--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক একেলগে শৰীৰ চৰ্চা কৰা দেখা গৈছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ ক্ৰিকেটাৰসকলে যিখন হোটেলত আছে সেইখন হোটেলৰ জিমত একেলগে শৰীৰ চৰ্চা কৰিছে ক্ৰিকেটাৰ-অভিনেত্ৰী যুটিয়ে। অনুষ্কাৰ সৈতে শৰীৰ চৰ্চাৰ এটা ভিডিঅ' পোষ্ট কৰিছে কোহলীয়ে। কেপচনত কোহলীয়ে লিখিছে, ‘প্ৰিয়তমাৰ সৈতে মোৰ প্ৰিয় ঠাইত।’ ভিডিঅ’টিত কোহলীক ৱেইট লিফটিং কৰা দেখা গৈছে। অনুষ্কাইয়ো কোহলীৰ কাষত থিয় হৈ আছিল আৰু পাতল ওজন তুলিছিল। ইয়াৰপূৰ্বে কোহলীয়ে অনুষ্কাৰ সৈতে একেলগে শৰীৰ চৰ্চাৰ এটা ভিডিঅ' প্ৰকাশ কৰিছিল। অনুৰাগীসকলৰ সৈতে যেন ফিটনেছৰ মন্ত্ৰ ভগাই লৈছে কোহলীয়ে।

স্মৰ্তব্য যে, দেওবাৰে অনুষ্কাৰ জন্মদিন আছিল। ৩৫বছৰত ভৰি দিলে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে। পত্নীৰ জন্মদিনত কোহলীয়ে এক আৱেগিক বাৰ্তা প্ৰেৰণ কৰা দেখা গৈছিল। ইনষ্টাগ্ৰামত অনুষ্কাৰ সৈতে এখন ফটো পোষ্ট কৰি কেপচনত বিৰাটে লিখিছিল, ‘ভগৱানক ধন্যবাদ যে তোমাৰ জন্ম হৈছিল। তোমাৰ অবিহনে মই কি কৰিলোহেঁতেন মই নাজানো। বাহিৰৰ পৰা তুমি যিমান ভাল ভিতৰৰ পৰাও তুমি সিমানে ধুনীয়া।’ বিৰাটৰ পোষ্টৰ কমেণ্টত অনুষ্কাৰ প্ৰত্যুত্তৰ, ‘তুমি মোৰ কথা আৰু হৃদয় দুয়োটাই চুৰি কৰি নিলা। ’

মন কৰিবলগীয়া যে, আইপিএল চলি থকা বাবে অনুষ্কা কোহলীৰ সৈতে জৈৱ-দূৰ্গত আছে। ষ্টেডিয়ামতো দেখিবলৈ পোৱা গৈছে অনুষ্কাক। শনিবাৰে কোহলীয়ে আইপিএলৰ  চলিত চিজনত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে। সেই সময়ত অনুষ্কাক গেলেৰীত দেখা গৈছিল।কোহলীৰ উন্নত প্ৰদৰ্শনে আহ্লাদিত কৰি তুলিছিল অনুষ্কাক।হাত চাপৰিৰে কোহলীক অভিবাদনো জনায় অনুষ্কাই। যি‌ কি নহওক বিৰাট-অনুষ্কাক এনেদৰে একেলগে দেখি উচ্ছসিত অনুৰাগী। ছ’চিয়েল মিডিয়াটো বিভিন্ন কমেণ্টেৰে দুয়োকে উপচাই পেলাইছে অনুৰাগীয়ে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ