--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীন আৰু ৰাছিয়াৰ দৰে শক্তিধৰ দেশক প্রত্যাহ্বান জনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে মঙলবাৰে এটা শেহতীয়া প্ৰযুক্তিৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ছিষ্টেম 'গ'ল্ডেন ডোম'ৰ বিষয়ে কৰা পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। এই ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ছিষ্টেম 'গ'ল্ডেন ডোম'ৰ বাবে মুঠ আনুমানিক ব্যয় হ'ব ১৭৫ বিলিয়ন ডলাৰ। 

এই 'গ'ল্ডেন ডোম' হ'ব প্রথমটো মার্কিন অস্ত্র, যিটো মহাকাশত স্থাপন কৰা হ'ব। আৰু তিনি বছৰৰ বাবে এই অস্ত্রটো কার্যক্ষম হৈ থাকিব। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে তেওঁৰ দলে অনাগত দিনত নিৰ্মাণ কৰিবলগা এই প্ৰতিৰক্ষা ছিষ্টেমটোৰ নক্সা চূড়ান্ত কৰিছে। এই প্ৰতিৰক্ষা ছিষ্টেমটোৱে আমেৰিকালৈ আহিবলগা আকাশী আক্ৰমণসমূহৰ ভাবুকি প্রতিহত কৰিব আৰু শত্রুদেশসমূহৰ বেলেষ্টিক আৰু ক্রুজ মিছাইলসমূহো এই প্ৰতিৰক্ষা ছিষ্টেমে প্রতিহত কৰিব পাৰিব বুলি ট্রাম্পে কয়। 

ট্রাম্পে কয় যে নির্বাচনী প্ৰচাৰৰ সময়তে তেওঁ আমেৰিকাবাসীক প্রতিশ্রুতি দিছিল যে, তেওঁ এটা শেহতীয়া প্ৰযুক্তিৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ছিষ্টেম নিৰ্মাণ কৰিব আৰু আজিৰ তাৰিখত শেহতীয়া প্ৰযুক্তিৰ এই অস্ত্ৰটোৰ নক্সা নিৰ্বাচন কৰাৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই তেওঁ সুখী হৈছে বুলি কয়। 

কি এই 'গ'ল্ডেন ডোম' ছিষ্টেম : এই গ'ল্ডেন ডোমটো হ'ব ভূমি আৰু মহাকাশ-ভিত্তিক ক্ষেপণাস্ত্র প্রতিৰোধী ছিষ্টেম, যিয়ে উৰণৰ বিভিন্ন স্তৰত ক্ষেপণাস্ত্ৰসমূহক ধৰা পেলাই সেইসমূহক অনুসৰণ কৰি মাজ আকাশতে সেইসমূহক বিধ্বস্ত কৰিব পাৰিব। বিশ্বৰ যিকোনো স্থানৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্র প্রতিহত কৰাৰ সক্ষমতা থাকিব এই 'গ'ল্ডেন ডোম'ৰ। আনকি মহাকাশৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰও প্রতিহত কৰিব পাৰিব এই 'গ'ল্ডেন ডোম' ছিষ্টেমে।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ