--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ ঐতিহাসিক চাৰমিনাৰৰ কাষৰ গুলজাৰ হাউছৰ এটা ভৱনত দেওবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডত ৮টা শিশুসহ ১৭জন লোকৰ মৃত্যু হয়। তেলেংগানাৰ অগ্নিনির্বাপক বাহিনীৰ সঞ্চালক প্রধানজনে জনোৱা মতে কৃষ্ণা পাৰ্লছৰ দোকান আৰু গুলজাৰ হাউছৰ আবাসিক চৌহদত দেওবাৰে পুৱা ৬-১৬ বজাত জুই লগাৰ খবৰ পোৱাৰ লগে লগে ১১খন গাড়ীৰে জুই নুমুৱাৰ চেষ্টা কৰে।

অগ্নিনির্বাপক বাহিনীৰ লোকে ১০-১৫জন লোকক উদ্ধাৰ কৰে যদিও ১৭জনৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ'ল। শ্বৰ্ট চাৰ্কিটৰ পৰা জুই লাগে বুলিও তেওঁ প্রকাশ কৰে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰি নিহতৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। ইয়াৰ লগতে প্রধানমন্ত্রীয়ে প্রধানমন্ত্রী সাহার্য পুজিৰ পৰা নিহতৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতক ৫০ হাজাৰ টকাকৈ সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰে। তেলেংগানাৰ মুখ্য মন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰি আহতসকলৰ চিকিৎসাৰ বাবে নির্দেশ দিয়ে।

উল্লেখযোগ্য যে অগ্নিকাণ্ড সংঘটিত হোৱা অঞ্চলটোত কেইবাখনো গহনাৰ দোকান আছিল আৰু ঐতিহাসিক চাৰমিনাৰৰ সমীপত এই অগ্নিকাণ্ড সংঘটিত হৈছিল। আজিৰ এই অগ্নিকাণ্ডত জাহ যোৱা বহুতো দোকান শতিকা পুৰণি আছিল।

উৎসঃ দৈনিক জনমভূমি  

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত