--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ প্ৰাক্তন মুখ্য সচিব এম জি ভিকে ভানুৱে সাংসদ গৌৰৱ গগৈৰ পক্ষত থিয় দিছে। সামাজিক মাধ্যমযোগে দিয়া এটা ভিডিঅ' বার্তাত ভানুৱে কয় যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানলৈ যোৱা কার্যই কোনো আইন ভংগ কৰা নাই। 

তেওঁ আইনমতে ভিছা লৈ গৈছে। তেওঁ অন্য দেশৰ নাগৰিকত্ব গ্রহণ কৰাটোও আইন বিৰুদ্ধ নহয়। তেওঁ লগতে দাবী কৰে যে সাংসদজনৰ সন্তানে যিকোনো দেশৰ নাগৰিকত্ব গ্রহণ কৰিব পাৰে। এয়াও আইন উলংঘন নহয় বুলি ভানুবে প্রকাশ করে। যদি গৌৰৱ গগৈৰ পত্নীয়ে আই এছ আইৰ পৰা ধন লৈছিল বা জ্ঞাতসাৰে কোনো জেহাদী সংগঠনৰ পৰা ধন লৈছিল, তেতিয়াহে তেওঁ আইন উলংঘা কৰা হ'ব বুলিও ভানুৱে উল্লেখ কৰে। 

তেওঁ কয় যে যদি গৌৰৱ গগৈ বা তেওঁৰ পত্নীয়ে পাকিস্তানলৈ গৈ নিজে নজনাকৈ কোনো আই এছ আইৰ এজেণ্টৰ সৈতে কথা পাতিছিল সেয়াও আইন বিৰুদ্ধ নহয়। কিন্তু যদিহে তেওঁলোকে তাৰ পৰা অহাৰ পাছতো জানি-বুজি কোনো আই এছ আইৰ এজেণ্টৰ সৈতে সম্পর্ক ৰক্ষা কৰি আছে, তেতিয়াহে অপৰাধ কৰা হ'ব আৰু দেশ-বিৰোধী কাম কৰাৰ বাবে শাস্তিৰ সন্মুখীন হ'ব লাগিব। 

কিন্তু তেনে কৰা বুলি আজিলৈ প্রমাণ পোৱা নাই বুলি সদৰী কৰি ভানুৱে কয় যে এছ আই টিয়ে যদি তেনে প্রমাণ দিব পাৰে, তেতিয়াহে তেওঁলোকৰ বিৰুদ্ধে একশ্যন ল'ব পাৰে। সকলোৱে সংবিধান মতে চলিব লাগে বুলিও উল্লেখ কৰি তেওঁ কয় যে এই মুহূৰ্তলৈকে গৌৰৱ গগৈৰ পৰিয়ালৰ বিষয়ে যিমান কথা ওলাইছে তাৰ পৰা তেওঁলোকে কোনো আইন উলংঘা কৰাটো প্রমাণ নহয়।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ