--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কপিল শৰ্মাক কমেডীৰ কিং বুলি কোৱা হয়। ইয়াৰ জৰিয়তে তেওঁ বছৰ বছৰ ধৰি টিভি জগতখন শাসন কৰি আহিছে। 

কিন্তু যেতিয়া তেওঁ ছবি জগতত প্ৰৱেশ কৰিছিল তেতিয়া ভাগ্যই কপিল শৰ্মাক অনুকূল কৰা নাছিল। কিন্তু বৰ্তমান কপিল শৰ্মা সকলোৰে প্ৰিয় কমেডিয়ান হৈ পৰিছে ৷ এতিয়ালৈকে কপিলে ‘কিছ কিছ ছে প্যাৰ কাৰু’, ‘ফিৰাংগী’ আৰু ‘জুইগাটো’ৰ দৰে ছবিত কাম কৰি আহিছে। কিন্তু অতি কম সংখ্যক লোকেহে জানে যে ইয়াৰ পূৰ্বেও এই কপিলে এখন ছবিত অভিনয় কৰিছে। যাৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ। 


আচলতে আমি কপিল শৰ্মাৰ ছবি ‘ভৱনাওঁ কো সমঝো’ শীৰ্ষক ছবিৰ কথা কৈছোঁ যিখন প্ৰায় ১৪ বছৰ আগতে মুক্তি পাইছিল। যদিও এই ছবিখনত কপিলৰ ভূমিকা সৰু আছিল আৰু ছবিখন বক্স অফিচত বেয়াকৈ ফ্লপ হৈছিল।এই ছবিখন ২০১০ চনত মুক্তি লাভ কৰিছিল।যিখন ছবিৰ পৰিচালনা আছিল কমেডিয়ান সুনীল পালৰ ৷জনী লিভাৰ, ৰাজু শ্ৰীবাস্তৱ, কপিল শৰ্মা আৰু গুৰপ্ৰীত ঘুগী, এহছান কুৰেশী, সুদেশ লাহিৰীৰ দৰে বহু মহান কমেডিয়ানে ছবিখনত কাম কৰিছিল।

তথ্য অনুসৰি এই ছবিখনৰ বাবে প্ৰায় এক কোটি টকা ব্যয় কৰা হৈছিল। কিন্তু মুক্তিৰ সময়ত বক্স অফিচত ৩.২০ লাখ টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ছবিখনে।

আপুনি জানি আচৰিত হ’ব যে কপিলৰ এই ছবিখন বক্স অফিচত বেয়াকৈ ফ্লপ হ’লেও ইয়াৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত ৰেকৰ্ড কৰা হৈছিল।আচলতে ইয়াৰ আঁৰৰ কাৰণটো হ’ল এই ছবিখনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৪৭ জন পেছাদাৰী ষ্টেণ্ড আপ কমেডিয়ানক দেখা গৈছিল।

কপিল শৰ্মাৰ কথা ক’বলৈ গ’লে আগতে দৰিদ্ৰতাত জীয়াই থকা কপিল শৰ্মা আজি প্ৰায় ২৮০ কোটি টকাৰ সম্পত্তিৰ মালিক ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ