--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সময় আছিল যেতিয়া এটা নিগনিৰ আকাৰ আছিল ঘোঁৰাৰ সমান। সেই সময়ত এটা নিগনিৰ ওজন আছিল প্ৰায় ৪৫৩ কিলোগ্ৰাম।  কিছুমানে কয় যে এটা ডাঙৰ ম’হৰ ওজনৰ সমান আছিল নিগনি। এক নতুন গৱেষণাত এই কথা পোহৰলৈ আহিছে। এটা প্ৰাচীন নিগনিৰ জীৱাশ্ম উদ্ধাৰ হোৱাৰ পাছতেই এই আশ্চৰ্যকৰ কথা জানিব পৰা গৈছে। ৪৫৩ কিলোগ্ৰাম ওজনৰ Phoberomys pattersoni ইয়াৰ এক ডাঙৰ উদাহৰণ। 

বৰ্তমান সময়ত পৃথিৱীত বাস কৰা আটাইতকৈ ডাঙৰ এন্দুৰ বা নিগনিৰ জাতিটো হ’ল কেপিবাৰা। কেপিবাৰাৰ ওজন ৮০ কেজি পৰ্যন্ত হয়। কেপিবাৰাক দেখাত নিগনি আৰু হিপ’পটেমাছৰ মিশ্ৰণ যেন লাগে। ইয়াৰ পূৰ্বে পুৰাতত্ত্ববিদসকলে বাইছনৰ ওজন আৰু আকাৰৰ সমান এন্দুৰৰ অৱশিষ্ট আৱিষ্কাৰ কৰিছিল। ইয়াৰ ওজন আছিল প্ৰায় ৯০৭ কিলোগ্ৰাম। ইয়াৰ নাম আছিল Josephoartigesia monesi। কেছ ৱেষ্টাৰ্ণ ৰিজাৰ্ভ ইউনিভাৰ্চিটিৰ পেলিঅ’নট’লজিষ্ট ৰাছেল এংগেলমেনে তেওঁৰ নতুন পদ্ধতিৰে পূৰ্বৰ নিগনিৰ জোখ-মাখ কৰি উলিয়াইছে।
 কেপিবাৰা

তেওঁ ফ’ব্ৰমিছ, জোচেফ’আৰ্টিজেচিয়া আৰু অন্যান্য প্ৰাচীন এন্দুৰৰ আকাৰ কিমান আছিল সেয়া গণনা কৰি উলিয়ায়। এইবোৰ বৰ্তমানৰ প্ৰজাতিৰ এন্দুৰতকৈ বহু বেছি ডাঙৰ আছিল। আগতে  এই এন্দুৰবোৰ বৰ্তমানৰ স্তন্যপায়ী প্ৰাণীবোৰতকৈও ডাঙৰ আছিল। ২০ৰ পৰা ৮০ লাখ বছৰ ধৰি এই এন্দুৰবোৰে দক্ষিণ আমেৰিকাৰ জলাশয়ত ঘূৰি ফুৰিছিল বুলি সদৰী কৰিছে ৰাছেল এংগেলমেনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ