--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ’জিন্দেগী দো পল কি...’দুদিনীয়া জীৱন নাট সামৰি সময়তকৈ আগতেই গুছি গ’লগৈ কৃষ্ণকুমাৰ কুন্নাথ। শ্ৰোতাৰ মাজত কে কে হিচাবে জনপ্ৰিয় শিল্পীগৰাকী আৰু নাই।সুৰৰ আকাশ উকা কৰি শিল্পী কে কেই খোজ পেলালে কোনো দিনে উভতি নহা বাটত। ৩১ মে’ৰ নিশা  কলকাতাৰ এটা সংগীতানুষ্ঠান শেষ কৰি উভতি অহাৰ সময়তে আকস্মিকভাবে মৃত্যুক সাৱটি লয় জনতাৰ মৰমৰ শিল্পীগৰাকীয়ে।

৫৩ বছৰীয়া গায়কজনে চহৰখনৰ এখন মহাবিদ্যালয় সপ্তাহত গীত পৰিবেশন কৰি থকাৰ সময়তে অসুস্থ হৈ পৰিছিল আৰু কলকাতাৰ চিএমআৰআই চিকিৎসালয়লৈ নিয়াৰ পিছতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।  এই খবৰ পোৱাৰ পিছতে হতভম্ব, শোকস্তব্ধ হৈ পৰিছে শিল্পীগৰাকীৰ অনুৰাগীসকল। অকালতে জীৱন নাট সামৰা  কে কেৰ গীতসমূহে মানুহক দিছিল জীয়াই থকাৰ প্ৰেৰণা।


হিন্দীৰ লগতে দেশৰ কেইবাটাও আন ভাষাত গীত গোৱা কে কেই  কেতিয়াও গানৰ আনুষ্ঠানিক শিক্ষাগ্ৰহণ কৰা নাছিল। সৰুৰে পৰাই কিশোৰ কুমাৰৰ গীত ওঁঠত লাগি থকা কেকে অনুপ্ৰাণিত হৈছিল কিশোৰ কুমাৰৰ গীতৰ দ্বাৰাই। এক কথাত কিশোৰ কুমাৰেই আছিল কে কেৰ সংগীতৰ গুৰু। ১৯৯৯ চনত তেওঁৰ প্ৰথম সংগীত এলবাম ’পল’-এ দেশজুৰি খ্যাতি লাভ কৰিছিল।

’হাম দিল দে চুকে চনম’, "তাডাপ টাডাপ কে" গীত সমূহ কেকেৰ কেৰিয়াৰৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট আছিল।

 ১৯৯৪ চনত মায়ানগৰী মুম্বাইলৈ যোৱাৰ আগতে কে কেই  হোটেলত গীত গাইছিল। পত্নী জ্যোতিৰ অনুপ্ৰেৰণাত তেওঁ মুম্বাইত খোপনি পোতাৰ বাবে প্ৰস্তুতি চলাই গৈছিল আৰু সুযোগৰ অপেক্ষাত আছিল।


কে কেই  ৩৫০০তকৈও অধিক জিংগল গাইছিল।

এবাৰ হোটেলত গীত গাই থাকোতে কে কে শিল্পী হৰিহৰণৰ চকুত পৰিছিল। হৰিহৰণেই কে কেক মুম্বাইলৈ যোৱাৰ বাবে সুবিধা কৰি দিছিল।
হিন্দী চলচ্চিত্ৰত কে কেই প্ৰথমবাৰৰ বাবে মাচিছ ছবিত "চৰ আয়ে হাম ৱহ গলিয়া" গীতটি গাইছিল।গীতটি প্ৰচাৰ হোৱাৰ লগে লগে কে কেৰ নাম দেশৰ শ্ৰোতাৰ মুখে মুখে বাগৰি গৈছিল।

টেলিভিছনৰ ৰিয়েলিটি শ্ব' ফেম গুৰুকুলৰ জুৰী সদস্যসকলৰ ভিতৰৰে এজন আছিল কে কে। এই শ্ব' জৰিয়তে অৰিজিত সিঙে মানুহৰ মাজত পৰিচিতি লাভ লাভ কৰিছিল।প্ৰচাৰ বিমুখ কে কেই সেই ৰিয়েলিটি শ্ব'ৰ পিছত আন কোনো টেলিভিছনৰ ৰিয়েলিটি শ্ব'ত বিচাৰকৰ দায়িত্ব গ্ৰহণ কৰা নাছিল।তেওঁ কেৱল নীৰৱে কৰি গৈছিল সংগীতৰ সাধনা।


হিন্দীৰ উপৰিও কে কেই তামিল, তেলেগু, মাৰাঠী, কানাড়া, মালায়ালম, গুজৰাটী আদি ভাষাৰ লগতে অসমীয়া ভাষাতো বহু মনপৰশা গীত গাইছিল।অসমীয়া ভাষাত তেওঁ অনুপম শইকীয়াই সংগীত পৰিচালনা কৰা ’মন’ এলবামত গীত গাইছিল।এলবামটোত কে কেৰ উপৰি ছান, সাধনা সৰগম আৰু অনুপম শইকীয়ায়ো গীত গাইছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী