--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছন (ইউপিএছচি) পৰীক্ষাক ভাৰতৰ আটাইতকৈ কঠিন পৰীক্ষাহিচাপে গণ্য কৰা হয় ।আৰু এই অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাৰ বাবে শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটা অতি গুৰুত্বপূৰ্ণ। পিছে আপুনি জানেনে পঞ্জাৱৰ মোগাৰ বাসিন্দা ৰিতিকা জিন্দলে সকলো অসুবিধাৰ সন্মুখীন হৈও এআইআৰ ৮৮ লাভ কৰি আইএএছ বিষয়া হোৱাৰ সপোন পূৰণ কৰিছিল। ৰিতিকাই সৰুৰে পৰাই আইএএছ হ'ব বিচাৰিছিল। তেওঁ কৈছিল যে, তেওঁ পঞ্জাৱৰ এনেকুৱা ঠাইত জন্ম গ্ৰহণ কৰিছে য'ত শিশুসকলে লালা লাজপত ৰায় আৰু ভগত সিঙৰ কাহিনী শুনি ডাঙৰ হয়। তেওঁ এইবুলিও কয়, একেটা কাহিনী শুনি ডাঙৰ হৈছিলো আৰু দেশৰ বাবে আৰু দেশৰ জনসাধাৰণৰ বাবে কিবা কৰিব বিচাৰিছিলো। তেওঁ অৱশেষত ইউপিএছচি চিএছই পৰীক্ষা বাছনি কৰিছিল আৰু সঠিক সময় আহিলে এই দিশত ভৰি দিছিল। ৰিতিকা জিন্দলৰ জন্ম পঞ্জাৱৰ মোগাত হৈছিল আৰু ইয়াৰ পৰা প্ৰাৰম্ভিক পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল। দ্বাদশ শ্ৰেণীত, ৰিতিকাই উত্তৰ ভাৰতৰ চিবিএছই বোৰ্ড পৰীক্ষাত শীৰ্ষস্থান দখল কৰে। তাৰপাছত তেওঁ দিল্লীৰ শ্ৰীৰাম কলেজ অফ কমাৰ্চৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ৯৫ শতাংশ নম্বৰৰ সৈতে গোটেই মহাবিদ্যালয়খনত তৃতীয় স্থান লাভ কৰিছিল। ৰিতিকা জিন্দলে সৰুৰে পৰা আইএএছ হোৱাৰ সপোন দেখিছিল , সেয়েহে তেওঁ ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। স্নাতক হোৱাৰ পি পাছত, ৰিতিকাই প্ৰথমবাৰৰ বাবে ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তিনিওটা পৰ্যায়ত উত্তীৰ্ণ হৈছিল, কিন্তু তেওঁ চূড়ান্ত তালিকাত কেইটামান পইণ্টত পিছ পৰি আছিল আৰু দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছিল। ৰিতিকা জিন্দলে প্ৰথম প্ৰচেষ্টাত বিফল হোৱাৰ পাছত কঠোৰ পৰিশ্ৰম কৰিছিল আৰু ২০১৮ চনত দ্বিতীয় প্ৰচেষ্টাত অসামৰিক সেৱা পৰীক্ষাত সৰ্বভাৰতীয়ত ৮৮ তম স্থান লাভ কৰি তেওঁৰ শৈশৱৰ সপোন পূৰণ কৰিছিল। সেই সময়ত ৰিতিকাৰ বয়স আছিল মাত্ৰ ২২ বছৰ। ৰিতিকা জিন্দলে কৈছে যে, আইএএছ হোৱাটো ইমান সহজ নাছিল; কিয়নো প্ৰথমবাৰৰ বাবে ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সময়ত তেওঁৰ দেউতাক মুখৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু ই ৰিতিকাৰ অধ্যয়নকো প্ৰভাৱিত কৰিছিল। যেতিয়া ৰিতিকাই দ্বিতীয়বাৰৰ বাবে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল, তেওঁৰ দেউতাক হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। ৰিতিকাৰ বাবে এইটো এটা কঠিন সময় আছিল, কিন্তু তাৰ স্বত্বেও, তেওঁ অসুবিধাৰ সন্মুখীন হৈ প্ৰস্তুতি অব্যাহত ৰাখিছিল। অসুস্থ দেউতাকৰ যত্ন লোৱাৰ সময়ত, ৰিতিকাৰ বাবে ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাটো অতি কঠিন আছিল। এক সাক্ষাৎকাৰত তেওঁ কয়, 'মই অতি সীমিত আন্তঃগাঁথনি আৰু সম্পদ থকা এখন সৰু চহৰৰ পৰা আহিছো। যেতিয়াই মোৰ দেউতা অসুস্থ আছিল, আমি তেওঁক চিকিৎসাৰ বাবে লুধিয়ানালৈ লৈ যাব লগা হৈছিল আৰু মই তেওঁৰ সৈতে চিকিৎসালয়লৈ যাব লগা হৈছিল।' লগতে তেওঁ কৈছিল, 'মোৰ দেউতাক জীৱনৰ বাবে যুঁজি থকা দেখি মোক যথেষ্ট শক্তি প্ৰদান কৰিছিল আৰু মই পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিলো।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ