--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেমৰ বাবেই নিজ পুত্ৰ সন্তানক হত্যা কৰিলে মাতৃয়ে। মাত্ৰ ৪ বছৰ বয়সতে পাষাণ মাতৃৰ পাশৱিকতাৰ বলি হৈ এই পৃথিৱীৰ পৰা বিদায় মাগিলে শিশুটোৱে। 

উত্তৰ প্ৰদেশৰ কানপুৰত ঘটিছে এই জঘন্য ঘটনা। শিশুটোৱে পিন্ধি থকা তাবিজৰ ৰচীৰে মাতৃয়ে ডিঙি চেপি হত্যা কৰে। ইয়াৰ পিছতো তেওঁ সন্তুষ্ট নহ’ল আৰু নিৰীহ শিশুটিক কেইবা ঠাইতো দাঁতেৰে কামুৰি ক্ষত-বিক্ষত কৰে। তাৰপাছত পুত্ৰৰ মৃতদেহটো কাপোৰেৰে মেৰিয়াই ককাকৰ কাষৰ বিচনাখনত থৈ আহে আৰু তেওঁ ​পাকঘৰলৈ গৈ খাদ্য ৰন্ধাত ব্যস্ত হৈ পৰে। 

কিছুসময়ৰ পাছত যেতিয়া ককাক ফুল সিঙে শিশুটিয়ে অলপো লৰচৰ কৰা দেখা নাপালে, তেতিয়া তেওঁ চাদৰখন খুলিলে আৰু নাতিটো তেজেৰে লুতুৰি-পুতুৰি হৈ থকা দেখিলে। তেতিয়া ফুল সিঙে চিঞৰ-বাখৰ লগায় আৰু পৰিয়ালৰ সকলো সদস্য সেই ঠাইত গোট খায়।  পৰিয়ালৰ মানুহে মাতৃ মনীষাক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে। কঠোৰ জেৰাৰ অন্তত তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰে।

আৰক্ষীয়ে তদন্ত কৰা সময়ত পোহৰলৈ আহিল যে মনীষাই গাঁৱৰে এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল আৰু সেই পৰকীয়া 
প্ৰেমত ৪ বছৰীয়া সন্তানটি বাধা হৈ পৰিছিল, সেয়েহে শিশুটিক চিৰদিনলৈ আঁতৰাই পঠোৱাৰ চিন্তা কৰে মনীষাই। 

গোটেই ঘটনাটো কানপুৰৰ নৰৱাল অঞ্চলৰ। সেই গাঁৱৰে যুৱক সুশীলৰ বিয়া হৈছিল ফতেহপুৰৰ খাগাৰ বাসিন্দা মনীষাৰ সৈতে। তেওঁলোকৰ সংসাৰত আছিল অনিৰুদ্ধ সিং নামৰ ৪ বছৰীয়া এটি মৰমলগা পুত্ৰ সন্তান। কিছুদিন পূৰ্বে মনীষাই একেখন গাঁৱৰ এজন যুৱকৰ প্ৰেমত পৰিছিল। স্বামী সুশীলে এই কথাক লৈ পত্নীক গালি-গালাজ পাৰিছিল যদিও মনীষাৰ শুধৰণি নহ’ল।

প্ৰেমিকৰ নামত উন্মাদ হৈ পৰা মনীষা এমাহ আগতে প্ৰেমিকৰ লগত পলাই গৈছিল, লগত অনিৰুদ্ধকো লৈ গৈছিল। প্ৰেমিকৰ পৰিয়ালক হেঁচা দি স্বামীয়ে কেনেবাকৈ মনীষাক নিজৰ ঘৰলৈ উভতাই আনিলে। মাত্ৰ তিনিদিন আগতে মনীষা সন্তানৰ সৈতে তেওঁৰ ওচৰলৈ উভতি আহিছিল। ঘৰ পোৱাৰ লগে লগে সুশীলে মনীষাক তিৰস্কাৰ কৰি সুধিলে যে ''তুমি পলাইছা কিন্তু মোৰ ল’ৰাটোক লগত কিয় লৈ গৈছিলা?''

মনীষাই মনে মনে স্বামীৰ কথা শুনি থাকিল আৰু সিদ্ধান্ত ল’লে যে এই সন্তানৰ বাবেই তাইৰ প্ৰেমৰ সম্পৰ্কত প্ৰভাৱ পৰিছে গতিকে তাক প্ৰেমৰ ৰাস্তাৰ পৰা আঁতৰাই পঠাবই লাগিব। ইয়াৰ পাছতেই অতি বৰ্বৰভাৱে মনীষাই হত্যা কৰে নিজ পুত্ৰক।

সম্প্ৰতি স্বামীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত মাতৃ মনীষাক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাই সকলোকে জোঁকাৰি গৈছে। আদালতত হাজিৰ কৰাৰ পিছত তেওঁক জেললৈ প্ৰেৰণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ