকিব নালাগে। এই ছবিবোৰে ঘৰত ঋণাত্মক শক্তি বৃদ্ধি কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ