--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তান লিংকৰ বিতৰ্কক আওকাণ কৰি কংগ্ৰেছ হাইকমাণ্ডে প্রদেশ কংগ্ৰেছৰ সভাপতি হিচাপে যোৰহাটৰ সাংসদ গৌৰৱ গগৈক নিযুক্তি দিয়াৰ পাছতেই ৰাজীৱ ভৱনৰ পৰিবেশ সলনি হৈছে। আগন্তুক বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি প্রদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গগৈক অর্পণ কৰাৰ পাছত বৃহস্পতিবাৰে গগৈয়ে তেওঁৰ টীমত অন্তর্ভুক্ত কৰিলে তিনিজনকৈ ডেকা কংগ্রেছী নেতাক।

এ পি চি চিৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল কুমাৰ গগৈয়ে এখন জাননীযোগে প্রকাশ কৰা মতে দলৰ জ্যেষ্ঠ মুখপাত্র ঋতুপর্ণ কোঁৱৰ, সম্পাদক উদিত ভানু দাস আৰু মেঘনাথ চেত্ৰীক প্রদেশ কংগ্ৰেছৰ সভাপতিৰ লগত সংলগ্ন কৰা হৈছে। প্রদেশ কংগ্ৰেছৰ সভাপতিৰ লগত সংলগ্ন নেতাসকলে কার্যালয় পৰিচালনাৰ পৰা আৰম্ভ কৰি প্রশাসনীয় তথা গুৰুত্বপূৰ্ণ সকলো কাম-কাজ পৰিচালনাত জড়িত হ'ব।

মন কৰিব লগীয়া কথা যে জ্যেষ্ঠ মুখপাত্র ঋতুপর্ণ কোঁৱৰ আৰু উদিত ভানু দাস দুয়োজনেই প্রয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘনিষ্ঠ আছিল। আনহাতে যুবনেতা মেঘনাথ চেত্ৰী কলিয়াবৰ সমষ্টিত গৌৰৱ গগৈ সাংসদ হৈ থকা কালৰে পৰা গগৈৰ ঘনিষ্ঠ বুলি পৰিচিত। উল্লেখযোগ্য যে সম্প্ৰতি দিল্লীত থকা গৌৰৱ গগৈ অহা ৩১ মে'ত অসমলৈ উভতিব। সভাপতি হোৱাৰ পিছত গুৱাহাটীলৈ নাহি পোনে পোনে যোৰহাটলৈ যাব লগীয়া গগৈয়ে সেই দিনা যোৰহাট-তিতাবৰ-টীয়ক আদিত কেইবাটাও দলীয় কার্যসূচীত ভাগ ল'ব। ইয়াৰ পাছত ১ আৰু ২ জুনত শিৱসাগৰ, নাজিৰা আৰু নগাঁৱত উপস্থিত হৈ দলীয় নেতা-কর্মীৰ সৈতে মিলিত হোৱাৰ পিছতহে তেওঁ গুৱাহাটীলৈ আহিব।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ