--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মছন্দৰী অসমৰ সকলোৰে পৰিচিত এক শাক। এই শাকবিধ  অসমৰ প্ৰায় সকলো ঠাইতে পোৱা যায়। গ্ৰহণী ৰোগত মছন্দৰী এবিধ মহাঔষধি। বাৰী, আৰু ঘৰৰ আশে-পাশে চেঁচুকীয়া জীপাল ঠাইত যথাসময়ত ই আপোনা-আপুনি লহপহীয়াকৈ গজি উঠে।  ইংৰাজীত ইয়াক ফিচ মিন্ট(Fish Mint) বা চামেলিয়ন প্লেন্ট বুলি জনা যায়। পাতবোৰৰ মাছৰ দৰে এক অস্বাভাৱিক গোন্ধ আছে। সেইবাবেই ইয়াক ফিচ মিন্ট বুলি জনা যায়। 

ইয়াৰ বিশেষ উগ্ৰ গোন্ধটো বহুতৰে প্ৰিয় নহয়। এই বৰ্ষজীৱী উদ্ভিদবিধৰ পাতৰ বৰণ ঘন সেউজীয়া। পাতৰ আকৃতি কিছু পৰিমাণে পাণৰ আকাৰৰ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে- ‘ৰানুনকুলাচ ৰেণিফ’ৰমিছ’(Ranunculus)। এই শাকবিধ জোল হিচাপেও ৰান্ধি খাব পাৰি। মছন্দৰীৰ সৈতে মাছৰ জোলকণ খাবলৈ বৰ সোৱাদ। পাতত দি সিজাই, নিমখ-তেল সানি পিটিকা কৰি খাব পাৰি আৰু পটাত পিচি চাটনি হিচাপেও খাব পাৰি। মচন্দৰীত অতি বেছি পৰিমাণে ভিটামিন এ কেৰোটিন আৰু কেলছিয়াম পোৱা যায়।


মছন্দৰীৰ উপকাৰিতা

১)ই গ্ৰহণী, তেজ গ্ৰহণী বা ৰক্তাতিসাৰ, পেটৰ কামোৰণি আদিকে ধৰি পেটৰ বিভিন্ন বেমাৰৰ বাবে এবিধ অতি উপকাৰী উত্তম বনৌষধি।

২) নহৰুৰ ৰসৰ সৈতে ইয়াৰ ৰস মিহলাই পান কৰিলে আভোক বা অৰুচি আঁতৰি যায়, পেটৰ বিষ প্ৰশমিত হয়। 

৩)জালুক আৰু পিপলিৰ চূৰ্ণৰ লগত সামান্য নিমখ মিহলাই ইয়াৰ ৰস পান কৰিলে শ্বাস কষ্ট দূৰ হয়। 

৪)ব্ৰংকাইটিছ, নিউমোনিয়া জ্বৰ আদিতো ই ফলপ্ৰসূ আৰু উপশমদায়ক। 

৫) পেটৰ বেমাৰী বিশেষকৈ ‘ক্ৰণিক ডিচেন্ট্ৰী’ত ভোগা ৰোগীৰ বাবে ই মহৌষধ।

৬) কেঁচা মছন্দৰী খালে ৰক্ত শৰ্কৰা স্তৰ (Blood sugar level) হ্ৰাস কৰাত সহায় কৰিব পাৰে। ই ইনছুলিন (Insulin) উৎপাদনত আৰু গ্লুকোজৰ সহনশীলতা উন্নত কৰাত সহায় কৰি ডায়েবেটিচৰ সৈতে যুঁজ দিয়ে।  

৭)স্বাস্থ্যকৰ কলেষ্টৰেল স্তৰ উন্নত কৰাতো মছুন্দৰীয়ে সহায় কৰে।


৮)  মছন্দৰীৰ ব্যৱহাৰে শৰীৰৰ ওজন হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰে।

৯) আঘাতপ্ৰাপ্ত ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰাত সহায় কৰে।

১০) মছন্দৰীৰ পাত খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়।

১১) মছন্দৰীয়ে  বেক্টেৰিয়াৰ সৈতেও যুঁজ দিব পাৰে।

১২) মছন্দৰীৰ পাতে ৰক্তকণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।

আহক আমাৰ বাৰীত সহজতে পোৱা এই মছন্দৰী খাই গ্ৰহণী, পেটকামোৰণি আদিকে ধৰি বহু ৰোগৰ পৰা সকাহ লাভ কৰাৰ উপৰি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰো।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ