--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ শ্ৰেষ্ঠ বেটাৰ হিচাপে জনপ্ৰিয় “ফেভ ফ'ৰ” যুটিৰ অন্যতম ইংলেণ্ডৰ ক্ৰিকেট তাৰকা জ’ ৰুট। নিজৰ ধাৰাবাহিক উন্নত প্ৰদৰ্শনৰ বাবে জ’ ৰুট ইংলেণ্ড দলৰ বেটিঙৰ মূল স্তম্ভ স্বৰূপ হৈ পৰিছে ৰুট। ৰুটক কিয় এই সময়ৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে গণ্য কৰা হয়, তাৰ এক স্পষ্ট নিদৰ্শন দাঙি ধৰিলে নিউজিলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত। দেওবাৰে সামৰণি পৰা টেষ্টখনত নিশ্চিত পৰাজয়ৰ ফালে আগবঢ়া ইংলেণ্ডৰ উদ্ধাৰকাৰীৰ ৰূপত ৰুটে এক দৰ্শনীয় শতকীয় ইনিংছেৰে ইংলেণ্ডক জয়ৰ সোৱাদ দিয়ে।

২৭৭ ৰানৰ বিজয় লক্ষ্যৰে আগবঢ়া ইংলেণ্ডে মাত্ৰ ৬৯ ৰানতে ৪ টা উইকেট হেৰুৱাই বিপদত পৰাৰ পিছত ৰুটে দলৰ নৱ অধিনায়ক বেন ষ্ট’কছৰ সৈতে ৯০ ৰানৰ যুটি বান্ধে। ব্যক্তিগত ৫৪ ৰানত ষ্ট’কছে বিদায় ল’লেও ইয়াৰ পিছত ক্ৰীজলৈ অহা বেন ফ’কছক সাৰথি কৰি আৰু কোনো উইকেটৰ পতন হ’ব নিদিয়াকৈ দললৈ বিজয় কঢ়িয়াই আনে। ষষ্ঠ উইকেটৰ যুটিত দুয়ো ১২০ ৰানৰ অপৰাজিত যুটি বান্ধে। ফ’কছে ৩২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ১১৫ ৰানত অপৰাজিত হৈ ৰয় ৰুট।

উল্লেখ্য যে টেষ্ট কেৰিয়াৰত ৰুটৰ এইয়া ২৬ তম শতক। যোৱা বৰ্ষৰ এছেজ শৃংখলাত পৰাজিত হোৱাৰ পাছত ইংলেণ্ডৰ অধিনায়ক পদ ত্যাগ কৰা ৰুটে এই শতকীয় ইনিংছটোৰে টেষ্টত ১০,০০০ ৰানো সম্পূৰ্ণ কৰে। এইদৰে তেওঁ টেষ্টত ১০,০০০ ৰান সংগ্ৰহ কৰা এলায়েষ্টাৰ কুকৰ পিছত ইংলেণ্ডৰ দ্বিতীয়গৰাকী আৰু সামগ্ৰিকভাৱে বিশ্বৰ চতুৰ্দশ গৰাকী বেটাৰ হিচাপে পৰিগণিত হয়। 

১০,০০০ ৰান সংগ্ৰহৰ পথত তেওঁ আন এক অভিলেখৰো গৰাকী হয়। টেষ্টত দহ হাজাৰ সম্পূৰ্ণ কৰা বিশ্বৰ আটাইতকৈ কনিষ্ঠ বেটাৰ হিচাপে পৰিগণিত হয় ৰুট। অৱশ্যে এই ক্ষেত্ৰত তেওঁ তালিকাত ইংলেণ্ডৰ পূৰ্ব তাৰকা এলিয়েষ্টাৰ কুকৰ সৈতে যুটীয়াভাৱে শীৰ্ষস্থানত থাকে। কুকে ৩১ বছৰ আৰু ১৫৭ দিন বয়সত এই মাইলষ্ট’নত উপনীত হয়। আনহাতে দেওবাৰে ৰুটেও ৩১ বছৰ ১৫৭ দিন বয়সতে এই ঈৰ্ষণীয় সফলতা অৰ্জন কৰে। 

অৱশ্যে এই মাইলষ্ট’ন স্পৰ্শ কৰাৰ ক্ষেত্ৰত তেওঁ ইংলেণ্ডৰ আটাইতকৈ দ্ৰুত বেটাৰ হিচাপে পৰিগণিত হয়। ৰুটে টেষ্ট কেৰিয়াৰৰ ২১৮ টা ইংনিছত ১০,০০০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কুকক প্ৰয়োজন হৈছিল ২২৯ টা ইনিংছৰ। অৱশ্যে এই ক্ষেত্ৰত তেওঁ বিশ্বৰ অষ্টমজন দ্ৰুততম বেটাৰ হিচাপে স্বীকৃত হয়।

টেষ্ট কেৰিয়াৰত বৰ্তমানলৈকে ৰুটে ১১৮ খন টেষ্টৰ ২১৮ টা ইনিংছত ১০,০১৫ ৰাণ সংগ্ৰহ কৰিছে। ৰুটৰ পূৰ্বে টেষ্ট ক্ৰিকেটত ১৩ গৰাকী ক্ৰিকেটাৰে ১০,০০০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। টেষ্টত সৰ্বাধিক ৰান সংগ্ৰহৰ তালিকাত শীৰ্ষত আছে ক্ৰিকেটৰ ভগৱান খ্যাত কিংবদন্তি শচীন তেণ্ডুলকাৰ। টেষ্টত শচীনৰ নামত আছে সৰ্বাধিক ১৫,৯২১ ৰান। শচীনৰ পিছতে ১৩,৩৭৮ ৰানেৰে দ্বিতীয় স্থানত আছে অষ্টেলীয়ান কিংবদন্তি ৰিকী পণ্টিং। 

টেষ্ট ক্ৰিকেটত ১০,০০০ ৰান সংগ্ৰহ কৰা বেটাৰৰ তালিকাৰ আন কেইগৰাকী ক্ৰিকেটাৰ হৈছে- দক্ষিণ আফ্ৰিকাৰ জেক কালিছ (১৩,২৮৯ ৰান), ভাৰতৰ ৰাহুল দ্ৰাবিড় (১৩,২৮৮ ৰান, ইংলেণ্ডৰ এলিয়েষ্টাৰ কুক (১২,৪৭২ ৰান), শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰা (১২,৪০০ ৰান), ৱেষ্ট ইণ্ডিজৰ ব্ৰায়ান লাৰা (১১,৯৫৩ ৰান), ৱেষ্ট ইণ্ডিজৰে শিৱনাৰায়ন চন্দৰপ’ল (১১,৮৬৭ ৰান), শ্ৰীলংকাৰ মাহেলা জয়াবৰ্ধনে (১১,৮১৪ ৰান), অষ্ট্ৰেলিয়াৰ এলেন বৰ্ডাৰ (১১,১৭৪ ৰান), অষ্ট্ৰেলিয়াৰে ষ্টিভ’ ৱ’(১০,৯২৭), ভাৰতৰ সুনীল গাভাস্কাৰ (১০,১২২ ৰান), পাকিস্তানৰ ইউনিছ খান (১০,০৯৯ ৰান) আৰু ইংলেণ্ডৰ জ’ ৰুট (১০,০১৫ ৰান)।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ