--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অসমত দবা খেলৰ প্ৰতি বহু উঠি অহা যুৱক-যুৱতী তথা শিশু আগ্ৰহী হৈ পৰিছে। এই কথা শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত দবা প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধিয়েই প্ৰমাণ কৰিছে। 
  
শেহতীয়াকৈ গুৱাহাটী দবা একাডেমীয়ে আয়োজন কৰা অনুৰ্দ্ধ ৭ আৰু অনুৰ্দ্ধ ১১ বছৰ দবা প্ৰতিযোগিতাৰ অনুৰ্দ্ধ ৭বছৰ শাখাত ধান্যতা গোস্বামীয়ে ৬ ৰাউণ্ডৰ পৰা ৬ পইণ্ট সংগ্ৰহ কৰি  খিতাপ অৰ্জন কৰে।  পাৰ্থিৱ শংকৰছানাই ৪.৫  পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে।  প্ৰহৰ্ষ চৌধুৰীয়ে ৩.৫ অৰ্জন কৰি তৃতীয় স্থান লাভ কৰে।  শ্বানায়া ভৌমিক আৰু আৰাধ্যা বক্সীয়ে ৩ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাই-ব্ৰেক স্কৰৰ ভিত্তিত শ্বানায়াক চতুৰ্থ আৰু আৰধ্যাক পঞ্চম ঘোষণা কৰা হয়। 

অনুৰ্দ্ধ ১১ বছৰ শাখাত অথৰ্ৱ মহন্তই ৬ ৰাউণ্ডৰ পৰা ৫.৫ অৰ্জন কৰি প্ৰথম স্থান অধিকাৰ কৰে। নীহাৰ দাসে সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে।  স্বপ্নীল কৰে ৪.৫  অৰ্জন কৰি তৃতীয় স্থান লাভ কৰে।  হৃয়ান কৌশিক ঠাকুৰীয়া আৰু ভিভান আৰিজ ঠাকুৰীয়াই ৪ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাই-ব্ৰেক স্কৰৰ ভিত্তিত হৃয়ানক পঞ্চম আৰ ভিভানক ৬ষষ্ঠ ঘোষণা কৰা হয়।  

প্ৰতিযোগিতা খন ৩ জুনৰ পৰা ৫ জুন,২০২২ লৈ আৰ জি বৰুৱা পথত অৱষ্ঠিত গুৱাহাটী দবা একাডেমীত অনুষ্ঠিত হৈছিল।অনুৰ্দ্ধ ৭ আৰু অনুৰ্দ্ধ ১১ বছৰ দুয়োটা শাখাত মূঠ ২২ জন খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল।  ৰাস্ত্ৰীয় আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য পৰিচালক হিচাপে প্ৰতিযোগিতা খন পৰিচালনা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ