--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰখৰ বুদ্ধিমত্তাৰ অধিকাৰী হৈয়ো তেওঁ তেওঁৰ বুদ্ধি আৰু প্ৰতিভাক যেন সঠিক পথেৰে আগুৱাই নিব নোৱাৰিলে। অনৱৰতে স্বামীৰ বিৰুদ্ধে সন্দেহৰ মনোভাৱ পোষণ কৰা এই গৰাকী লেখিকাই তেওঁৰ জীৱনত যি কেইখন উপন্যাস লিখি মানুহৰ মাজতে চিনাকী হৈ পৰিছে সেই উপন্যাসসমূহৰ প্ৰায়ভাগেই স্বামীৰ প্ৰতি থকা বিদ্বেষেৰে পৰিপূৰ্ণ। স্বামী বিদ্বেষী এইগৰাকী লেখিকাই আনকি তেওঁৰ বহু চৰ্চিত উপন্যাস ’হাউ টু মাৰ্ডাৰ ইয়ৰ হাজবেণ্ড’ত যেন স্বামীক কিদৰে হত্যা কৰিব তাৰেই ইংগিত দিছিল।

 স্বামীৰ ১.৫ নিযুত ডলাৰৰ জীৱন বীমাৰ ধন হস্তগত কৰাৰ বাবেই লেখিকাগৰাকীয়ে তেওঁৰ স্বামীক হত্যা কৰিছিল। আচৰিত কথাটো হ’ল লেখিকাগৰাকীয়ে তেওঁৰ উপন্যাসত উল্লেখ কৰাৰ ধৰণেই তেওঁৰ স্বামীক হত্যা কৰিছে। 

পৰিণতিত গ্ৰেপ্তাৰ হোৱা লেখিকাগৰাকীক শেহতীয়াকৈ এখন মৰ্কিন আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে। 

বহু চৰ্চিত উপন্যাস  “হাউ টু মাৰ্ডাৰ ইয়ৰ হাজবেণ্ড”ৰ লেখিকা আমেৰিকাৰ  নেন্সি ক্ৰেমন্টন ব্ৰফিক   তেওঁৰ স্বামীক গুলীয়াই হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছে আৰু তেওঁৰ বিৰুদ্ধে শাস্তিও ঘোষণা কৰা হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আদালতে তেওঁক এইবাৰ যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। উল্লেখ্য  ৭১ বছৰীয়া এই লেখিকা গৰাকীক স্বামীক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল।

বিগত ২০১৮ চনৰ ২ জুনত অৰেগন কালিনেৰী ইনষ্টিটিউটৰ ৰান্ধনীশালৰ  পৰা ব্ৰফিৰ স্বামী ডেনিয়েলৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আৰক্ষীয়ে সন্দেহবশতঃ পত্নী নেন্সি ক্ৰেমন্টন ব্ৰফিক আটক কৰি জেৰা চলাইছিল। জেৰাত লেখিকাগৰাকীয়ে তেওঁৰ স্বামীক হত্যা কতৰাৰ কথা স্বীকাৰ কৰিছিল।

নেন্সিয়ে অনলাইন যোগে এটা   বন্দুক কিনিছিল আৰু সেই বন্দুকেৰেই স্বামীক হত্যা কৰিছিল।

 নেন্সিয়ে তেওঁৰ স্বামীক হত্যা কৰাৰ দৰে একে ঘটনা তেওঁৰ উপন্যাসতো বৰ্ণনা কৰিছিল।

এই উপন্যাস খনৰ উপৰি তেওঁ  ‘দ্য ৰং হাজবেণ্ড’ আৰু ‘হেল অন এ হাৰ্ট’ নামৰ আন দুখন উপন্যাসো লিখিছিল। 

হত্যা, অপৰাধ, বিশ্বাসঘাতকতা আৰু যৌনতাই মূল বিষয় হিচাপে স্থান লাভ কৰা তেওঁৰ উপন্যাসবোৰকলৈ ব্যাপক চৰ্চাও হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ