--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋতু পৰিৱৰ্তনৰ লগে লগে গৰমৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে। গৰমৰ দিনত পেট সম্পৰ্কীয় সমস্যাও বৃদ্ধি পায়। এনে সময়ত মুৰৰ বিষ, ভাগৰ, দুৰ্বলতা বা জ্বৰ আদিৰ দৰে সমস্যা আৰম্ভ হয়। সেয়েহে কিছুমান ঘৰুৱা প্ৰতিকাৰৰ সহায়তো ডায়েৰিয়া সমস্যা দূৰ কৰিব পাৰি। ১. হাইড্ৰেটেড হৈ থাককঃ- যেতিয়াই এনে সমস্যাৰ সন্মুখীন হয়, শৰীৰত পানীৰ অভাৱ হৈ পৰে। সেয়েহে নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী খাব, ইয়াৰ বাহিৰেও আপুনি নিমখ  আৰু চেনি মিশ্ৰণ কৰা পানী খাব পাৰে। এই পানীয়ে আপোনাৰ শৰীৰ হাইড্ৰেটেড কৰি ৰাখিব। ইয়াৰ লগতে আপুনি আহাৰৰ যত্ন কেনেদৰে লয় সেয়াও গুৰুত্বপূৰ্ণ। আহাৰত কেৱল বতৰৰ পাচলি অন্তৰ্ভুক্ত কৰক। ২. দৈঃ- ডায়েৰিয়াৰ সময়ত দৈ খাব পাৰে। দৈত থকা প্ৰ'বায়োটিকে ডায়েৰিয়াত দ্ৰুত সকাহ দিয়াৰ লগতে পেটৰ অন্যান্য সমস্যাও দূৰ কৰিব। দৈত থকা অণুজীৱবোৰে পাচন প্ৰক্ৰিয়াত যথেষ্ট সহায় কৰে, ইয়াৰ বাবে আপুনি দিনে ২ৰ পৰা ৩ চাহ চামুচ দৈহে খোৱা উচিত। ৩. জিৰাঃ- পাকঘৰত সহজে পোৱা জিৰাৰ সহায়ত ডায়েৰিয়া প্ৰতিৰোধ কৰিব পাৰি, ইয়াৰ বাবে আপুনি কুহুমীয়া পানীৰে এক চিমুটি জিৰা খাব লাগে। মনত ৰাখিব যে ইয়াক লগে লগে নাখায়, লাহে লাহে চোবাই খাব লাগে। জিৰাই আপোনাক ডায়েৰিয়াৰ পৰা সোনকালেই সকাহ দিয়াৰ লগতে পেটো ঠাণ্ডা কৰি ৰাখিব। ৪. কলঃ ডায়েৰিয়াৰ সময়ত কল খাব লাগে কিয়নো কলত পেকটিন উপাদান থাকে যিয়ে এনে সময়ত সকাহ দিয়াৰ লগতে ইয়াৰ নিয়মীয়া গ্ৰহণে ডায়েৰিয়া তৎক্ষণাৎ নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ বাবে ডায়েৰিয়াৰ সময়ত পুৱা আৰু সন্ধিয়া এটাকৈ কল খাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ