--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কপিল শৰ্মাক কমেডীৰ কিং বুলি কোৱা হয়। ইয়াৰ জৰিয়তে তেওঁ বছৰ বছৰ ধৰি টিভি জগতখন শাসন কৰি আহিছে। 

কিন্তু যেতিয়া তেওঁ ছবি জগতত প্ৰৱেশ কৰিছিল তেতিয়া ভাগ্যই কপিল শৰ্মাক অনুকূল কৰা নাছিল। কিন্তু বৰ্তমান কপিল শৰ্মা সকলোৰে প্ৰিয় কমেডিয়ান হৈ পৰিছে ৷ এতিয়ালৈকে কপিলে ‘কিছ কিছ ছে প্যাৰ কাৰু’, ‘ফিৰাংগী’ আৰু ‘জুইগাটো’ৰ দৰে ছবিত কাম কৰি আহিছে। কিন্তু অতি কম সংখ্যক লোকেহে জানে যে ইয়াৰ পূৰ্বেও এই কপিলে এখন ছবিত অভিনয় কৰিছে। যাৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ। 

আচলতে আমি কপিল শৰ্মাৰ ছবি ‘ভৱনাওঁ কো সমঝো’ শীৰ্ষক ছবিৰ কথা কৈছোঁ যিখন প্ৰায় ১৪ বছৰ আগতে মুক্তি পাইছিল। যদিও এই ছবিখনত কপিলৰ ভূমিকা সৰু আছিল আৰু ছবিখন বক্স অফিচত বেয়াকৈ ফ্লপ হৈছিল।এই ছবিখন ২০১০ চনত মুক্তি লাভ কৰিছিল।যিখন ছবিৰ পৰিচালনা আছিল কমেডিয়ান সুনীল পালৰ ৷জনী লিভাৰ, ৰাজু শ্ৰীবাস্তৱ, কপিল শৰ্মা আৰু গুৰপ্ৰীত ঘুগী, এহছান কুৰেশী, সুদেশ লাহিৰীৰ দৰে বহু মহান কমেডিয়ানে ছবিখনত কাম কৰিছিল।

তথ্য অনুসৰি এই ছবিখনৰ বাবে প্ৰায় এক কোটি টকা ব্যয় কৰা হৈছিল। কিন্তু মুক্তিৰ সময়ত বক্স অফিচত ৩.২০ লাখ টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ছবিখনে।

আপুনি জানি আচৰিত হ’ব যে কপিলৰ এই ছবিখন বক্স অফিচত বেয়াকৈ ফ্লপ হ’লেও ইয়াৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত ৰেকৰ্ড কৰা হৈছিল।আচলতে ইয়াৰ আঁৰৰ কাৰণটো হ’ল এই ছবিখনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৪৭ জন পেছাদাৰী ষ্টেণ্ড আপ কমেডিয়ানক দেখা গৈছিল।

কপিল শৰ্মাৰ কথা ক’বলৈ গ’লে আগতে দৰিদ্ৰতাত জীয়াই থকা কপিল শৰ্মা আজি প্ৰায় ২৮০ কোটি টকাৰ সম্পত্তিৰ মালিক ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ