--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰীৰ জগন্নাথ মন্দিৰৰ বিষয়ে প্ৰায়ে চৰ্চাত থাকে। এইবাৰ শেহতীয়াকৈ অন্য এক কাৰণত সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈছে পুৰীৰ জগন্নাথ মন্দিৰ।

এই মন্দিৰৰ ভগৱান জগন্নাথক আগবঢ়োৱা পবিত্ৰ খাদ্যক মহাপ্ৰসাদ বুলি কোৱা হয়। এই মহাপ্ৰসাদ পৰম্পৰাগতভাৱে মাটিত বহি খোৱাৰ নিয়ম পূৰ্বৰ পৰাই চলি আহিছে। সেয়েহে এই মন্দিৰত যিসকল ভক্ত‌ই দৰ্শন কৰিবলৈ যায়, প্ৰতিগৰাকী ভক্তই মাটিত বহি মহাপ্ৰসাদ গ্ৰহণ কৰে।


কিন্তু শেহতীয়াকৈ জগন্নাথ মন্দিৰৰ পৰম্পৰা ভংগ কৰি এটা পৰিয়ালে ডাইনিং টেবুলত গ্ৰহণ কৰিলে মহাপ্ৰসাদ । সামাজিক মাধ্যমত ডাইনিং টেবুলত বহি মহাপ্ৰসাদ গ্ৰহণ কৰা ভিডিঅ’ই ওড়িশাত এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে।

বাতৰি অনুসৰি, পুৰীৰ এখন বীচ্চ ৰিজ’ৰ্টৰ ডাইনিং টেবুলত শিশুসহ প্ৰায় ১০ জন সদস্যই মহাপ্ৰসাদ খাই থকাৰ লগতে মন্দিৰৰ এজন পুৰোহিতে তেওঁলোকক মহাপ্ৰসাদ বিতৰণ কৰি থকাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে।

এই দৃশ্য চকুত পৰা লগে লগে এজন ভক্ত‌ই তেওঁলোকক প্ৰশ্ন কৰাত এগৰাকী মহিলাই দৃঢ়তাৰে কয় যে তেওঁলোকে টেবুলত খাবলৈ সিদ্ধান্ত লোৱাৰ আগতে ইফালে সিফালে সুধিছিল। ইয়াৰ পিছতে ভক্তজনে পুৰোহিতজনৰ ওচৰলৈ গৈ আপুনি কিয় অনুমতি দিলে বুলিও প্ৰশ্ন কৰে।

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে জগন্নাথ ভক্তসকলৰ মাজত উদ্বেগ প্ৰকাশ পোৱাৰ লগে লগে মন্দিৰ কৰ্তৃপক্ষই এক বিবৃতি প্ৰকাশ কৰি কয় যে টেবুলত মহাপ্ৰসাদ খোৱা ঘটনা সন্দৰ্ভত তেওঁলোক অৱগত, টেবুলত মহাপ্ৰসাদ খোৱাটো পৰম্পৰাৰ বিৰুদ্ধে। মহাপ্ৰসাদ ঐশ্বৰিক আৰু মাটিত বহি খাব লাগিব বুলি মন্দিৰৰ শতিকা পুৰণি পৰম্পৰা বজাই ৰাখিবলৈ ভক্তসকলক অনুৰোধ জনাই এছ জে টি এয়ে।

উল্লেখ্য যে মন্দিৰ প্ৰশাসনে এক বিবৃতিত প্ৰকাশ কৰে যে "মন্দিৰৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে যে ভগৱানৰ ঐশ্বৰিক মহাপ্ৰসাদ অন্নব্ৰহ্মৰ ৰূপত পূজা কৰা হয়। মাটিত বহি মহাপ্ৰসাদ খোৱাৰ আচাৰ-ব্যৱহাৰৰ পৰম্পৰা অনাদি কালৰে পৰা চলি আহিছে। সেয়েহে সকলো ভক্তকে পৰম্পৰাৰ বিৰোধী কাম-কাজ, যেনে ভোজন মেজত মহাপ্ৰসাদ খোৱাৰ দৰে, সেইবোৰৰ পৰা বিৰত থাকিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে।"

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ