--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হাজো আৰক্ষী থানাৰ পৰিদৰ্শক ৰূপম হাজৰিকাৰ নেতৃত্বত হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ এটা বৃহৎ দলে খেদি খেদি ধৰিবলৈ সক্ষম হয় লাখ লাখ টকাৰ এই সামগ্ৰী কঢ়িওৱা ট্ৰাকখন।

ডিজিটেল ডেস্কঃ হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ বৃহৎ সফলতা। কামৰূপৰ দদৰা -শিঙিমাৰী পথত আৰক্ষীয়ে খেদি খেদি ধৰিলে মহানগৰীৰ পৰা লাখ লাখ টকাৰ বেটাৰী কঢ়িওৱা হাইজেক হোৱা ট্ৰাক।


হাজো আৰক্ষীয়ে দদৰা আৰক্ষীৰ সহযোগত দদৰাত ধৰিবলৈ সক্ষম হয় AS-01-NC-7829 নম্বৰৰ ট্ৰাকখন।


১২ নবেম্বৰ তাৰিখে মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ NEZONE COMPLEX ৰ শিলচৰলৈ বুলি প্ৰায় সাতাইশ লাখ টকাৰ এক্সাইড বেটাৰী আৰু ইনভাৰ্টাৰ মেচিন লৈ ৰাওনা হৈছিল ট্ৰাকখন। কিন্তু ৰহস্যজনকভাবে, ১৪ নবেম্বৰ তাৰিখে শিলচৰৰ গৈ পাবলগীয়া ট্ৰাকখন হাজো দিশে অহাৰ খবৰ লাভ কৰে আৰক্ষীয়ে।


গোপন সূত্ৰৰ ভিত্তিত লাভ কৰা এই খবৰতেই সফলতা লাভ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। হাজো আৰক্ষী থানাৰ পৰিদৰ্শক ৰূপম হাজৰিকাৰ নেতৃত্বত হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ এটা বৃহৎ দলে খেদি খেদি ধৰিবলৈ সক্ষম হয় লাখ লাখ টকাৰ এই সামগ্ৰী কঢ়িওৱা ট্ৰাকখন।


চালক,হেন্দিমেন আৰু গৰাকীয়ে নিজেই ট্ৰাকখন হাইজেক কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে, হাইজেক হোৱা বাহনখন আৰু সামগ্ৰী সমূহ আৰক্ষীয়ে জব্দ কৰাৰ লগতে আটক কৰিছে চালক হেন্দিমেন আৰু ট্ৰাকখনৰ গৰাকীক ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কনিষ্ঠতম বিধায়িকাৰ স্বীকৃতি পালে মৈথিলী ঠাকুৰে, লোকসংগীতৰ শিল্পীৰ পৰা ৰাজনীতিক হোৱাৰ যাত্ৰা
২০২৬ত বিজেপিৰ লক্ষ্য পশ্চিম বংগ
ক্ষুদ্র চাহ খেতিয়কক কেঁচা পাতৰ ন্যায্য মূল্য দিবলৈ দাবী
বিহাৰ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে জানো আহক
দিল্লী বিস্ফোৰণৰ আঁৰত পাকিস্তানী ঔৰংজেৱ
ৰূপহীহাটৰ জুৰীয়াত ভূমিকেন্দ্ৰিক সংঘাতত আহত তিনিজন
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?