--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তান লিংকৰ বিতৰ্কক আওকাণ কৰি কংগ্ৰেছ হাইকমাণ্ডে প্রদেশ কংগ্ৰেছৰ সভাপতি হিচাপে যোৰহাটৰ সাংসদ গৌৰৱ গগৈক নিযুক্তি দিয়াৰ পাছতেই ৰাজীৱ ভৱনৰ পৰিবেশ সলনি হৈছে। আগন্তুক বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি প্রদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গগৈক অর্পণ কৰাৰ পাছত বৃহস্পতিবাৰে গগৈয়ে তেওঁৰ টীমত অন্তর্ভুক্ত কৰিলে তিনিজনকৈ ডেকা কংগ্রেছী নেতাক।

এ পি চি চিৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল কুমাৰ গগৈয়ে এখন জাননীযোগে প্রকাশ কৰা মতে দলৰ জ্যেষ্ঠ মুখপাত্র ঋতুপর্ণ কোঁৱৰ, সম্পাদক উদিত ভানু দাস আৰু মেঘনাথ চেত্ৰীক প্রদেশ কংগ্ৰেছৰ সভাপতিৰ লগত সংলগ্ন কৰা হৈছে। প্রদেশ কংগ্ৰেছৰ সভাপতিৰ লগত সংলগ্ন নেতাসকলে কার্যালয় পৰিচালনাৰ পৰা আৰম্ভ কৰি প্রশাসনীয় তথা গুৰুত্বপূৰ্ণ সকলো কাম-কাজ পৰিচালনাত জড়িত হ'ব।

মন কৰিব লগীয়া কথা যে জ্যেষ্ঠ মুখপাত্র ঋতুপর্ণ কোঁৱৰ আৰু উদিত ভানু দাস দুয়োজনেই প্রয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘনিষ্ঠ আছিল। আনহাতে যুবনেতা মেঘনাথ চেত্ৰী কলিয়াবৰ সমষ্টিত গৌৰৱ গগৈ সাংসদ হৈ থকা কালৰে পৰা গগৈৰ ঘনিষ্ঠ বুলি পৰিচিত। উল্লেখযোগ্য যে সম্প্ৰতি দিল্লীত থকা গৌৰৱ গগৈ অহা ৩১ মে'ত অসমলৈ উভতিব। সভাপতি হোৱাৰ পিছত গুৱাহাটীলৈ নাহি পোনে পোনে যোৰহাটলৈ যাব লগীয়া গগৈয়ে সেই দিনা যোৰহাট-তিতাবৰ-টীয়ক আদিত কেইবাটাও দলীয় কার্যসূচীত ভাগ ল'ব। ইয়াৰ পাছত ১ আৰু ২ জুনত শিৱসাগৰ, নাজিৰা আৰু নগাঁৱত উপস্থিত হৈ দলীয় নেতা-কর্মীৰ সৈতে মিলিত হোৱাৰ পিছতহে তেওঁ গুৱাহাটীলৈ আহিব।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!