--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ হাড়বিলাক দুৰ্বল হৈ আহে। এনে অৱস্থাত পনীৰৰ গ্ৰহণ লাভদায়ক হ’ব পাৰে। কিয়নো পনীৰত প্ৰচুৰ পৰিমাণে ভিটামিন বি আৰু ভিটামিন ডি পোৱা যায়।

ডিজিটেল ডেস্ক: পনীৰ খাই আপুনি ভালপায়নে? গাখীৰৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী হিচাপে পনীৰৰো বহুত উপকাৰিতা আছে। ইয়াত প্ৰটিন, কেলছিয়াম, ফচফৰাচ, ভিটামিন বি ১২, ভাল চৰ্বি আদিকে ধৰি বহু পুষ্টিকৰ উপাদান থাকে। পনীৰৰ পৰা মটৰ পনীৰ, পনীৰ টিক্কা, কৰাহী পনীৰ, পনীৰ দো-পিঁয়াজা, পনীৰ বাটাৰ মাছালা, পালক পনীৰ, ছাহী পনীৰ, পনীৰ পৰঠা আদি বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰিব পাৰি। আপোনাৰো বাৰু জানিবলৈ মন নাযায়নে ইমান সোৱাদযুক্ত পনীৰৰ পৰা আমি কি কি উপকাৰিতা লাভ কৰিব পাৰো? আহক পনীৰৰ উপকাৰিতাৰ বিষয়ে আমি জানি লওঁ। 


পনীৰৰ উপকাৰিতা


১. পনীৰত কেলছিয়াম, আইৰণ, প্ৰটিন আদি থাকে। গৰ্ভাৱস্থাত কেলছিয়াম, আইৰণ, প্ৰটিন আদিৰ প্ৰয়োজন হয়। যাৰ বাবে গৰ্ভৱতী মহিলাসকলে পনীৰ গ্ৰহণ কৰিব পাৰে। গৰ্ভৱতী মহিলাসকলৰ বাবে পনীৰ গ্ৰহণ লাভদায়ক।


২. ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ আপুনিও সেৱন কৰিব পাৰে পনীৰ। কিছু অধ্যয়নৰ মতে পনীৰে আমাৰ ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। আচলতে পনীৰত প্ৰচুৰ পৰিমানে প্ৰটিন পোৱা যায়। প্ৰটিনযুক্ত আহাৰ গ্ৰহণৰ পাছত আমাৰ বহু সময়লৈকে ভোক নালাগে। গতিকে পনীৰ সেৱনৰ ফলত আমাৰ ওজন নিয়ন্ত্ৰণত থাকে।


৩. এখন সুন্দৰ ছালৰ বাবে পনীৰৰ গ্ৰহণ লাভদায়ক হ’ব পাৰে। কিয়নো পনীৰত প্ৰচুৰত পৰিমানে ভিটামিন এ পোৱা যায়। আনফালে ভিটামিন এ এখন সুন্দৰ ছালৰ বাবে গুৰুত্বপূৰ্ণ। এনে অৱস্থাত এখন সুন্দৰ ছালৰ বাবে পনীৰৰ গ্ৰহণ লাভদায়ক হ’ব পাৰে।


৪. বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ হাড়বিলাক দুৰ্বল হৈ আহে। এনে অৱস্থাত পনীৰৰ গ্ৰহণ লাভদায়ক হ’ব পাৰে। কিয়নো পনীৰত প্ৰচুৰ পৰিমাণে ভিটামিন বি আৰু ভিটামিন ডি পোৱা যায়। এই দুয়োবিধ ভিটামিনেই হাড়ৰ বাবে উপকাৰী। কিয়নো ভিটামিন ডি গতিকে হাড় মজবুত তথা শক্তিশালী কৰি ৰাখিবলৈ আপুনিও গ্ৰহণ কৰক পনীৰ।


৫. শৰীৰৰ দুৰ্বলতা আৰু ভাগৰ হ্ৰাস কৰিবলৈ কেঁচা পনীৰ খোৱাটো অতি উপকাৰী। বহুতো পুষ্টিৰে সমৃদ্ধ হোৱাৰ বাবে, ই দুৰ্বলতা আৰু ভাগৰ উপশম কৰে, কিন্তু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু প্লেটলেট বৃদ্ধি কৰাত সহায় কৰে।


৬. পেটৰ বাবে পনীৰ ভাল। পনীৰত লেক্ট’জ কম আৰু প্ৰ’বায়’টিক বেছি থাকে। গতিকে ই অন্ত্ৰ পৰিষ্কাৰ কৰি পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ দিব পাৰে। পেটৰ সমস্যাৰ লগত জড়িতসকলে পনীৰ খাব পাৰে।


৭. যিসকল লোকে শাৰীৰিক অনুশীলন কৰে তেওঁলোকে নিজৰ খাদ্যৰ তালিকাত পনীৰ অন্তৰ্ভূক্ত কৰিব পাৰে কাৰণ পনীৰে ক্ষীপ্ৰতাৰে শৰীৰত শক্তিৰ যোগান ধৰে।


৮. ভিটামিন-ডিয়ে দাতৰ বিভিন্ন সমস্যা উদ্ভৱ হোৱাত বাধা প্ৰদান কৰে, সেয়েহে শিশু সকলৰ খাদ্যত পনীৰ অন্তৰ্ভূক্ত কৰাটো অতি জৰুৰী বুলি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত