--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ প্ৰাক্তন মুখ্য সচিব এম জি ভিকে ভানুৱে সাংসদ গৌৰৱ গগৈৰ পক্ষত থিয় দিছে। সামাজিক মাধ্যমযোগে দিয়া এটা ভিডিঅ' বার্তাত ভানুৱে কয় যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানলৈ যোৱা কার্যই কোনো আইন ভংগ কৰা নাই। 

তেওঁ আইনমতে ভিছা লৈ গৈছে। তেওঁ অন্য দেশৰ নাগৰিকত্ব গ্রহণ কৰাটোও আইন বিৰুদ্ধ নহয়। তেওঁ লগতে দাবী কৰে যে সাংসদজনৰ সন্তানে যিকোনো দেশৰ নাগৰিকত্ব গ্রহণ কৰিব পাৰে। এয়াও আইন উলংঘন নহয় বুলি ভানুবে প্রকাশ করে। যদি গৌৰৱ গগৈৰ পত্নীয়ে আই এছ আইৰ পৰা ধন লৈছিল বা জ্ঞাতসাৰে কোনো জেহাদী সংগঠনৰ পৰা ধন লৈছিল, তেতিয়াহে তেওঁ আইন উলংঘা কৰা হ'ব বুলিও ভানুৱে উল্লেখ কৰে। 

তেওঁ কয় যে যদি গৌৰৱ গগৈ বা তেওঁৰ পত্নীয়ে পাকিস্তানলৈ গৈ নিজে নজনাকৈ কোনো আই এছ আইৰ এজেণ্টৰ সৈতে কথা পাতিছিল সেয়াও আইন বিৰুদ্ধ নহয়। কিন্তু যদিহে তেওঁলোকে তাৰ পৰা অহাৰ পাছতো জানি-বুজি কোনো আই এছ আইৰ এজেণ্টৰ সৈতে সম্পর্ক ৰক্ষা কৰি আছে, তেতিয়াহে অপৰাধ কৰা হ'ব আৰু দেশ-বিৰোধী কাম কৰাৰ বাবে শাস্তিৰ সন্মুখীন হ'ব লাগিব। 

কিন্তু তেনে কৰা বুলি আজিলৈ প্রমাণ পোৱা নাই বুলি সদৰী কৰি ভানুৱে কয় যে এছ আই টিয়ে যদি তেনে প্রমাণ দিব পাৰে, তেতিয়াহে তেওঁলোকৰ বিৰুদ্ধে একশ্যন ল'ব পাৰে। সকলোৱে সংবিধান মতে চলিব লাগে বুলিও উল্লেখ কৰি তেওঁ কয় যে এই মুহূৰ্তলৈকে গৌৰৱ গগৈৰ পৰিয়ালৰ বিষয়ে যিমান কথা ওলাইছে তাৰ পৰা তেওঁলোকে কোনো আইন উলংঘা কৰাটো প্রমাণ নহয়।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত