--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰত কৰ’না ভাইৰাছ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰা সম্পূ্ৰ্ণ মুক্ত হোৱা বুলি এতিয়াই মুঠেও দাবী কৰিব নোৱাৰি। অৱশ্যে, দেশত কৰ’নাৰ চতুৰ্থ ঢৌত নতুন ৰোগীৰ সংখ্যা বেছি বৃদ্ধি হোৱা নাই, কিন্তু কৰ’নাৰ আন এবিধ নতুন প্ৰকাৰে দ্ৰুতগতিত বিস্তাৰ লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে। কেইদিনমান আগেয়ে, কৰ’নাৰ আটাইতকৈ দ্ৰুতগতিত বিয়পি পৰা অ’মিক্ৰন প্ৰকাৰৰ চাব-ভেৰিয়েণ্ট বা উপ প্ৰকাৰ বি এ-4ৰ সংক্ৰমণ চিনাক্ত হৈছিল। এতিয়া ইয়াৰ আন এক মাৰাত্মক প্ৰকাৰ অ’মিক্ৰন বিএ-5এ দেশত উদ্বেগ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে।

ভাৰতত অ’মিক্ৰন বি এ-5ৰ দ্বিতীয় ঘটনাটো শেহতীয়ীকৈ চিনাক্ত হৈছে। জানিব পৰা মতে এগৰাকী ২৯ বছৰীয়া প্ৰবাসী ভাৰতীয়ৰ দেশত এই নতুন প্ৰকাৰৰ সংক্ৰমণ চিনাক্ত হৈছে। তেওঁ শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ পৰা গুজৰাটৰ বদোদৰালৈ আহিছিল। আশ্চৰ্যজনকভাৱে, ৰোগীজনৰ দেহত কোনো ধৰণৰ লক্ষণ প্ৰকট হোৱা নাছিল। আক্ৰান্ত লোকজনৰ সংস্পৰ্শলৈ অহা তেওঁৰ পিতৃ-মাতৃৰো নমুনা পৰীক্ষা কৰা হৈছিল যদিও সেই পৰীক্ষাৰ প্ৰতিবেদন নিগেটিভ আহিছিল।

ইয়াৰ পূৰ্বে দেওবাৰে, আইএনএছএচিঅ'জিয়ে দেশত বিএ-4 আৰু বি এ-5 উপ-প্ৰকাৰৰ সংক্ৰমণৰ তথ্য নিশ্চিত কৰিছিল। এই নতুন সংক্ৰমণ তথ্য পোহৰলৈ আহিছিল তামিলনাডুত আৰু তেলেংগানাত। কৰ’নাৰ এই দুয়োটা নতুন উপ প্ৰকাৰ অতি দ্ৰুতগতিত বিয়পি পৰিব আৰু তথা বিশ্বজুৰি চতুৰ্থ ঢৌৰ কাৰণ হৈ পৰিব বুলি আশংকা কৰা হৈছে। কৰ’নাৰ এই নতুন প্ৰকাৰ এই বছৰৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকাত প্ৰথম চিনাক্ত কৰা হৈছিল।

অমিক্ৰন বি এ-5 কি

কৰ’না সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা ইয়াৰ ডেল্টা, আলফা, বিটা, গামা আৰু অ’মিক্ৰনৰ দৰে ভালেমান মাৰাত্মক উপ প্ৰকাৰৰ উদ্ভৱ হৈছে। বি এ-5 তেনে এবিধ উপ-প্ৰকাৰ। বি এ-5 বিগত ২৫ ফেব্ৰুৱাৰীত চিনাক্ত কৰা হৈছিল আৰু এতিয়া দক্ষিণ আফ্ৰিকাকে ধৰি কেইবাখনো দেশলৈ ই বিয়পি পৰাৰ তথ্য পোহৰলৈ আহিছে।

কিমান ঘাতক এই নতুন প্ৰকাৰ

এই প্ৰকাৰ চিনাক্ত হোৱাৰ তিনি মাহৰো অধিক সময় হৈছে, কিন্তু বৰ্তমানলৈ সংক্ৰমণ ব্যাপক হৈ পৰা উদাহৰণ পোৱা হোৱানাই। দ্বিতীয়তে, ইয়াৰ লক্ষণবোৰ মাৰাত্মক নহয় সেয়েহে ইয়াক 'উদ্বেগজনক প্ৰকাৰ' বুলি গণ্য কৰা নহয়। ইউৰোপীয় ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ (ইচিডিচি)ৰ মতে আগৰ প্ৰকাৰবোৰৰ তুলনাত ইয়াৰ তীব্ৰতা বৃদ্ধি হোৱাৰ কোনো প্ৰমাণ নাই।
বি এ-5ৰ লক্ষণ
বি এ-5ৰ সংক্ৰমণৰ ভালেমান লক্ষণৰ বিষয়ে শেহতীয়াকৈ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। অৱশ্যে কৰ’নাৰ আন উপ প্ৰকাৰ যেনে বিএ-2ৰ লক্ষণৰ সৈতে ইয়াৰ লক্ষণ একে। এতিয়ালৈকে বি এ-5ৰ কোনো বিশেষ নতুন লক্ষণ থকা বুলি প্ৰমাণ হোৱা নাই। অৱশ্যে, বিশ্ব স্বাস্থ্য সংস্থা আৰু অন্যান্য স্বাস্থ্য সংস্থাবোৰে ইয়াৰ ওপৰত নজৰ ৰাখিছে। 

বি এ-5ৰ সংক্ৰমণৰ সম্ভাব্য লক্ষণ

১. জ্বৰ বা চৰ্দি
২. কাহ
৩. উশাহ চুটি হোৱা বা উশাহ লোৱাত অসুবিধা
৪. ভাগৰ
৫. পেশী বা শৰীৰত বিষ
৬. মূৰৰ বিষ
৭. সোৱাদ বা গোন্ধ নোপোৱা হোৱা
৮. ডিঙিৰ বিষ
৯. নাকৰ পানী ওলোৱা
১০. বমিভাব বা ওকালি অহা
১১. ডায়েৰীয়া
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি