--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাই ছুপাৰ কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচত সম্প্ৰচাৰকাৰী সংস্থাৰ কেমেৰাটো মহেন্দ্ৰ সিং ধোনীৰ ফালেই ৰ লাগি চাই আছিল। টছ কৰাৰ পৰা,ড্ৰেসিং ৰূমত ধোনীৰ প্ৰেকটিছ মেচলৈকে; ষ্টেডিয়ামৰ পৰা ভাহি অহা ধোনী, ধোনী, ধোনী কোৰ্হালৰ পৰা খেল শেষ হোৱাৰ পাছৰ প্ৰতিটো মুহূৰ্তই যেন বন্দী কৰা হৈছে কেমেৰাত। বাৰে বাৰে টেলিভিছনৰ পৰ্দাত দেখিবলৈ পোবা গৈছে মহেন্দ্ৰ সিং ধোনীক। ইমান দিনৰ পিছত পুনৰ অধিনায়কৰ ৰূপত ধোনী। গতিকে, চকু থকাটো স্বাভাৱিক বুলিও একাংশই লৈছে সান্তনা। পিছে, সেই কেমেৰাতে ধৰা পৰিছিল ধোনীৰ আন এক ৰূপ। শিক্ষক ধোনী। হয় এইবাৰ এগৰাকী শিক্ষকৰ ৰূপত ধোনী।


ধোনীয়ে নেতৃত্বৰ ভাৰ গ্ৰহণৰ পাছতে জয়ৰ মুখ দেখিছে চেন্নাই ছুপাৰ কিংছে। একেদিনাই ধোনীক এজন শিক্ষকৰ ভূমিকা গ্ৰহণ কৰা দেখা গৈছিল। হায়দৰাবাদৰ উমৰাণ মালিক আৰু নিকোলাছ পুৰাণৰ সৈতে কথা পাতিছিল তাৰকা ক্ৰিকেটাৰজনে। যুৱ ক্ৰিকেটাৰসকলক দিলে অজেয় মন্ত্ৰ। হায়দৰাবাদে একেখন ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। ইয়াৰ মাজতে, ধোনীৰ পৰা ডেল ষ্টেইনে জাৰ্ছীত লয় স্বাক্ষৰ। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন পেচাৰজনে নিজেই উমৰাণৰ দায়িত্ব লৈছে। উমৰাণক তৈয়াৰ কৰিছে হায়দৰাবাদৰ বলিং প্ৰশিক্ষক ষ্টেইনে।


মন কৰিবলগীয়া যে, উমৰাণে ইতিমধ্যে চলিত আইপিএলত ১৫টা উইকেট দখল কৰিছে। ১৫০ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত বলিং কৰে উমৰাণে। ধোনীৰ অভিজ্ঞতাই উমৰাণৰ দৰে প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰক আৰু অধিক উপকৃত কৰিব বুলি ধাৰণা কৰা হৈছে। নিকোলাছ পুৰানেও তেনেদৰে ধোনীৰ পৰা শিক্ষা লৈছে কেনেদৰে হ’ব পাৰি গ্ৰেট ফিনিছাৰ। স্বাভাৱকিতে, ধোনীৰ সৈতে অন্তৰংগ মুহূৰ্ত কটাবলৈ পাই সুখী দুই ক্ৰিকেটাৰ। কাৰোবাক কিবা এটা শিকাইয়ো যে কেনে এক অনিৰ্বচনীয় আনন্দ লাভ কৰিব পাৰি কিম্বা এজন ব্যক্তি কিমান প্ৰিয় হ’লে মন্ত্ৰমুগ্ধ হৈ এনেদৰে পল-অনুপল ধৰি শুনি থাকিব পাৰি দীঘলীয়া ভাষণ!  এই ছবিবোৰেই যেন তুলি ধৰিছে তাৰে এক বিতোপন চিত্ৰপট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ