--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত মাৰাঠা জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ দাবীত প্ৰতিবাদৰ সৃষ্টি হৈছে মহাৰাষ্ট্ৰত। নেতা-মন্ত্ৰী-বিধায়কৰ ঘৰতো আক্ৰমণ চলিছে। কেইবাটাও আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। এনে পৰিস্থিতিত ৰাজ্যৰ দুই সাংসদ আৰু তিনিজন বিধায়কে আন্দোলনৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি মঙলবাৰে পদত্যাগ ঘোষণা কৰে।

শিৱসেনাৰ (শিন্দে শিবিৰ)ৰ সাংসদ হেমন্ত পাটিল (হিংগোলী) আৰু হেমন্ত গডছে (নাছিক)য়ে মঙলবাৰে আন্দোলনৰ সমৰ্থনত পদত্যাগ পত্ৰ প্ৰদান কৰে। শিন্দেসেনাৰ বিধায়ক ৰমেশ বৰ্ণৰৰ লগতে কংগ্ৰেছৰ বিধায়ক সুৰেশ ৱাৰপুৰকাৰ আৰু বিজেপিৰ লক্ষ্মণ পাৱাৰেও পদত্যাগ কৰে। ৰাজ্যৰ কেইবাটাও প্ৰান্তত মাৰাঠা সংৰক্ষণ আন্দোলনক কেন্দ্ৰ কৰি হিংসাত্মক ঘটনা সংঘটিত হৈছে। অৱৰোধৰ বাবে পথ আৰু ৰে’ল পৰিবহণ ব্যৱস্থা ব্যাহত হৈ পৰিছে।

এনে পৰিস্থিতিত মঙলবাৰে মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ নেতৃত্বত শিন্দেসেনা-বিজেপি-এনচিপি (অজিত) মিত্ৰজোঁটৰ চৰকাৰখনে মাৰাঠাৰ পিছপৰা ‘কুনবি’ সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰি সংৰক্ষণৰ সুবিধা প্ৰদানৰ বাবে সক্ৰিয় হৈ পৰিছে। মঙলবাৰে মন্ত্ৰীসভাৰ বৈঠকত মাৰাঠাক ‘কুনবি’ জাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ সিদ্ধান্ত লোৱা হয়। কিন্তু সেই বৈঠকত বিজেপিৰ দেৱেন্দ্ৰ ফাদনবিছ আৰু এনচিপিৰ অজিত পাৱাৰ (অজিত) দুজন উপ-মুখ্যমন্ত্ৰী উপস্থিত নাছিল। শিৱসেনাৰ নেতা উদ্ধৱ থাকৰে ঠাট্টা কৰি কয় যে এই চৰকাৰৰ মাৰাঠা সংৰক্ষণ প্ৰৱৰ্তন কৰাৰ ক্ষমতা নাই।

মহাৰাষ্ট্ৰৰ সংখ্যাগৰিষ্ঠ জনগোষ্ঠী মাৰাঠাসকলৰ বাবে সংৰক্ষণৰ দাবীত বিগত কেইবছৰ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সভা আৰু পদযাত্ৰা চলি আহিছে। শেহতীয়াকৈ আন্দোলনকাৰীয়ে আৰম্ভ কৰিছে অনশন। যোৱা সপ্তাহত এন চি পি (অজিত) গোটৰ নেতা তথা মহাৰাষ্ট্ৰৰ মন্ত্ৰী প্ৰকাশ সোলাংকিয়ে আন্দোলনৰ নেতা মনোজ জৰাংগে পাটিলৰ অনশন কাৰ্যসূচীক লৈ জিবি লোৱাত সতেজ উত্তেজনাৰ সৃষ্টি হয়। সোমবাৰে বীৰ জিলাত আন্দোলনকাৰীয়ে প্ৰকাশৰ ঘৰ ভাঙি জুই লগাই দিয়ে। বীৰ জিলাৰ শৰদ পাৱাৰৰ এন চি পি সমৰ্থক বিধায়ক সন্দিৰ কাছিৰসাগৰৰ কাৰ্যালয়তো আক্ৰমণৰ ঘটনা সংঘটিত হয়।

প্ৰসংগক্ৰমে আইন অনুসৰি চৰকাৰী চাকৰি বা শিক্ষানুষ্ঠানৰ ৫০ শতাংশতকৈ অধিক আসন জাতিভিত্তিক সংৰক্ষণৰ অধীনলৈ আনিব নোৱাৰি। ইতিমধ্যে মহাৰাষ্ট্ৰত জাতি আৰু জাতিৰ ওপৰত ভিত্তি কৰি ৫০ শতাংশ সংৰক্ষণ আছে। গতিকে মাৰাঠাৰ বাবে পুনৰ জাতিভিত্তিক সংৰক্ষণ দিয়া সম্ভৱ নহয়। ইয়াৰ পূৰ্বে উদ্ধৱ নেতৃত্বাধীন মহাবিকাশ আঘাদী মিত্ৰজোঁটৰ চৰকাৰৰ দিনত মাৰাঠা জনগোষ্ঠীৰ বাবে চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত ১৬ শতাংশ সংৰক্ষণৰ প্ৰয়াস কৰা হৈছিল।

মাৰাঠাসকলক আৰ্থিকভাৱে পিছপৰা শ্ৰেণী বুলি ঘোষণা কৰি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ প্ৰয়াস কৰা হ’ল। কিন্তু বম্বে উচ্চ ন্যায়ালয়ে অনুমতি নিদিলে। আন্দোলনৰ নেতা মনোজে কয়, "আমি কোনো আধা বেকড ৰিজাৰ্ভচন মানি নলওঁ। আমি মাৰাঠাসকলৰ বাবে পৃথকে সম্পূৰ্ণ সংৰক্ষণ বিচাৰো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে