--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত আয়োজিত গ্ল'বেল স্পেচ এক্সপ্ল'ৰেশ্যন কনফাৰেন্সত (জি এল ই এক্স-২০২৫) আমেৰিকাস্থিত নেশ্যনেল এৰ'নটিক্‌ছ এণ্ড স্পেচ এডমিনিষ্ট্রেশনে (নাছা) অংশ নল'লে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ দ্বিতীয়টো কার্যকালত মহাকাশ সংস্থাটোৰ বাজেট কৰ্তন কৰাৰ ফলস্বৰূপে মার্কিন মহাকাশ সংস্থাটোৱে এই বিশ্বজনীন সম্মিলনখনত অংশ নল'লে। 

বিশ্বৰ ৩৭খন দেশে অংশগ্রহণ কৰা সম্মিলনখনত নাছাই লক্ষণীয়ভাৱে উপস্থিত নাছিল। মার্কিন প্রশাসনে মহাকাশ সংস্থাটোৰ বাজেটৰ ২৪.৩ শতাংশ কৰ্তন কৰাৰ প্ৰস্তাৱ লোৱাৰ পাছতেই নাছাত এতিয়া বিত্তীয় সংকটে দেখা দিয়াৰ পৰিস্থিতি হৈছে। 

আনহাতে, নাছা আৰু ইলন মাস্কৰ মাজত সংঘটিত হোৱা বর্ধিত সংঘাতে নাছাৰ বিত্তীয় ব্যৱস্থাত প্ৰভাৱ পেলাইছে। কিছুমান বিশেষজ্ঞই দাবী কৰিছে যে নাছাৰ পুঁজি কৰ্তনৰ মাজতে এইটো সন্দেহ হৈছে যে বহুতো মহাকাশ চুক্তি স্পেচ এক্সৰ দিশত গতি কৰিব।

 উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পৰ ঘনিষ্ঠ উপদেষ্টা তথা বিদেশী ৰাষ্ট্ৰসমূহৰ প্ৰতি ব্যয় কর্তন কৰাত আগভাগ লোৱা আমেৰিকাৰ তথাকথিত বিভাগ ডি অ' জি ইৰ মুৰব্বী ইলন মাস্কৰ স্পেচ এক্সে বর্তমান সময়ত দেশখনত বেছি প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ মাজতে দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় জি এল ই এক্স সম্মিলনত নাছাৰ অনুপস্থিতিয়ে যথেষ্ট তাৎপর্য বহন কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ