--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছন (ইউপিএছচি) পৰীক্ষাক ভাৰতৰ আটাইতকৈ কঠিন পৰীক্ষাহিচাপে গণ্য কৰা হয় ।আৰু এই অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাৰ বাবে শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটা অতি গুৰুত্বপূৰ্ণ। পিছে আপুনি জানেনে পঞ্জাৱৰ মোগাৰ বাসিন্দা ৰিতিকা জিন্দলে সকলো অসুবিধাৰ সন্মুখীন হৈও এআইআৰ ৮৮ লাভ কৰি আইএএছ বিষয়া হোৱাৰ সপোন পূৰণ কৰিছিল। ৰিতিকাই সৰুৰে পৰাই আইএএছ হ'ব বিচাৰিছিল। তেওঁ কৈছিল যে, তেওঁ পঞ্জাৱৰ এনেকুৱা ঠাইত জন্ম গ্ৰহণ কৰিছে য'ত শিশুসকলে লালা লাজপত ৰায় আৰু ভগত সিঙৰ কাহিনী শুনি ডাঙৰ হয়। তেওঁ এইবুলিও কয়, একেটা কাহিনী শুনি ডাঙৰ হৈছিলো আৰু দেশৰ বাবে আৰু দেশৰ জনসাধাৰণৰ বাবে কিবা কৰিব বিচাৰিছিলো। তেওঁ অৱশেষত ইউপিএছচি চিএছই পৰীক্ষা বাছনি কৰিছিল আৰু সঠিক সময় আহিলে এই দিশত ভৰি দিছিল। ৰিতিকা জিন্দলৰ জন্ম পঞ্জাৱৰ মোগাত হৈছিল আৰু ইয়াৰ পৰা প্ৰাৰম্ভিক পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল। দ্বাদশ শ্ৰেণীত, ৰিতিকাই উত্তৰ ভাৰতৰ চিবিএছই বোৰ্ড পৰীক্ষাত শীৰ্ষস্থান দখল কৰে। তাৰপাছত তেওঁ দিল্লীৰ শ্ৰীৰাম কলেজ অফ কমাৰ্চৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ৯৫ শতাংশ নম্বৰৰ সৈতে গোটেই মহাবিদ্যালয়খনত তৃতীয় স্থান লাভ কৰিছিল। ৰিতিকা জিন্দলে সৰুৰে পৰা আইএএছ হোৱাৰ সপোন দেখিছিল , সেয়েহে তেওঁ ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। স্নাতক হোৱাৰ পি পাছত, ৰিতিকাই প্ৰথমবাৰৰ বাবে ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তিনিওটা পৰ্যায়ত উত্তীৰ্ণ হৈছিল, কিন্তু তেওঁ চূড়ান্ত তালিকাত কেইটামান পইণ্টত পিছ পৰি আছিল আৰু দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছিল। ৰিতিকা জিন্দলে প্ৰথম প্ৰচেষ্টাত বিফল হোৱাৰ পাছত কঠোৰ পৰিশ্ৰম কৰিছিল আৰু ২০১৮ চনত দ্বিতীয় প্ৰচেষ্টাত অসামৰিক সেৱা পৰীক্ষাত সৰ্বভাৰতীয়ত ৮৮ তম স্থান লাভ কৰি তেওঁৰ শৈশৱৰ সপোন পূৰণ কৰিছিল। সেই সময়ত ৰিতিকাৰ বয়স আছিল মাত্ৰ ২২ বছৰ। ৰিতিকা জিন্দলে কৈছে যে, আইএএছ হোৱাটো ইমান সহজ নাছিল; কিয়নো প্ৰথমবাৰৰ বাবে ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সময়ত তেওঁৰ দেউতাক মুখৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু ই ৰিতিকাৰ অধ্যয়নকো প্ৰভাৱিত কৰিছিল। যেতিয়া ৰিতিকাই দ্বিতীয়বাৰৰ বাবে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল, তেওঁৰ দেউতাক হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। ৰিতিকাৰ বাবে এইটো এটা কঠিন সময় আছিল, কিন্তু তাৰ স্বত্বেও, তেওঁ অসুবিধাৰ সন্মুখীন হৈ প্ৰস্তুতি অব্যাহত ৰাখিছিল। অসুস্থ দেউতাকৰ যত্ন লোৱাৰ সময়ত, ৰিতিকাৰ বাবে ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাটো অতি কঠিন আছিল। এক সাক্ষাৎকাৰত তেওঁ কয়, 'মই অতি সীমিত আন্তঃগাঁথনি আৰু সম্পদ থকা এখন সৰু চহৰৰ পৰা আহিছো। যেতিয়াই মোৰ দেউতা অসুস্থ আছিল, আমি তেওঁক চিকিৎসাৰ বাবে লুধিয়ানালৈ লৈ যাব লগা হৈছিল আৰু মই তেওঁৰ সৈতে চিকিৎসালয়লৈ যাব লগা হৈছিল।' লগতে তেওঁ কৈছিল, 'মোৰ দেউতাক জীৱনৰ বাবে যুঁজি থকা দেখি মোক যথেষ্ট শক্তি প্ৰদান কৰিছিল আৰু মই পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিলো।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন