--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮১ কোটি ভাৰতীয়ৰ আধাৰ কাৰ্ডৰ তথ্য ফাদিল হৈছে। এই কথা দাবী কৰিছে ৰিচিকিউৰিটি হাণ্টাৰ ইউনিট নামৰ আমেৰিকাৰ চাইবাৰ ছিকিউৰিটি সংস্থা এটাই। যিটো দেশৰ আটাইতকৈ ডাঙৰ ডাটা লিক বুলি বিবেচিত হৈছে।

আমেৰিকাৰ চাইবাৰ ছিকিউৰিটি এজেন্সীয়ে দাবী কৰিছে যে কোটি কোটি ভাৰতীয়ৰ গুৰুত্বপূৰ্ণ তথ্য এতিয়া হেকাৰৰ হাতত। আৰু সেই তথ্য ডাৰ্ক ৱেবত নিলাম কৰা হৈছে। এইসমূহৰ দাম ৮০ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্ৰাত ৬৬ লাখ টকা) পৰ্যন্ত বুলি এজেণ্সীটোৱে দাবী কৰিছে। কেৱল আধাৰৰ তথ্যই নহয়, নাম, ফোন নম্বৰ, ঠিকনা, পাছপ’ৰ্টৰ তথ্যও ফাদিল হৈছে।

চাইবাৰ নিৰাপত্তা সংস্থাটোৱে দাবী কৰা মতে, যোৱা ৯ অক্টোবৰত চাইবাৰ অপৰাধীয়ে ‘পিডব্লিউএন০০০১’ নামৰ একাউণ্টৰ পৰা আধাৰৰ তথ্য নিলামৰ বাবে ডাৰ্ক ৱেবত কেইবাটাও পোষ্ট পোষ্ট কৰিছিল। কোৰোনাৰ সময়ত Covid টেষ্টৰ বাবে দেশবাসীয়ে আধাৰৰ তথ্য দাখিল কৰিবলগীয়া হোৱা বুলিও দাবী কৰিছে চাইবাৰ ছিকিউৰিটি এজেন্সীয়ে। ‘PWN0001’ নামৰ এটা একাউণ্টত দাবী কৰা হৈছে যে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ চাৰ্ভাৰৰ পৰা এই তথ্য ফাদিল হৈছে।

কিন্তু তথ্য কেনেদৰে ফাদিল হ’ল সেই সন্দৰ্ভত কোনো স্পষ্ট তথ্য নাই। এই ঘটনাক দেশৰ এই পৰ্যন্ত ‘বৃহত্তম’ তথ্য ভংগ বুলি প্ৰচাৰ কৰা হৈছে।

চাইবাৰ ছিকিউৰিটি এজেন্সীৰ তথ্য অনুসৰি ফাদিল হোৱা তথ্যত ভাৰতীয় নাগৰিকৰ ব্যক্তিগত তথ্যৰ সৈতে জড়িত এক লাখ ফাইল সন্নিবিষ্ট কৰা হৈছে। চৰকাৰী পৰ্টেলৰ ‘Verify Aadhaar’ বৈশিষ্ট্যৰ সহায়ত সেইবোৰ শুদ্ধ নে নহয় পৰীক্ষা কৰা হয়। ইয়াৰ উপৰিও ই কেইবাটাও ফাইল নিশ্চিত কৰে। কভিড টেষ্টৰ তথ্য সংগ্ৰহৰ দায়িত্ব লৈছিল ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰ (এন আই চি), আই চি এম আৰ আৰু স্বাস্থ্য মন্ত্ৰালয়ে। ফলত কোটি কোটি ভাৰতীয়ৰ আধাৰৰ তথ্য ফাদিল হোৱাৰ বিষয়টো ৰাজহুৱা হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ