--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সময় আছিল যেতিয়া এটা নিগনিৰ আকাৰ আছিল ঘোঁৰাৰ সমান। সেই সময়ত এটা নিগনিৰ ওজন আছিল প্ৰায় ৪৫৩ কিলোগ্ৰাম।  কিছুমানে কয় যে এটা ডাঙৰ ম’হৰ ওজনৰ সমান আছিল নিগনি। এক নতুন গৱেষণাত এই কথা পোহৰলৈ আহিছে। এটা প্ৰাচীন নিগনিৰ জীৱাশ্ম উদ্ধাৰ হোৱাৰ পাছতেই এই আশ্চৰ্যকৰ কথা জানিব পৰা গৈছে। ৪৫৩ কিলোগ্ৰাম ওজনৰ Phoberomys pattersoni ইয়াৰ এক ডাঙৰ উদাহৰণ। 

বৰ্তমান সময়ত পৃথিৱীত বাস কৰা আটাইতকৈ ডাঙৰ এন্দুৰ বা নিগনিৰ জাতিটো হ’ল কেপিবাৰা। কেপিবাৰাৰ ওজন ৮০ কেজি পৰ্যন্ত হয়। কেপিবাৰাক দেখাত নিগনি আৰু হিপ’পটেমাছৰ মিশ্ৰণ যেন লাগে। ইয়াৰ পূৰ্বে পুৰাতত্ত্ববিদসকলে বাইছনৰ ওজন আৰু আকাৰৰ সমান এন্দুৰৰ অৱশিষ্ট আৱিষ্কাৰ কৰিছিল। ইয়াৰ ওজন আছিল প্ৰায় ৯০৭ কিলোগ্ৰাম। ইয়াৰ নাম আছিল Josephoartigesia monesi। কেছ ৱেষ্টাৰ্ণ ৰিজাৰ্ভ ইউনিভাৰ্চিটিৰ পেলিঅ’নট’লজিষ্ট ৰাছেল এংগেলমেনে তেওঁৰ নতুন পদ্ধতিৰে পূৰ্বৰ নিগনিৰ জোখ-মাখ কৰি উলিয়াইছে।
 কেপিবাৰা

তেওঁ ফ’ব্ৰমিছ, জোচেফ’আৰ্টিজেচিয়া আৰু অন্যান্য প্ৰাচীন এন্দুৰৰ আকাৰ কিমান আছিল সেয়া গণনা কৰি উলিয়ায়। এইবোৰ বৰ্তমানৰ প্ৰজাতিৰ এন্দুৰতকৈ বহু বেছি ডাঙৰ আছিল। আগতে  এই এন্দুৰবোৰ বৰ্তমানৰ স্তন্যপায়ী প্ৰাণীবোৰতকৈও ডাঙৰ আছিল। ২০ৰ পৰা ৮০ লাখ বছৰ ধৰি এই এন্দুৰবোৰে দক্ষিণ আমেৰিকাৰ জলাশয়ত ঘূৰি ফুৰিছিল বুলি সদৰী কৰিছে ৰাছেল এংগেলমেনে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ