--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮১ কোটি ভাৰতীয়ৰ আধাৰ কাৰ্ডৰ তথ্য ফাদিল হৈছে। এই কথা দাবী কৰিছে ৰিচিকিউৰিটি হাণ্টাৰ ইউনিট নামৰ আমেৰিকাৰ চাইবাৰ ছিকিউৰিটি সংস্থা এটাই। যিটো দেশৰ আটাইতকৈ ডাঙৰ ডাটা লিক বুলি বিবেচিত হৈছে।

আমেৰিকাৰ চাইবাৰ ছিকিউৰিটি এজেন্সীয়ে দাবী কৰিছে যে কোটি কোটি ভাৰতীয়ৰ গুৰুত্বপূৰ্ণ তথ্য এতিয়া হেকাৰৰ হাতত। আৰু সেই তথ্য ডাৰ্ক ৱেবত নিলাম কৰা হৈছে। এইসমূহৰ দাম ৮০ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্ৰাত ৬৬ লাখ টকা) পৰ্যন্ত বুলি এজেণ্সীটোৱে দাবী কৰিছে। কেৱল আধাৰৰ তথ্যই নহয়, নাম, ফোন নম্বৰ, ঠিকনা, পাছপ’ৰ্টৰ তথ্যও ফাদিল হৈছে।

চাইবাৰ নিৰাপত্তা সংস্থাটোৱে দাবী কৰা মতে, যোৱা ৯ অক্টোবৰত চাইবাৰ অপৰাধীয়ে ‘পিডব্লিউএন০০০১’ নামৰ একাউণ্টৰ পৰা আধাৰৰ তথ্য নিলামৰ বাবে ডাৰ্ক ৱেবত কেইবাটাও পোষ্ট পোষ্ট কৰিছিল। কোৰোনাৰ সময়ত Covid টেষ্টৰ বাবে দেশবাসীয়ে আধাৰৰ তথ্য দাখিল কৰিবলগীয়া হোৱা বুলিও দাবী কৰিছে চাইবাৰ ছিকিউৰিটি এজেন্সীয়ে। ‘PWN0001’ নামৰ এটা একাউণ্টত দাবী কৰা হৈছে যে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ চাৰ্ভাৰৰ পৰা এই তথ্য ফাদিল হৈছে।

কিন্তু তথ্য কেনেদৰে ফাদিল হ’ল সেই সন্দৰ্ভত কোনো স্পষ্ট তথ্য নাই। এই ঘটনাক দেশৰ এই পৰ্যন্ত ‘বৃহত্তম’ তথ্য ভংগ বুলি প্ৰচাৰ কৰা হৈছে।

চাইবাৰ ছিকিউৰিটি এজেন্সীৰ তথ্য অনুসৰি ফাদিল হোৱা তথ্যত ভাৰতীয় নাগৰিকৰ ব্যক্তিগত তথ্যৰ সৈতে জড়িত এক লাখ ফাইল সন্নিবিষ্ট কৰা হৈছে। চৰকাৰী পৰ্টেলৰ ‘Verify Aadhaar’ বৈশিষ্ট্যৰ সহায়ত সেইবোৰ শুদ্ধ নে নহয় পৰীক্ষা কৰা হয়। ইয়াৰ উপৰিও ই কেইবাটাও ফাইল নিশ্চিত কৰে। কভিড টেষ্টৰ তথ্য সংগ্ৰহৰ দায়িত্ব লৈছিল ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰ (এন আই চি), আই চি এম আৰ আৰু স্বাস্থ্য মন্ত্ৰালয়ে। ফলত কোটি কোটি ভাৰতীয়ৰ আধাৰৰ তথ্য ফাদিল হোৱাৰ বিষয়টো ৰাজহুৱা হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ