--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ হাড়বিলাক দুৰ্বল হৈ আহে। এনে অৱস্থাত পনীৰৰ গ্ৰহণ লাভদায়ক হ’ব পাৰে। কিয়নো পনীৰত প্ৰচুৰ পৰিমাণে ভিটামিন বি আৰু ভিটামিন ডি পোৱা যায়।

ডিজিটেল ডেস্ক: পনীৰ খাই আপুনি ভালপায়নে? গাখীৰৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী হিচাপে পনীৰৰো বহুত উপকাৰিতা আছে। ইয়াত প্ৰটিন, কেলছিয়াম, ফচফৰাচ, ভিটামিন বি ১২, ভাল চৰ্বি আদিকে ধৰি বহু পুষ্টিকৰ উপাদান থাকে। পনীৰৰ পৰা মটৰ পনীৰ, পনীৰ টিক্কা, কৰাহী পনীৰ, পনীৰ দো-পিঁয়াজা, পনীৰ বাটাৰ মাছালা, পালক পনীৰ, ছাহী পনীৰ, পনীৰ পৰঠা আদি বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰিব পাৰি। আপোনাৰো বাৰু জানিবলৈ মন নাযায়নে ইমান সোৱাদযুক্ত পনীৰৰ পৰা আমি কি কি উপকাৰিতা লাভ কৰিব পাৰো? আহক পনীৰৰ উপকাৰিতাৰ বিষয়ে আমি জানি লওঁ। 


পনীৰৰ উপকাৰিতা


১. পনীৰত কেলছিয়াম, আইৰণ, প্ৰটিন আদি থাকে। গৰ্ভাৱস্থাত কেলছিয়াম, আইৰণ, প্ৰটিন আদিৰ প্ৰয়োজন হয়। যাৰ বাবে গৰ্ভৱতী মহিলাসকলে পনীৰ গ্ৰহণ কৰিব পাৰে। গৰ্ভৱতী মহিলাসকলৰ বাবে পনীৰ গ্ৰহণ লাভদায়ক।


২. ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ আপুনিও সেৱন কৰিব পাৰে পনীৰ। কিছু অধ্যয়নৰ মতে পনীৰে আমাৰ ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। আচলতে পনীৰত প্ৰচুৰ পৰিমানে প্ৰটিন পোৱা যায়। প্ৰটিনযুক্ত আহাৰ গ্ৰহণৰ পাছত আমাৰ বহু সময়লৈকে ভোক নালাগে। গতিকে পনীৰ সেৱনৰ ফলত আমাৰ ওজন নিয়ন্ত্ৰণত থাকে।


৩. এখন সুন্দৰ ছালৰ বাবে পনীৰৰ গ্ৰহণ লাভদায়ক হ’ব পাৰে। কিয়নো পনীৰত প্ৰচুৰত পৰিমানে ভিটামিন এ পোৱা যায়। আনফালে ভিটামিন এ এখন সুন্দৰ ছালৰ বাবে গুৰুত্বপূৰ্ণ। এনে অৱস্থাত এখন সুন্দৰ ছালৰ বাবে পনীৰৰ গ্ৰহণ লাভদায়ক হ’ব পাৰে।


৪. বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ হাড়বিলাক দুৰ্বল হৈ আহে। এনে অৱস্থাত পনীৰৰ গ্ৰহণ লাভদায়ক হ’ব পাৰে। কিয়নো পনীৰত প্ৰচুৰ পৰিমাণে ভিটামিন বি আৰু ভিটামিন ডি পোৱা যায়। এই দুয়োবিধ ভিটামিনেই হাড়ৰ বাবে উপকাৰী। কিয়নো ভিটামিন ডি গতিকে হাড় মজবুত তথা শক্তিশালী কৰি ৰাখিবলৈ আপুনিও গ্ৰহণ কৰক পনীৰ।


৫. শৰীৰৰ দুৰ্বলতা আৰু ভাগৰ হ্ৰাস কৰিবলৈ কেঁচা পনীৰ খোৱাটো অতি উপকাৰী। বহুতো পুষ্টিৰে সমৃদ্ধ হোৱাৰ বাবে, ই দুৰ্বলতা আৰু ভাগৰ উপশম কৰে, কিন্তু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু প্লেটলেট বৃদ্ধি কৰাত সহায় কৰে।


৬. পেটৰ বাবে পনীৰ ভাল। পনীৰত লেক্ট’জ কম আৰু প্ৰ’বায়’টিক বেছি থাকে। গতিকে ই অন্ত্ৰ পৰিষ্কাৰ কৰি পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ দিব পাৰে। পেটৰ সমস্যাৰ লগত জড়িতসকলে পনীৰ খাব পাৰে।


৭. যিসকল লোকে শাৰীৰিক অনুশীলন কৰে তেওঁলোকে নিজৰ খাদ্যৰ তালিকাত পনীৰ অন্তৰ্ভূক্ত কৰিব পাৰে কাৰণ পনীৰে ক্ষীপ্ৰতাৰে শৰীৰত শক্তিৰ যোগান ধৰে।


৮. ভিটামিন-ডিয়ে দাতৰ বিভিন্ন সমস্যা উদ্ভৱ হোৱাত বাধা প্ৰদান কৰে, সেয়েহে শিশু সকলৰ খাদ্যত পনীৰ অন্তৰ্ভূক্ত কৰাটো অতি জৰুৰী বুলি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ