--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবছৰমান আগৰ কথা। বলীউড পৰিচালক কৰণ জোহৰৰ এটা অনুষ্ঠানত হাৰ্দিক পাণ্ডিয়াই বিতৰ্কিত মন্তব্য কৰি সমালোচিত হৈছিল। তৰুণ প্ৰজন্মৰ পৰা  বৃদ্ধালৈ, প্ৰতিগৰাকী ভাৰতীয়ই এইগৰাকী অলৰাউণ্ডাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছিল। পিছে হাৰ্দিক পাণ্ডিয়াই নিজৰ প্ৰদৰ্শনেৰে সেই বিতৰ্কবোৰৰ অন্ত পেলাইছিল যদিও সদ্যসমাপ্ত আইপিএলত দেখা পাণ্ডিয়াৰ এটিটিইডে মুগ্ধ কৰিছে সকলোকে। 

ফাইনেলৰ টিকট লাভৰ লগে লগে আনন্দত উচ্ছসিত হৈ পৰিছিল ডেভিদ মিলাৰ। কিন্তু অধিনায়ক পাণ্ডিয়াক অতি শান্ত, সংযমী আৰু পৰিপক্ক ৰূপত দেখিবলৈ পোৱা গৈছিল। প্ৰথমবাৰ অভিষেক ঘটা ফ্ৰেঞ্চাইজীটোৱে চেম্পিয়ন হোৱাৰ পিছতো সলনি নহ’ল হাৰ্দিক পাণ্ডিয়া। আনন্দত এগ্ৰেছিভ হৈ পৰা হার্দিকক দেখিবলৈ পোৱা নগ’ল উচ্ছসিত হোৱা। দেখিবলৈ পোৱা নগ’ল পাণ্ডিয়াৰ তীক্ষ্ণ চিঞৰ। প্ৰতিপক্ষৰ বিৰুদ্ধে আক্ৰমণাত্মক মনোভাৱ ২২ গজৰ ক্ৰীজত বেট-বলতে সীমাবদ্ধ থাকিল পাণ্ডিয়া। গুজৰাট চেম্পিয়ন হোৱাৰ লগে লগে তেওঁ নীৰৱে ডাগ আউটৰ পৰা ওলাই আহি আকাশৰ ফালে মূৰ তুলি চালে।

শুভমন গীল, ডেভিদ মিলাৰ তেতিয়া আনন্দত আত্মহাৰা হৈ পৰিছিল। ঐতিহাসিক মুহূৰ্তটো উদযাপন কৰিবলৈ লৰা লৰি কৰিছিল দলৰ সতীৰ্থসকলে। সকলোকে শান্তভাৱে সম্ভাষণ জনায় হাৰ্দিক পাণ্ডিয়াই। উল্লেখ্য যে, ভাৰতীয় অধিনায়কসকলৰ ভিতৰত মহেন্দ্ৰ সিং ধোনীক চেম্পিয়ন হোৱাৰ পিছতো ইমান সংযত হোৱা দেখা গৈছে। ৰিয়েলিটি শ্বত ‘মে আজ কৰকে আয়া’ত বিতৰ্কৰ সৃষ্টি কৰা ল’ৰাজনৰ এই পৰিৱৰ্তন দেখি সঁচাকৈয়ে আচৰিত হৈ পৰিছে ক্ৰীড়ানুৰাগী। একে সময়তে গৌৰৱান্বিতও।

প্লে’ অফৰ পিছত স্বাভাৱিকতে হাৰ্দিকৰ মনত একেটা প্ৰশ্নই ক্ৰিয়া কৰিছিল। এই পৰিৱৰ্তন কেনেকৈ হ’ল বুলি সোধাত হাৰ্দিকে বিনাদ্বিধাই কয় যে, ‘পত্নী নাতাশা আৰু পুত্ৰই মোৰ জীৱন সলনি কৰিছে।’ মাজনিশালৈকে পাৰ্টি কৰি ভাল পোৱা ল’ৰাজনে এতিয়া কেৱল ক্ৰিকেটত মনোনিৱেশ কৰাতহে আগ্ৰহী। আৰু এই একাগ্ৰতাৰে যেন পুৰস্কাৰ লাভ কৰিলে খেলুৱৈগৰাকীয়ে। দলৰ অধিনায়ক হৈয়ে জিকিলে ট্ৰফী। ইয়াৰোপৰি ২০২২ৰ আইপিএলত ৪৬৩ ৰান সংগ্ৰহেৰে ১০টা উইকেট দখল কৰে। 

মেচখনৰ শেষত হার্দিকে নাতাশাক সাৱটি আনন্দ প্রকাশ কৰা দেখা গৈছে৷ পত্নীৰ সৈতে তোলে ছেলফী। বেটাৰহাফ নাতাছাই যেন যাদুকৰী লাখুটিৰে অস্থিৰ হাৰ্দিকক বৰ্তমান পৰিস্থিতিলৈ ৰূপান্তৰিত কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত