--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক একেলগে শৰীৰ চৰ্চা কৰা দেখা গৈছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ ক্ৰিকেটাৰসকলে যিখন হোটেলত আছে সেইখন হোটেলৰ জিমত একেলগে শৰীৰ চৰ্চা কৰিছে ক্ৰিকেটাৰ-অভিনেত্ৰী যুটিয়ে। অনুষ্কাৰ সৈতে শৰীৰ চৰ্চাৰ এটা ভিডিঅ' পোষ্ট কৰিছে কোহলীয়ে। কেপচনত কোহলীয়ে লিখিছে, ‘প্ৰিয়তমাৰ সৈতে মোৰ প্ৰিয় ঠাইত।’ ভিডিঅ’টিত কোহলীক ৱেইট লিফটিং কৰা দেখা গৈছে। অনুষ্কাইয়ো কোহলীৰ কাষত থিয় হৈ আছিল আৰু পাতল ওজন তুলিছিল। ইয়াৰপূৰ্বে কোহলীয়ে অনুষ্কাৰ সৈতে একেলগে শৰীৰ চৰ্চাৰ এটা ভিডিঅ' প্ৰকাশ কৰিছিল। অনুৰাগীসকলৰ সৈতে যেন ফিটনেছৰ মন্ত্ৰ ভগাই লৈছে কোহলীয়ে।

স্মৰ্তব্য যে, দেওবাৰে অনুষ্কাৰ জন্মদিন আছিল। ৩৫বছৰত ভৰি দিলে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে। পত্নীৰ জন্মদিনত কোহলীয়ে এক আৱেগিক বাৰ্তা প্ৰেৰণ কৰা দেখা গৈছিল। ইনষ্টাগ্ৰামত অনুষ্কাৰ সৈতে এখন ফটো পোষ্ট কৰি কেপচনত বিৰাটে লিখিছিল, ‘ভগৱানক ধন্যবাদ যে তোমাৰ জন্ম হৈছিল। তোমাৰ অবিহনে মই কি কৰিলোহেঁতেন মই নাজানো। বাহিৰৰ পৰা তুমি যিমান ভাল ভিতৰৰ পৰাও তুমি সিমানে ধুনীয়া।’ বিৰাটৰ পোষ্টৰ কমেণ্টত অনুষ্কাৰ প্ৰত্যুত্তৰ, ‘তুমি মোৰ কথা আৰু হৃদয় দুয়োটাই চুৰি কৰি নিলা। ’

মন কৰিবলগীয়া যে, আইপিএল চলি থকা বাবে অনুষ্কা কোহলীৰ সৈতে জৈৱ-দূৰ্গত আছে। ষ্টেডিয়ামতো দেখিবলৈ পোৱা গৈছে অনুষ্কাক। শনিবাৰে কোহলীয়ে আইপিএলৰ  চলিত চিজনত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে। সেই সময়ত অনুষ্কাক গেলেৰীত দেখা গৈছিল।কোহলীৰ উন্নত প্ৰদৰ্শনে আহ্লাদিত কৰি তুলিছিল অনুষ্কাক।হাত চাপৰিৰে কোহলীক অভিবাদনো জনায় অনুষ্কাই। যি‌ কি নহওক বিৰাট-অনুষ্কাক এনেদৰে একেলগে দেখি উচ্ছসিত অনুৰাগী। ছ’চিয়েল মিডিয়াটো বিভিন্ন কমেণ্টেৰে দুয়োকে উপচাই পেলাইছে অনুৰাগীয়ে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত