--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ’জিন্দেগী দো পল কি...’দুদিনীয়া জীৱন নাট সামৰি সময়তকৈ আগতেই গুছি গ’লগৈ কৃষ্ণকুমাৰ কুন্নাথ। শ্ৰোতাৰ মাজত কে কে হিচাবে জনপ্ৰিয় শিল্পীগৰাকী আৰু নাই।সুৰৰ আকাশ উকা কৰি শিল্পী কে কেই খোজ পেলালে কোনো দিনে উভতি নহা বাটত। ৩১ মে’ৰ নিশা  কলকাতাৰ এটা সংগীতানুষ্ঠান শেষ কৰি উভতি অহাৰ সময়তে আকস্মিকভাবে মৃত্যুক সাৱটি লয় জনতাৰ মৰমৰ শিল্পীগৰাকীয়ে।

৫৩ বছৰীয়া গায়কজনে চহৰখনৰ এখন মহাবিদ্যালয় সপ্তাহত গীত পৰিবেশন কৰি থকাৰ সময়তে অসুস্থ হৈ পৰিছিল আৰু কলকাতাৰ চিএমআৰআই চিকিৎসালয়লৈ নিয়াৰ পিছতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।  এই খবৰ পোৱাৰ পিছতে হতভম্ব, শোকস্তব্ধ হৈ পৰিছে শিল্পীগৰাকীৰ অনুৰাগীসকল। অকালতে জীৱন নাট সামৰা  কে কেৰ গীতসমূহে মানুহক দিছিল জীয়াই থকাৰ প্ৰেৰণা।


হিন্দীৰ লগতে দেশৰ কেইবাটাও আন ভাষাত গীত গোৱা কে কেই  কেতিয়াও গানৰ আনুষ্ঠানিক শিক্ষাগ্ৰহণ কৰা নাছিল। সৰুৰে পৰাই কিশোৰ কুমাৰৰ গীত ওঁঠত লাগি থকা কেকে অনুপ্ৰাণিত হৈছিল কিশোৰ কুমাৰৰ গীতৰ দ্বাৰাই। এক কথাত কিশোৰ কুমাৰেই আছিল কে কেৰ সংগীতৰ গুৰু। ১৯৯৯ চনত তেওঁৰ প্ৰথম সংগীত এলবাম ’পল’-এ দেশজুৰি খ্যাতি লাভ কৰিছিল।

’হাম দিল দে চুকে চনম’, "তাডাপ টাডাপ কে" গীত সমূহ কেকেৰ কেৰিয়াৰৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট আছিল।

 ১৯৯৪ চনত মায়ানগৰী মুম্বাইলৈ যোৱাৰ আগতে কে কেই  হোটেলত গীত গাইছিল। পত্নী জ্যোতিৰ অনুপ্ৰেৰণাত তেওঁ মুম্বাইত খোপনি পোতাৰ বাবে প্ৰস্তুতি চলাই গৈছিল আৰু সুযোগৰ অপেক্ষাত আছিল।


কে কেই  ৩৫০০তকৈও অধিক জিংগল গাইছিল।

এবাৰ হোটেলত গীত গাই থাকোতে কে কে শিল্পী হৰিহৰণৰ চকুত পৰিছিল। হৰিহৰণেই কে কেক মুম্বাইলৈ যোৱাৰ বাবে সুবিধা কৰি দিছিল।
হিন্দী চলচ্চিত্ৰত কে কেই প্ৰথমবাৰৰ বাবে মাচিছ ছবিত "চৰ আয়ে হাম ৱহ গলিয়া" গীতটি গাইছিল।গীতটি প্ৰচাৰ হোৱাৰ লগে লগে কে কেৰ নাম দেশৰ শ্ৰোতাৰ মুখে মুখে বাগৰি গৈছিল।

টেলিভিছনৰ ৰিয়েলিটি শ্ব' ফেম গুৰুকুলৰ জুৰী সদস্যসকলৰ ভিতৰৰে এজন আছিল কে কে। এই শ্ব' জৰিয়তে অৰিজিত সিঙে মানুহৰ মাজত পৰিচিতি লাভ লাভ কৰিছিল।প্ৰচাৰ বিমুখ কে কেই সেই ৰিয়েলিটি শ্ব'ৰ পিছত আন কোনো টেলিভিছনৰ ৰিয়েলিটি শ্ব'ত বিচাৰকৰ দায়িত্ব গ্ৰহণ কৰা নাছিল।তেওঁ কেৱল নীৰৱে কৰি গৈছিল সংগীতৰ সাধনা।


হিন্দীৰ উপৰিও কে কেই তামিল, তেলেগু, মাৰাঠী, কানাড়া, মালায়ালম, গুজৰাটী আদি ভাষাৰ লগতে অসমীয়া ভাষাতো বহু মনপৰশা গীত গাইছিল।অসমীয়া ভাষাত তেওঁ অনুপম শইকীয়াই সংগীত পৰিচালনা কৰা ’মন’ এলবামত গীত গাইছিল।এলবামটোত কে কেৰ উপৰি ছান, সাধনা সৰগম আৰু অনুপম শইকীয়ায়ো গীত গাইছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ