--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবছৰমান আগৰ কথা। বলীউড পৰিচালক কৰণ জোহৰৰ এটা অনুষ্ঠানত হাৰ্দিক পাণ্ডিয়াই বিতৰ্কিত মন্তব্য কৰি সমালোচিত হৈছিল। তৰুণ প্ৰজন্মৰ পৰা  বৃদ্ধালৈ, প্ৰতিগৰাকী ভাৰতীয়ই এইগৰাকী অলৰাউণ্ডাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছিল। পিছে হাৰ্দিক পাণ্ডিয়াই নিজৰ প্ৰদৰ্শনেৰে সেই বিতৰ্কবোৰৰ অন্ত পেলাইছিল যদিও সদ্যসমাপ্ত আইপিএলত দেখা পাণ্ডিয়াৰ এটিটিইডে মুগ্ধ কৰিছে সকলোকে। 

ফাইনেলৰ টিকট লাভৰ লগে লগে আনন্দত উচ্ছসিত হৈ পৰিছিল ডেভিদ মিলাৰ। কিন্তু অধিনায়ক পাণ্ডিয়াক অতি শান্ত, সংযমী আৰু পৰিপক্ক ৰূপত দেখিবলৈ পোৱা গৈছিল। প্ৰথমবাৰ অভিষেক ঘটা ফ্ৰেঞ্চাইজীটোৱে চেম্পিয়ন হোৱাৰ পিছতো সলনি নহ’ল হাৰ্দিক পাণ্ডিয়া। আনন্দত এগ্ৰেছিভ হৈ পৰা হার্দিকক দেখিবলৈ পোৱা নগ’ল উচ্ছসিত হোৱা। দেখিবলৈ পোৱা নগ’ল পাণ্ডিয়াৰ তীক্ষ্ণ চিঞৰ। প্ৰতিপক্ষৰ বিৰুদ্ধে আক্ৰমণাত্মক মনোভাৱ ২২ গজৰ ক্ৰীজত বেট-বলতে সীমাবদ্ধ থাকিল পাণ্ডিয়া। গুজৰাট চেম্পিয়ন হোৱাৰ লগে লগে তেওঁ নীৰৱে ডাগ আউটৰ পৰা ওলাই আহি আকাশৰ ফালে মূৰ তুলি চালে।

শুভমন গীল, ডেভিদ মিলাৰ তেতিয়া আনন্দত আত্মহাৰা হৈ পৰিছিল। ঐতিহাসিক মুহূৰ্তটো উদযাপন কৰিবলৈ লৰা লৰি কৰিছিল দলৰ সতীৰ্থসকলে। সকলোকে শান্তভাৱে সম্ভাষণ জনায় হাৰ্দিক পাণ্ডিয়াই। উল্লেখ্য যে, ভাৰতীয় অধিনায়কসকলৰ ভিতৰত মহেন্দ্ৰ সিং ধোনীক চেম্পিয়ন হোৱাৰ পিছতো ইমান সংযত হোৱা দেখা গৈছে। ৰিয়েলিটি শ্বত ‘মে আজ কৰকে আয়া’ত বিতৰ্কৰ সৃষ্টি কৰা ল’ৰাজনৰ এই পৰিৱৰ্তন দেখি সঁচাকৈয়ে আচৰিত হৈ পৰিছে ক্ৰীড়ানুৰাগী। একে সময়তে গৌৰৱান্বিতও।

প্লে’ অফৰ পিছত স্বাভাৱিকতে হাৰ্দিকৰ মনত একেটা প্ৰশ্নই ক্ৰিয়া কৰিছিল। এই পৰিৱৰ্তন কেনেকৈ হ’ল বুলি সোধাত হাৰ্দিকে বিনাদ্বিধাই কয় যে, ‘পত্নী নাতাশা আৰু পুত্ৰই মোৰ জীৱন সলনি কৰিছে।’ মাজনিশালৈকে পাৰ্টি কৰি ভাল পোৱা ল’ৰাজনে এতিয়া কেৱল ক্ৰিকেটত মনোনিৱেশ কৰাতহে আগ্ৰহী। আৰু এই একাগ্ৰতাৰে যেন পুৰস্কাৰ লাভ কৰিলে খেলুৱৈগৰাকীয়ে। দলৰ অধিনায়ক হৈয়ে জিকিলে ট্ৰফী। ইয়াৰোপৰি ২০২২ৰ আইপিএলত ৪৬৩ ৰান সংগ্ৰহেৰে ১০টা উইকেট দখল কৰে। 

মেচখনৰ শেষত হার্দিকে নাতাশাক সাৱটি আনন্দ প্রকাশ কৰা দেখা গৈছে৷ পত্নীৰ সৈতে তোলে ছেলফী। বেটাৰহাফ নাতাছাই যেন যাদুকৰী লাখুটিৰে অস্থিৰ হাৰ্দিকক বৰ্তমান পৰিস্থিতিলৈ ৰূপান্তৰিত কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ