--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত আইপিএলত দ্ৰুত বেগী বলেৰে দৃষ্টি আকৰ্ষণ কৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পেচাৰ উমৰাণ মালিকে। প্ৰতিখন খেলতে প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত বলিং কৰি আহিছে উমৰাণ মালিকে। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধেও অনিৰুদ্ধ উমৰাণ। খেলখনৰ আটাইতকৈ দ্ৰুততম বলটো নিক্ষেপ কৰিছিল মহেন্দ্ৰ সিং ধোনীলৈ। উল্লেখ্য যে, এয়া আছিল চলিত বৰ্ষৰ আইপিএলৰ আটাইতকৈ দ্ৰুত বেগী বল। আইপিএলৰ এই দ্ৰুত বেগী বলটোৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছিল মহেন্দ্ৰ সিং ধোনীয়ে।

অৱশ্যে হায়দৰাবাদৰ মেচখনত আৰম্ভণিৰে পৰাই ছন্দত নাছিল উমৰাণ মালিক। প্ৰথম ৩ অ’ভাৰত ৪০ ৰান দিয়ে  উমৰাণে। খেলৰ ১৯ সংখ্যক অ’ভাৰটো পুনৰ বল কৰিবলৈ উভতি আহিছিল উমৰাণ মালিকে। তেতিয়া বেটিং এণ্ডত আছিল ধোনী। প্ৰতি ঘণ্টাত ১৫৪ কিলোমিটাৰ বেগত য়ৰ্কাৰ কৰিছিল উমৰাণ মালিকে। সাজু আছিল ধোনী। সঠিক সময়ত বেট পেলাই দিছিল মিষ্টাৰ কুলে। ইয়াৰপূৰ্বে  জম্মু আৰু কাশ্মীৰৰ পেটাৰজনে দ্ৰুত গতিৰ য়ৰ্কাৰত বহুতো বেটছমেনক আউট কৰিছে। কিন্তু ধোনীক আউট কৰিব নোৱাৰিলে উমৰাণে।

দ্ৰুত বেগী বলেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে উমৰাণ মালিকে।  চলিত বৰ্ষৰ  আইপিএলত প্ৰথম ৫টা দ্ৰুততম বলৰ ৪টা উমৰাণে কৰা। আনজন বলাৰ হৈছে গুজৰাট টাইটানছৰ লকী ফাৰ্গুছন। তেওঁ দ্বিতীয় স্থানত আছে। তেওঁ প্ৰতি ঘণ্টাত ১৫৩.৯ কিলোমিটাৰ বেগত বল কৰিছে। তেওঁৰ পৰৱৰ্তী ৩টা আটাইতকৈ গতিশীল বল উমৰাণে কৰিছে। এইবলকেইটাৰ গতি বেগ প্ৰতি ঘণ্টাত ক্ৰমান্বয়ে ১৫৩.৩, ১৫৩.১ আৰু ১৫২.৯। চলিত আইপিএলত উমৰাণৰ বলৰ গড় গতিবেগ প্ৰতি ঘণ্টাত ১৪৬ কিলোমিটাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement