--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত আইপিএলত দ্ৰুত বেগী বলেৰে দৃষ্টি আকৰ্ষণ কৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পেচাৰ উমৰাণ মালিকে। প্ৰতিখন খেলতে প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত বলিং কৰি আহিছে উমৰাণ মালিকে। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধেও অনিৰুদ্ধ উমৰাণ। খেলখনৰ আটাইতকৈ দ্ৰুততম বলটো নিক্ষেপ কৰিছিল মহেন্দ্ৰ সিং ধোনীলৈ। উল্লেখ্য যে, এয়া আছিল চলিত বৰ্ষৰ আইপিএলৰ আটাইতকৈ দ্ৰুত বেগী বল। আইপিএলৰ এই দ্ৰুত বেগী বলটোৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছিল মহেন্দ্ৰ সিং ধোনীয়ে।

অৱশ্যে হায়দৰাবাদৰ মেচখনত আৰম্ভণিৰে পৰাই ছন্দত নাছিল উমৰাণ মালিক। প্ৰথম ৩ অ’ভাৰত ৪০ ৰান দিয়ে  উমৰাণে। খেলৰ ১৯ সংখ্যক অ’ভাৰটো পুনৰ বল কৰিবলৈ উভতি আহিছিল উমৰাণ মালিকে। তেতিয়া বেটিং এণ্ডত আছিল ধোনী। প্ৰতি ঘণ্টাত ১৫৪ কিলোমিটাৰ বেগত য়ৰ্কাৰ কৰিছিল উমৰাণ মালিকে। সাজু আছিল ধোনী। সঠিক সময়ত বেট পেলাই দিছিল মিষ্টাৰ কুলে। ইয়াৰপূৰ্বে  জম্মু আৰু কাশ্মীৰৰ পেটাৰজনে দ্ৰুত গতিৰ য়ৰ্কাৰত বহুতো বেটছমেনক আউট কৰিছে। কিন্তু ধোনীক আউট কৰিব নোৱাৰিলে উমৰাণে।

দ্ৰুত বেগী বলেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে উমৰাণ মালিকে।  চলিত বৰ্ষৰ  আইপিএলত প্ৰথম ৫টা দ্ৰুততম বলৰ ৪টা উমৰাণে কৰা। আনজন বলাৰ হৈছে গুজৰাট টাইটানছৰ লকী ফাৰ্গুছন। তেওঁ দ্বিতীয় স্থানত আছে। তেওঁ প্ৰতি ঘণ্টাত ১৫৩.৯ কিলোমিটাৰ বেগত বল কৰিছে। তেওঁৰ পৰৱৰ্তী ৩টা আটাইতকৈ গতিশীল বল উমৰাণে কৰিছে। এইবলকেইটাৰ গতি বেগ প্ৰতি ঘণ্টাত ক্ৰমান্বয়ে ১৫৩.৩, ১৫৩.১ আৰু ১৫২.৯। চলিত আইপিএলত উমৰাণৰ বলৰ গড় গতিবেগ প্ৰতি ঘণ্টাত ১৪৬ কিলোমিটাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত