--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰখৰ বুদ্ধিমত্তাৰ অধিকাৰী হৈয়ো তেওঁ তেওঁৰ বুদ্ধি আৰু প্ৰতিভাক যেন সঠিক পথেৰে আগুৱাই নিব নোৱাৰিলে। অনৱৰতে স্বামীৰ বিৰুদ্ধে সন্দেহৰ মনোভাৱ পোষণ কৰা এই গৰাকী লেখিকাই তেওঁৰ জীৱনত যি কেইখন উপন্যাস লিখি মানুহৰ মাজতে চিনাকী হৈ পৰিছে সেই উপন্যাসসমূহৰ প্ৰায়ভাগেই স্বামীৰ প্ৰতি থকা বিদ্বেষেৰে পৰিপূৰ্ণ। স্বামী বিদ্বেষী এইগৰাকী লেখিকাই আনকি তেওঁৰ বহু চৰ্চিত উপন্যাস ’হাউ টু মাৰ্ডাৰ ইয়ৰ হাজবেণ্ড’ত যেন স্বামীক কিদৰে হত্যা কৰিব তাৰেই ইংগিত দিছিল।

 স্বামীৰ ১.৫ নিযুত ডলাৰৰ জীৱন বীমাৰ ধন হস্তগত কৰাৰ বাবেই লেখিকাগৰাকীয়ে তেওঁৰ স্বামীক হত্যা কৰিছিল। আচৰিত কথাটো হ’ল লেখিকাগৰাকীয়ে তেওঁৰ উপন্যাসত উল্লেখ কৰাৰ ধৰণেই তেওঁৰ স্বামীক হত্যা কৰিছে। 

পৰিণতিত গ্ৰেপ্তাৰ হোৱা লেখিকাগৰাকীক শেহতীয়াকৈ এখন মৰ্কিন আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে। 

বহু চৰ্চিত উপন্যাস  “হাউ টু মাৰ্ডাৰ ইয়ৰ হাজবেণ্ড”ৰ লেখিকা আমেৰিকাৰ  নেন্সি ক্ৰেমন্টন ব্ৰফিক   তেওঁৰ স্বামীক গুলীয়াই হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছে আৰু তেওঁৰ বিৰুদ্ধে শাস্তিও ঘোষণা কৰা হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আদালতে তেওঁক এইবাৰ যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। উল্লেখ্য  ৭১ বছৰীয়া এই লেখিকা গৰাকীক স্বামীক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল।

বিগত ২০১৮ চনৰ ২ জুনত অৰেগন কালিনেৰী ইনষ্টিটিউটৰ ৰান্ধনীশালৰ  পৰা ব্ৰফিৰ স্বামী ডেনিয়েলৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আৰক্ষীয়ে সন্দেহবশতঃ পত্নী নেন্সি ক্ৰেমন্টন ব্ৰফিক আটক কৰি জেৰা চলাইছিল। জেৰাত লেখিকাগৰাকীয়ে তেওঁৰ স্বামীক হত্যা কতৰাৰ কথা স্বীকাৰ কৰিছিল।

নেন্সিয়ে অনলাইন যোগে এটা   বন্দুক কিনিছিল আৰু সেই বন্দুকেৰেই স্বামীক হত্যা কৰিছিল।

 নেন্সিয়ে তেওঁৰ স্বামীক হত্যা কৰাৰ দৰে একে ঘটনা তেওঁৰ উপন্যাসতো বৰ্ণনা কৰিছিল।

এই উপন্যাস খনৰ উপৰি তেওঁ  ‘দ্য ৰং হাজবেণ্ড’ আৰু ‘হেল অন এ হাৰ্ট’ নামৰ আন দুখন উপন্যাসো লিখিছিল। 

হত্যা, অপৰাধ, বিশ্বাসঘাতকতা আৰু যৌনতাই মূল বিষয় হিচাপে স্থান লাভ কৰা তেওঁৰ উপন্যাসবোৰকলৈ ব্যাপক চৰ্চাও হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ