--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বহু পাচলিতে নথকা কিছু উপাদান যেনে– ভিটামিন ‘বি’ৰ বহুল স্থিতি আৰু ভিটামিন ‘কে’ৰ উপস্থিতি স্কোৱাচত পোৱা যায়৷

ডিজিটেল ডেস্ক: স্কোৱাচ এক অতি পুষ্টিকৰ আৰু উপকাৰী পাচলি, যিয়ে আমাৰ স্বাস্থ্যৰ বাবে বহুতো লাভালাভ আগবঢ়ায়। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ আৰু এণ্টিঅক্সিডেণ্ট থাকে।


স্কোৱাচক ইংৰাজীত chayote বুলি কোৱা হয় আৰু ইয়াৰ আৰু বৈজ্ঞানিক নাম Sechium edule৷ ইয়াৰ ফল (খাদ্যাংশ) মঙহাল আৰু কোমল৷ ইয়াক ভাজি, সিজাই বা তৰকাৰী ৰূপত খোৱা হয়৷ বহুতে মাছ অথবা মাংসৰ লগতো ইয়াৰ তৰকাৰী খায়৷ 


বহু পাচলিতে নথকা কিছু উপাদান যেনে– ভিটামিন ‘বি’ৰ বহুল স্থিতি আৰু ভিটামিন ‘কে’ৰ উপস্থিতি স্কোৱাচত পোৱা যায়৷ 


স্কোৱাচৰ নানা উপকাৰিতা


১) সামগ্রিকভাৱে ই কম কেলৰিযুক্ত, কম কার্ব’হাইড্রেট সমৃদ্ধ আৰু উচ্চ পটাছিয়াম বহনকাৰী খাদ্য হোৱাত হূদৰোগী, মধুমেহ ৰোগী আৰু উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে উপযোগী৷ 


২) ইয়াত থকা কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰ সবল স্থিতিৰ বাবে বিশেষকৈ আমাৰ হাড়ৰ গঠন তথা ইয়াৰ দৃঢ়কৰণত ইতিবাচক প্রভাৱ পৰাটো সম্ভৱ বুলি কোৱা হয়৷ 


৩) ইয়াত থকা ভিটামিন বি১, বি২, বি৩, বি৫ আদি উপাদানসমূহে সামগ্রিকভাৱে কার্ব’হাইড্রেটৰ ভাঙোন, শক্তি উৎপাদন, স্নায়ু সবলীকৰণ তথা ছালৰ সুৰক্ষাকৰণ আদিৰ দৰে ভালেমান দিশত ইয়াৰ অৱদান থাকে বুলিও কোৱা হৈছে৷ 


৪) ই কর্কট প্রতিৰোধী৷


৫) স্কোৱাচে সাধাৰণতে মানসিক অৱসাদ, অনিদ্রা, কোষ্ঠকাঠিন্য আদিৰ হ্রাসতো সহায়কাৰীৰ ভূমিকা পালন কৰাৰ কথা পোহৰলৈ আহিছে৷ 


৬) স্কোৱাচত কেলৰি আৰু কাৰ্বোহাইড্রেটৰ পৰিমাণ কম থাকে, আনহাতে পানী আৰু ফাইবাৰ বেছি থাকে। সেয়েহে ওজন হ্ৰাস কৰিব বিচৰা লোকসকলৰ বাবে ই উপযুক্ত।


৭) উচ্চ পটাছিয়াম বহনকাৰী হোৱাৰ বাবে স্কোৱাচে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ প্ৰতিৰোধত সহায় কৰে।


৮) ইয়াত থকা কম কাৰ্বোহাইড্রেট আৰু ফাইবাৰে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখাত বিশেষ ভূমিকা লয়।


৯) স্কোৱাচত কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছ থাকে, যিয়ে আমাৰ হাড়ৰ গঠন মজবুত কৰে।


১০) প্ৰচুৰ ফাইবাৰ থকাৰ বাবে ই কোষ্ঠকাঠিন্য দূৰ কৰে আৰু পাচনতন্ত্ৰ সুস্থ ৰাখে।


১১) ভিটামিন ‘বি’ আৰু ‘কে’ৰ উপৰি ইয়াৰ এণ্টিঅক্সিডেণ্ট গুণাগুণে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বঢ়ায়।


১২) ই যেনেকৈ সহজে সিজে, তেনেকৈ আমাৰ অন্ত্রত হজমো সহজে হয়৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক